Assamese Essay Book Fair (গ্রন্থমেলা)||Short Notes On Book Fair || Assamese Medium||2021

Assamese Essay Book Fair (গ্রন্থমেলা)   || Assamese Medium

Assamese Essay On Book Fair (গ্রন্থমেলা)   || Assamese Medium
Book Fair

Book Fair (গ্রন্থমেলা) Essay In Assamese

 


অসমীয়া ৰচনা গ্রন্থমেলা

 

গ্রন্থমেলা:

গ্রন্থ মানব জীৱনৰ অমূল্য সম্পদ। সভ্যতাৰ বিকাশত যুগে যুগে গ্রন্থই গ্রহণ কৰে বৰণীয়া ভূমিকা। গ্রন্থই ৰচনা কৰে মানসিক সেতুবন্ধন।

 

গ্রন্থ আৰু গ্রন্থমেলা:

মানুহৰ জীৱনত গ্রন্থৰ প্ৰভাৱ অপৰিসীম। কিতাপ নথকা ঘৰক খিৰিকীহীন কোঠাৰ লগত তুলনা কৰা হয়। সেইবাবে গ্ৰন্থৰ মেলা হ’ল জ্ঞান-বিস্তাৰৰ মেলা। গ্রন্থমেলা লেখক, পাঠক, প্রকাশকৰ মিলনভূমি। লেখকে কিতাপ লিখি দিয়ে, প্রকাশকে তাক ৰুচিসন্মতভাৱে ধুনীয়াকৈ নির্ভুলভাৱে ছপাই বন্ধাই উলিয়াব লাগে আৰু পাঠকে তাক কিনি পঢ়িব লাগে। এই তিনিওৰে উপযুক্ত সংযােগ নহ'লে ভাল গ্রন্থ নােলায়।

 

 

বিশ্বৰ বিভিন্ন গ্রন্থমেলা:

গ্রন্থমেলাই গ্রন্থ-চেতনা সৃষ্টি কৰে। গ্রন্থমেলাত কিতাপৰ বিনিময়, পাঠকে একেঠাইতে বিচৰা কিতাপ পােৱাৰ সুবিধা লাভ কৰে, পৃথিৱীৰ বিভিন্ন ঠাইত বৃহৎ বৃহৎ গ্রন্থমেলা অনুষ্ঠিত হৈ থাকে। বছৰে দুবছৰে এনেবােৰ মেলা বহে। সিবােৰত কোটি-কোটি টকাৰ গ্ৰন্থ বিক্রী হয়। নেদাৰলেণ্ডত প্রতি বছৰে ১ নিযুত গ্রন্থ বিক্রী হয় বুলি জনা যায়। দ্বাদশ বিশ্ব গ্রন্থমেলাত ২০ কোটিৰাে অধিক টকাৰ কিতাপ বিক্রী হােৱা বুলি প্রকাশ। আন্তর্জাতিক পর্যায়ৰ গ্রন্থমেলা অনুষ্ঠিত হয় ফ্রাংকফুর্ট, মস্কো, কাইৰাে, লণ্ডন, চিংগাপুৰ, মেনিলা, বাহৰেইণ আদি ঠাইত, তদুপৰি মেক্সিকো, আংকাৰা, ত্রিনিদাদ আৰু টবেগাে, জিম্বাবুৱে, হাভানা, কুৱালালামপুৰ, মৰিছাছ, বেলগ্রেড্, খার্তুম, ঢাকা আদিতাে বিশাল গ্রন্থমেলা হয়। ভাৰতে সেইবােৰত অংশগ্রহণ কৰি আহিছে।

 

 

অসমৰ গ্রন্থমেলা:

গ্রন্থ প্রকাশনৰ ক্ষেত্ৰত পৃথিৱীৰ ভিতৰত ভাৰতৰ স্থান পঞ্চম। সেইবাবে এই শতিকাৰ তৃতীয় দশক মানৰ পৰাই ভাৰতৰ বিভিন্ন ঠাইত গ্রন্থ বিক্ৰীৰ সৰু বৰ উদ্যোগে গঢ় লৈ উঠিছিল। মেলা জাতীয় অনুষ্ঠানতাে গ্রন্থ বিক্ৰী আৰম্ভ হৈছিল। কেৰেলা, পশ্চিমবংগ, ত্ৰিপুৰা, আদিত হােৱা গ্রন্থমেলাবােৰে এতিয়া বিশেষ সমাদৰ লাভ কৰিছে। উত্তৰ পূৰ্বাঞ্চলৰ ত্ৰিপুৰা, মেঘালয় আৰু অসমত বছৰি গ্রন্থমেলা হয়।

 

 

ভাৰতৰ গ্রন্থমেলা:

জাতীয় গ্রন্থ ন্যাসে (National Book Trust) গ্রন্থ প্রকাশ আৰু প্ৰসাৰত আদৰণীয় ভূমিকা পালন কৰি আহিছে। গ্রন্থমেলা আয়ােজন কৰি এই সংস্থাটোৱে কৃতিত্ব অর্জন কৰিছে। অসমত অসম সাহিত্য সভাৰ অধিৱেশনবােৰৰ লগত কিতাপৰ মেলা বহাৰ নিয়ম। পিছে শেহতীয়াকৈ আনন্দমেলাৰ প্রকোপত কিতাপৰ বিক্ৰী নােহােৱাৰ নিচিনাই। অসমত প্রথম গ্রন্থমেলা বুলিলে ১৯৭৮ চনত নগাঁৱৰ নেহেৰুবালিত হােৱা মেলাৰ কথা কোৱা হয়। পিছে বহলকৈ আনুষ্ঠানিক গ্রন্থমেলা হৈছিল গুৱাহাটীতে ১৯৮৪ চনৰ ২৯ ডিচেম্বৰৰপৰা অসম প্রকাশন পৰিষদ ৰূপালী জয়ন্তী উপলক্ষে। এন. বি. টি-ৰ সহযােগত সুচাৰুৰূপে কৃতকার্যতাৰে এই গ্রন্থমেলা অনুষ্ঠিত হৈছিল। এতিয়াও বছৰৰ শেষত গুৱাহাটীত এইখন গ্রন্থমেলা হৈ আছে। কিন্তু তাৰ আগৰ প্রাচুর্য হেৰাই গৈছে। আনহাতে ১৯৯৮ চনৰপৰা উত্তৰ পূৰ্বাঞ্চলৰ আন্তর্জাতিক (NEBF) গ্রন্থমেলাখনে পাঠকৰ বিশেষ সমাদৰ লাভ কৰি আহিছে।

 

 

গন্থমেলাৰ আকর্ষণ:

অসমৰ আন আন ঠাইতাে গ্রন্থমেলা হ'বলৈ ধৰাটো সুখৰ কথা। আজি কিছুদিন ধৰি যােৰহাট, শিৱসাগৰ, দুলিয়াজান, তিনিচুকীয়া, বঙাইগাঁও, বৰপেটা, গােৱালপাৰা আদিত আনুষ্ঠানিক গ্রন্থমেলা হৈছে। কোনো কোনো প্রকাশকে নিজাববীয়াকৈ গ্রন্থমেলা পতাও দেখা যায়। দুবছৰমান আগতে এন. বি. টি-ৰ উদ্যোগত চলন্ত গ্রন্থমেলা অসমৰ বহু ঠাইত হৈছিল।

 

গ্রন্থমেলাৰ লগত আলােচনা চক্রকে ধৰি কিছুমান সাহিত্য অনুষ্ঠানৰো আয়ােজন কৰা হয়। মই নিজে তেনে অনুষ্ঠান উপভােগ কৰি উপকৃত হৈছাে। ছাত্র-ছাত্রীৰ উপযােগী অনুষ্ঠান সৰহকৈ দিব পাৰিলে ভাল হ'ব।

 

 

সামৰণি:

এটা অভিযােগ শুনা যায় যে গ্রন্থমেলা বেছি হৈছে কিন্তু নতুন কিতাপৰ সংখ্যা তেনেদৰে বঢ়া নাই। অসমৰ জাতীয় উন্নতিৰ বাবে প্রকাশকসকলে পাঠকৰ বাবে নতুন নতুন গ্রন্থ যােগান ধৰিব লাগিব। প্রসিদ্ধ লেখক হােমেন বৰগােহাঞিয়ে কিতাপক “জীৱনৰ সঞ্জীৱনী সুধা” বুলিছে। সেই বাবে আমাক প্রতি বছৰে নতুন নতুন ভাল কিতাপ লাগে। তাৰ ঠাইত একেবােৰ কিতাপকে দেখি থাকিলে গ্রন্থমেলাৰ প্ৰতি পাঠকৰ আকর্ষণ নােহােৱা হ'ব। গ্রন্থমেলাৰ আয়ােজনতাে বিজ্ঞজনহে থকা উচিত। সম্পূর্ণ ব্যৱসায়িক স্বার্থত এনে মেলা পাতিলে গ্রন্থ-গ্রন্থকাৰ অথবা পাঠক কাৰাে কল্যাণ নহয়



Short Book fair Essay


Assamese Essay list:

Amartya Sen
Rabindranath Tagore
Netaji Subhas Chandra Bose
Madhav Dev
Jawaharlal Nehru


Comments

Popular posts from this blog

অসমীয়া যুক্তাক্ষৰ | যুক্তাক্ষৰ যুক্ত শব্দ গঠন কৰা | অসমীয়া ব্যাকৰণ |Assamese Medium

Amulya Barua Assamese Poem Bandana || assamese Medium

ৰঘুনাথ চৌধাৰীৰ কবিতা All Assamese Poems of Raghunath Choudhary