Assamese Essay On Pranab Mukherjee|| Assamese Medium

Assamese Essay On Pranab Mukherjee|| Assamese Medium

Assamese Essay On Pranab Mukherjee|| Assamese Medium


Pranab Mukherjee Essay In Assamese

অসমীয়া ৰচনা ভাৰতৰ ত্রয়ােদশ ৰাষ্ট্রপতি প্রণৱ মুখার্জী

 

 

ভাৰতৰ ত্রয়ােদশ ৰাষ্ট্রপতি প্রণৱ মুখার্জী

 

আৰম্ভণি:

২০১২ চনৰ ২৫ জুলাই তাৰিখত পূর্বৰ ৰাষ্ট্রপতি প্রতিভা দেৱী সিং পাটিলৰ ঠাইত প্ৰণৱ মুখার্জীয়ে ভাৰতৰ ত্রয়ােদশ ৰাষ্ট্রপতি হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে। ইন্দিৰা গান্ধীৰ দ্বাৰা ভাৰতীয় জাতীয় কংগ্ৰেছলৈ অহা ৰাজনীতিজ্ঞ প্ৰণৱ মুখার্জ। ভাৰতীয় গুণী-জ্ঞানীসকলৰ ভিতৰত আন এক সুৰভিত কুসুম

 

জন্ম, শৈশৱ, শিক্ষা আৰু বিবাহ:

বর্তমান পশ্চিমবংগৰ বীৰভূম জিলাৰ মিৰাতি নামৰ গাঁৱত ১৯৩৫ চনৰ ১১ ডিচেম্বৰৰ দিন প্ৰণৱ মুখার্জীয়ে জন্মগ্রহণ কৰে। এটা ব্রাহ্মণ পৰিয়ালৰ কামদাকিংকৰ মুখাৰ্জীৰ ঔৰসত আৰু ৰাজলক্ষ্মী মুখার্জীৰ গৰ্ভত প্রণৱ মুখার্জায়ে জন্মগ্রহণ কৰে। পিতৃ কামদাকিংকৰ আৰু মাতৃ ৰাজলক্ষ্মীৰ সুযোগ্য সন্তান আজি ভাৰত ৰাষ্ট্রৰ মুৰব্বী

 

নিজৰ জন্মস্থান মিৰাতি গাঁৱতে স্কুলীয়া শিক্ষা গ্রহণ কৰি প্রণব মুখার্জীয়ে বিদ্যাসাগৰ কলেজৰ পৰা কলেজীয়া শিক্ষা গ্রহণ কৰে আৰু কলিকতা বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞান আৰু বুৰঞ্জী বিষয়ত স্নাতকোত্তৰ ডিগ্রী লাভ কৰি সেইখন বিশ্ববিদ্যালয়ৰ পৰাই এল এল বি ডিগ্রী লাভ কৰে। ১৯৫৭ চনত তেওঁ শুভ্রা মুখার্জীৰ লগত বিবাহপাশত আৱদ্ধ হয় আৰু তেওঁলােক দুটি 'ৰা আৰু এজনী ছােৱালীৰ পিতৃ-মাতৃ হয়

প্ৰণৱ মুখার্জীৰ ৰাজনৈতিক কেৰিয়াৰ আৰম্ভ হৈছিল ১৯৬৯ চনত, যেতিয়া তেওঁক ইন্দিৰা গান্ধীয়ে ভাৰতীয় জাতীয় কংগ্ৰেছলৈ আনিছিল। তেতিয়াই তেওঁ ৰাজ্যসভাৰ সদস্য হিচাপে প্ৰথমবাৰৰ বাবে নির্বাচিত হয়। ইয়াৰ পাছতাে ১৯৭৫, ১৯৮১, ১৯৮৩ আৰু ১৯৯৯ চনত ৰাজ্যসভাৰ সদস্য হিচাপে পুনৰ নির্বাচিত হয়। ১৯৭৩ চনৰ পৰা ১৯৭৮ চনলৈকে তেওঁ ঔদ্যোগিক বিকাশ মন্ত্রী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে। ১৯৭৪ চনত ইউনিয়ন মিনিষ্টাৰ অব শ্বিপিং এণ্ড ট্রেন্সপৰ্ট, ১৯৭৪-৭৫ চনত বিত্তমন্ত্রী, ১৯৭৫-৭৭ চনত ইউনিয়ন মিনিষ্টাৰ অব ৰেভিনিউ এণ্ড বেংকিং, ১৯৮২-৮৪ চনত পুনৰ বিত্তমন্ত্রী, ১৯৮৪ চনত ইউনিয়ন মিনিষ্টাৰ অব কমার্চ এণ্ড চাপ্লাই, ১৯৯৩-৯৫ চনত পুনৰ ইউনিয়ন মিনিষ্টাৰ অৱ কমার্চ, ১৯৯৫-৯৬ চনত আৰু ২০০৬-০৯ চনত ইউনিয়ন মিনিষ্টাৰ অৱ এক্সাটার্ণেল এফেয়ার্চ, ২০০৪-০৬ চনত ইউনিয়ন মিনিষ্টাৰ অৱ ডিফেন্স আৰু ২০০৯-১২ চনত পুনৰ বিত্তমন্ত্রী হিচাপে দায়িত্ব গ্রহণ কৰে। ২০১২ চনত তেওঁ ভাৰতৰ ৰাষ্ট্রপতি হিচাপে কার্যভাৰ গ্ৰহণ কৰে

 

ব্যাক্তিগত জীৱন:

গান শুনা, কিতাপ পঢ়া আৰু বাগিচাৰ কাম কৰাই প্ৰণৱ মুখার্জীৰ প্রধান অভিৰুচী। প্রতিবছৰে তেওঁ জন্মগ্রহণ কৰা গাঁওখনত দুর্গাপূজা পালন কৰে আনকি ৰাষ্ট্রপতি হৈও নিজেই পুৰােহিত হৈ দুর্গাপূজা কৰে

 

লেখক হিচাপে প্ৰণৱ মুখার্জী:

সুনিপুণ ৰাজনীতিজ্ঞ আৰু ৰাজনৈতিক নেতা প্রণৱ মুখার্জী এগৰাকী বিশিষ্ট লেখকো। ভাৰতীয় অর্থনীতিৰ বিষয়ত ইতিমধ্যে তেওঁৰ দ্বাৰা ৰচিত কেইবাখনাে গ্রন্থ প্রকাশ পাইছে। সেইবােৰৰ ভিতৰতমিড টার্ম ’, ‘বিয়ণ্ড চার্ভাইভেল’, 'এমাজিং ডাইমেনচন অৱ ইণ্ডিয়ান ইক'নমি', 'অৱ দ্যা ট্রেক’, ‘চেলেঞ্জ বিফৰ দ্যা নেচন আদি অন্যতম

 

সামৰণি:

ভাৰতৰ ৰাজনৈতিক ইতিহাসত এটা লেখত 'বলগীয়া নাম প্রণৱ মুখার্জী। তেওঁৰ ৰাজনৈতিক অৱদানে ভাৰতৰ ৰাষ্ট্ৰীয় পৰ্যায়ত নিঃসন্দেহে এক বিশেষ ভূমিকা গ্রহণ কৰিছে। বর্তমান ভাৰতৰ প্রথম নাগৰিক এই ব্যক্তিগৰাকীৰ জীৱন পৰিক্ৰমা বহুজনৰ বাবে অনুপ্ৰেৰণা আৰু এক আদর্শস্বৰূপ

 

Short Notes On About Pranab Mukherjee 

 

Pranab MukherjeeShort Assamese Biography

 

 

Comments

Popular posts from this blog

অসমীয়া যুক্তাক্ষৰ | যুক্তাক্ষৰ যুক্ত শব্দ গঠন কৰা | অসমীয়া ব্যাকৰণ |Assamese Medium

Amulya Barua Assamese Poem Bandana || assamese Medium

ৰঘুনাথ চৌধাৰীৰ কবিতা All Assamese Poems of Raghunath Choudhary