Posts

Showing posts from September, 2020

কবি চন্দ্ৰকুমাৰ আগৰৱালা দেৱৰ পখিলা কবিতাটি|| অসমীয়া কবিতা||Assamese Famous Poem Pokhila

Image
কবি চন্দ্ৰকুমাৰ আগৰৱালা দেৱৰ পখিলা কবিতাটি|| অসমীয়া কবিতা ||Assamese Famous Poem Pokhila অসমীয়া কবিতা পখিলা কবি: চন্দ্ৰকুমাৰ আগৰৱালা  ফুটুকীয়া সাজ তােমাৰ  হেঙুলীয়া ৰেখা,  কেতেকী ৰেণুৰে ঘঁহা।  নাচনী, পখিলা।  আগলি পাতত বহি তুমি  ৰ’দ-কাঁচলি লােৱা,  ফুলৰ পাহিত আসন পাতি  ফুলৰ মৌ খােৱা।  মলয় ছাটি নাচি আহে গা  খৰ বাগৰ মাৰি,  তাতে তুমি উটি যােৱা  পুলুকাটি মাৰি।  মেঘলৈকো যােৱা দেখোঁ স্বৰ্গৰ কথা কোৱা,  দেৱকন্যাৰ খােপাত তুমি  অলংকাৰ হােৱা।  ৰ’দে ছাঁয়ে মিলি তােমাক  ধুনীয়াটি কৰে,  কুঁহিলা যেন গাটি তােমাৰ  কেনে বৰণ ধৰে।  শূন্যৰ কোলাত গা ঘেলাই  পানীত মুখ চোৱা,  পদুম ফুলৰ চকাত পৰি  তাতে মােহ যােৱা।  বনৰ মাজত পাতৰ আঁৰত।  কত তােমাৰ ঘৰ,  কোন দেশৰ প্রাণী তুমি  কলৈ মাৰা লৰ ?

কবি-পদ্মধৰ চলিহা দেৱৰ স্বদেশপ্রেম কবিতাটি|| অসমীয়া কবিতা||স্বদেশপ্রেমৰ জাতীয় চেতনাৰ কবিতা

Image
কবি-পদ্মধৰ চলিহা দেৱৰ স্বদেশপ্রেম কবিতাটি|| অসমীয়া কবিতা ||স্বদেশপ্রেমৰ জাতীয় চেতনাৰ কবিতা অসমীয়া কবিতা স্বদেশপ্রেম                  কবি: পদ্মধৰ চলিহা  ধৰেনে জনম কেৱে এই মৰতত  শিলাময় কৰি তাৰ হিয়া,  “এয়ে মােৰ জন্মভূমি” বুলি মনে মনে  এবাৰাে যি কোৱা নাইকিয়া ?  আনৰ দেশৰপৰা উলটি আহোঁতে  ফুৰি চাকি ঘৰমুৱা হৈ,  জ্বলা নাই হিয়া যাৰ স্বদেশপ্রেমেৰে  আছে নে কোনােবা এনে অ'ই?  আছে যদি এনে কোনাে এনে কাঠ-চিত  চিনি থ’বা তাক ভালকৈ,  তাৰ বাবে গায়কৰ উচ্ছাস উথলি  নুঠে তাৰ গুণ গাবলৈ।  থাকক থাকিলে তাৰ ডাঙৰ উপাধি  জগতত ফটা-ফুটা নাম,  থাকক থাকিলে তাৰ বিভূতি-বৈভৱ,  বাসনাই ঢুকি পােৱা মান।  (কিন্তু তেনে স্বার্থপৰ দুৰকপলীয়া  নাপায় খিয়াতি জনমত,  দুগুণ মৰণ ভূগি ধূলিৰ মানুহ  মিলি যাব ধূলিৰ লগত।)  কবি-পদ্মধৰ চলিহা দেৱৰ স্বদেশপ্রেম কবিতাটি|| অসমীয়া কবিতা||স্বদেশপ্রেমৰ জাতীয় চেতনাৰ কবিতা স্বদেশপ্রেম  কবি: পদ্মধৰ চলিহা  ধৰেনে জনম কেৱে এই মৰতত  শিলাম...

৬০+ সাধাৰণ জ্ঞানৰ প্রশ্ন আৰু উত্তৰ, General Knowledge Question and Answer

Image
৬০+ সাধাৰণ জ্ঞানৰ প্রশ্ন আৰু উত্তৰ, General Knowledge Question and Answer সাধাৰণ জ্ঞানৰ প্রশ্ন- উত্তৰ  ১. চৈয়দ আব্দুল মালিকে মাধৱদেৱৰ বিষয়ে লিখা পুথিখনৰ নাম কি ?  : প্রেম অমৃতৰ নদী।  ২. অসমীয়া ভাষা উন্নতি সাধিনী সভা’ৰ জন্ম কেতিয়া ক'ত হৈছিল ?  : ১৮৮৮ চনৰ ২৫ আগষ্ট, কলিকতাত।  ৩. অসম সাহিত্য সভাৰ প্ৰথমগৰাকী প্রধান সম্পাদক কোন?  : শৰৎ চন্দ্র গােস্বামী।  ৪. ভাৰত ৰত্ন উপাধি লাভ কৰা অসমৰ ব্যক্তিজনৰ নাম কি ?  : গােপীনাথ বৰদলৈ (১৯৯৯ চনত)।  ৫. অসম সাহিত্য সভাৰ প্রতীকটো কোনে আঁকিছিল ?  : যুগল দাস।  ৬. ‘চিৰচেনেহী মােৰ ভাষা জননী' এই গীতটো কোনে ৰচনা কৰিছিল ?  : সাহিত্যাচার্য মিত্ৰদেৱ মহন্তই।  ৭. পৃথিৱীৰ অসুখ’ নামৰ গল্প পুথিখন কোনে লিখিছিল?  : যােগেশ দাসে (সাহিত্য অকাডেমী বঁটাৰে পুৰস্কৃত)   ৮. ড° ভবেন্দ্রনাথ শইকীয়াৰ সাহিত্য অকাডেমী বঁটা পােৱা পুথিখনৰ নাম কি?  : শৃংখল’ (১৯৭৬)।  ৯. ‘সােণৰ খাৰু নালাগে মােক’ নামৰ উপন্যাসখনৰ লেখক কোন?  : ধীৰেন বৰুৱা।  ১০. ‘অনুৰাধাৰ দেশ’ উপন্যাসখন কাৰ ৰচনা?  : ফণীন্দ...

অসমীয়া ৰচনা অমর্ত্য সেন আৰু তেওঁৰ কর্মজীৱন || Amartya Sen || Assamese Medium

Image
Assamese Essay On Amartya Sen (অমর্ত্য সেন)    || Assamese Medium  

অসমীয়া ৰচনা বিশ্বকবি ৰবীন্দ্রনাথ আৰু তেওঁৰ কর্মজীৱন || Rabindranath Tagore || Assamese Medium

Image
Assamese Essay On Rabindranath Tagore || ৰবীন্দ্রনাথ ||Assamese Medium   Rabindranath Tagore Rabindranath Tagore Essay In  Assamese || Assamese Medium  

অসমীয়া ৰচনা নেতাজী সুভাষচন্দ্র বসু আৰু তেওঁৰ কর্মজীৱন || Netaji Subhas Chandra Bose ||Assamese Medium

Image
Assamese Essay On Netaji Subhas Chandra Bose || নেতাজী সুভাষচন্দ্র বসু || Assamese Medium   Subhas Chandra Bose Netaji Subhas Chandra Bose Essay In  Assamese || Assamese Medium  

অসমীয়া ৰচনা শ্ৰী শ্ৰী মহাপুৰুষ মাধৱদেৱ আৰু তেওঁৰ কর্মজীৱন || Madhav Dev || Assamese Medium

Image
Assamese Essay On Madhav Dev || শ্ৰী শ্ৰী মহাপুৰুষ মাধৱদেৱ || Assamese Medium   Madhav Dev Madhav Dev Essay In  Assamese || Assamese Medium

অসমীয়া ৰচনা জৱাহৰলাল নেহৰু আৰু তেওঁৰ কর্মজীৱন ||Jawaharlal Nehru|| Assamese medium

Image
Assamese Essay On Jawaharlal Nehru || জৱাহৰলাল নেহৰু || Assamese Medium   Jawaharlal Nehru Essay In  Assamese Jawaharlal N ehru  

100+ অসমীয়া বিপৰীত শব্দ/বিপৰীতাৰ্থক শব্দ (Antyonms/Opposite Words In Assamese) || Assamese Medium

100+ অসমীয়া বিপৰীত শব্দ/বিপৰীতাৰ্থক শব্দ   (Antyonms/Opposite Words In Assamese) || Assamese Medium    a   অ অধীন মুক্ত, স্বাধীন অতিবৃষ্টি অনাবৃষ্টি অলপ বেছি অমৃত গৰল অভ্যাস অনভ্যাস অভাৱ উভৈনদী অনুৰাগ বিৰাগ অনুকূল প্ৰতিকূল অধম উত্তম

ডঃ সর্বেপল্লী ৰাধাকৃষ্ণণ-জীৱন কাহিনী, শিক্ষা, জন্ম, কৃতিত্ব

Image
 ডঃ সর্বেপল্লী ৰাধাকৃষ্ণণ-জীৱন কাহিনী, শিক্ষা, জন্ম, কৃতিত্ব  ডঃ সর্বেপল্লী ৰাধাকৃষ্ণণ শিক্ষকৰূপে গৌৰৱময় কৃতিত্ব অর্জন কৰা, পৃথিৱীৰ সাংস্কৃতিক চিন্তাৰ ক্ষেত্ৰত ডঃ সর্বেপল্লী ৰাধাকৃষ্ণণৰ অৱদান অসামান্য; দর্শন-জগতত তেওঁৰ আসন মহিমামণ্ডিত। দার্শনিক আৰু চিন্তানায়ক ৰূপে এইগৰাকী ভাৰতীয় মনীষীৰ খ্যাতি জগতজোৰা। অৱশ্যে শংকৰাচাৰ্য্য নাইবা চক্ৰেটিছ, প্লেটো যি অর্থত দার্শনিক সেই অর্থত ৰাধাকৃষ্ণণ নহয়,—বাট্রাণ্ড ৰাছেলাে নহয়। ৰাধাকৃষ্ণণৰ দৰ্শনক আধ্যাত্মিক মানৱতাবাদ বা আদর্শবাদী দর্শন বুলিও অভিহিত কৰিব পাৰি। তেওঁ পােষকতা কৰা মতবাদৰ মূলসূত্র হ’ল মানৱৰ আধ্যাত্মিক পুনৰুজ্জীৱন—শিক্ষক, লেখক, বক্তাৰূপে তেওঁ এই কথাত গুৰুত্ব আৰােপ কৰিছে। প্রায় ৬০ বছৰৰ আৱৰ্তত ৰাধাকৃষ্ণণে প্রণয়ন কৰা দর্শন-ধর্মতত্ত্ব-সংস্কৃতি-সমাজ-ব্যক্তি প্রভৃতি বিষয়ক গ্রন্থৰ সংখ্যা হ’ব প্রায় আঢ়ৈ কুৰিখন; ইয়াত বাদেও বিবিধ বিষয়ক প্রবন্ধ-নিবন্ধ বিভিন্ন আলােচনী-পত্রিকাত সিচৰতি হৈ আছে। তেওঁৰ ৰচনাৱলীৰ বিষয়বস্তুৰ গভীৰতা আৰু বিষয়-সূচীৰ ব্যাপকতাই আমাক বিস্ময়াভিভূত কৰে, লেখকজনাৰ মেধা-পাণ্ডিত্য অনুসন্ধিৎসা-অন্তদৃষ্টিয়ে আমাক মুগ্ধ কৰ...

ৰাঙলী বুঢ়ীৰ দান_কবি-বিনন্দ চন্দ্ৰ বৰুৱা_অসমীয়া কবিতা_Assamese Famous Poem

Image
ৰাঙলী বুঢ়ীৰ দান_কবি-বিনন্দ চন্দ্ৰ বৰুৱা_অসমীয়া কবিতা_Assamese Famous Poem Written by Binandra Chandra Baruah অসমীয়া কবিতা   ৰাঙলী বুঢ়ীৰ দান  কবি: বিনন্দ চন্দ্ৰ বৰুৱা  অ’ ৰঙামুৱা, অ’ ৰঙামুৱা চোতাল পালেহি মান, জামুগুৰি চাপৰিত গি্ৰজনি মাৰিছে, চিঞৰত ফালিছে কাণ৷ মানৰ ৰণ-চালি কিনো তালি ভুলি, কিনো নিঠৰুৱা প্ৰাণ, স্বৰ্গদেউ ঈশ্বৰৰ, সোণৰ দেশ ভাঙিছে, গচকত ভাঙিছে ধান৷ গগৈ সেনাপতি অকলে অাহিছে, চাপৰিত পাতিব ৰণ; যোৰহাট নগৰত স্বৰ্গদেউ ঈশ্বৰে, খৰকৈ গুণিছে ক্ষণ৷ অসমীয়া সেনা তেনেই তাকৰীয়া, তথাপি জীৱন পণ, ৰাখিব লাগিব সোণৰ অসম, দেশৰ জীৱন ধন৷ বনৰ বন-ৰজা, মানৰ শতৰু, দেশ ৰাখিবৰ হই; সিবাৰ গৰু নিলে, কোঠাত সোমাই, মানকো কামুৰি থই৷ অ’ ৰঙামুৱা, দুখুনী বাঁৰীৰ, এটি অাঁচলৰ ধন, তথাপি লাগিব, যুঁজলৈ যাব, থৌকি বাথৌ মন৷ উঠ ৰঙামুৱা, ফেহুঁজালি দিলে, শুবৰ সকাম নাই, দা- যাঠী লৈ, যা লৰা লৰি, বেগতে এমুঠি খাই৷ ৰাতিতে যতনাই ৰাখিছোঁ কৱচ, পিন্ধিব পাৰিবি তই মানৰ যুজঁত পিতাৰা ঢুকাল, যুঁজলৈ কিহৰ ভয়? এইদৰে কৈ, ৰাঙলী বুঢ়ীয়ে, ৰঙাক যুঁজলৈ পাচি, জীৱন মৰণ ভৰিৰে গচকি যশ মান ল’লে বাচি ।

অসমীয়া ৰচনা তােমাৰ প্রিয় সাহিত্যিক || Assamese Essay || Assamese Medium

Image
অসমীয়া ৰচনা তােমাৰ প্রিয় সাহিত্যিক || Assamese Essay Your Favorite Writer ||2021   অসমীয়া ৰচনা তােমাৰ প্রিয় সাহিত্যিক  কবি   নলিনীবালা   দেৱী  

Assamese Essay On Favorite Book (প্রিয় গ্রন্থ) || Assamese Medium

Image
Assamese Essay On Favorite Book (প্রিয় গ্রন্থ)   || Assamese Medium   Favorite Book Favorite Book ( প্রিয় গ্রন্থ) Essay In Assamese    

Assamese Essay Book Fair (গ্রন্থমেলা)||Short Notes On Book Fair || Assamese Medium||2021

Image
Assamese Essay Book Fair (গ্রন্থমেলা)     || Assamese Medium Book Fair Book Fair (গ্রন্থমেলা) Essay In Assamese