Amulya Barua Assamese Poem Bandana || assamese Medium
Assamese poem Bandana by Amulya Barua || Assamese Medium
Bondana Assamese Poem Written by Amulya Barua
অসমীয়া কবিতা বন্দনা কবি অমূল্য বৰুৱা
বন্দনা
জনম মৰণ আৰু এই ভালপােৱা
সকাম সৰগী দূতে কাণে কাণে কয়
ধৰণীত আচে যত মানৱ দেৱতা
মুক্ত সেই ধূলি পথ ধূলিৰেই জয়
আজিৰ নহয় তেওঁ শত যুগ ধৰি
সুখৰ অমিয়া ধাৰা দিলে উটুৱাই
আবেগ জুমুৰি ল’ই আধাফুটা কথা
প্রাণে প্রাণে অতীৰ সুখ সোঁৱৰাই।
গান তুমি প্রাণ ভৰি ভাল পােৱা দেই
ঘিণ তুমি মুঠে নকৰিবা
সৃষ্টিৰ মুখত ফুটা গানৰ গৌৰৱ
আজি সােণ তুমি নুবুজিবা।
মেলি থােৱা মন্দিৰৰ দুৱাৰ মুখেদি
গ’ই তুমি দেৱতা নাপালে,
চৰণৰ চাব দেখি উলটি নাহিবা
মন কৰি কুসুম পাহিলে।
দেৱতাই কোনাে দিনে ভুল কৰা নাই
কুসুমৰ কোমল সপােন
মানৱ দেৱতা বুলি নিজৰ মাজত
বিচাৰিলে দেখিবা আপােন।
তাতাে যদি একো তুমি নতুন নেদেখা
পুৰণিৰে পাতিবাচো কথা
নতুনক সোঁৱৰাই পুৰণি আহিব
নুবুজাৰ ক'ত শত ব্যথা।
নিবিচাৰি জগতৰ সাধনা সম্বল।
বিবেকৰ ভৰিটি বুলােৱা
সময়ৰ বালিচৰ পাৰ হৈ যক।
জীৱনৰ শীতল অমিয়া ঢউ
উটি মাৰ যায় সাগৰ পাৰত
সময়ে নুবুজে দেখি চিন তাৰ নাই
তুমি মই আছোঁ আজি এই ধৰণীত
কালিলৈ নাথাকিলে একোৱেই নাই
ধৰণীৰ মানৱৰ বুকুৰ বিচাৰ
মানুহেই হিয়াত নাপালে
জোনােৱালী শৰতৰ ফুলাম ৰাতিত
কিনাে হব কালিমা দেখিলে
মই নাই তুমি কিনাে মােৰেই নিচিনা
জগৰৰ কিমান আপােন
আছে তুমি যােৱা সােণ সেই বাটেদিয়ে
মিলনৰ নালাগে সপােন।
ধৰণীৰ প্রায়শ্চিত্ত মানুহেই কৰিব
জগতত তাৰ আগে আগে
মানুহক মানুহৰ আপােন বুলিলে
সেয়ে হব অধিক নালাগে।।

Comments
Post a Comment