DevaDakhi-Atulchandra Hazarika || Assamese Poem || Assamese Poem
Devadakhi Assamese poem by Atulchandra Hazarika
অসমীয়া কবিতা দেৱদাসী কবি অতুলচন্দ্ৰ হাজৰিকা
Devadakhi Poem In Assamese by Atulchandra Hazarika
দেৱদাসী
ব্যৰ্থ-ভৰা জীৱনৰ পুঞ্জীভূত
বেদনা বিপুল
নিবেদিছোঁ চৰণত, এই মোৰ
চৰণ আকুল |
যদিও জীৱন ব্যৰ্থ, তথাপিতো
তুমি স্বামী মোৰ
বুজা নাই একো অৰ্থ,
হিয়া মোৰ বিষাদেৰে পূৰ
|
নাচোনৰ ছেৱে ছেৱে, সঙ্গীতৰ
প্ৰতি লহৰত
একোটি মাথোন সুৰ বাজি
উঠে হৃদয়-বীণত |
ভাষা নাই বুজাবৰ অশ্ৰুময়
কৰুণ কাহিনী,
হে দেৱতা, হে পাষাণ
শুণা শত শোকৰ ৰাগিনী
|
নহওঁ পৱিত্ৰ মই, দাসী
মই, সেৱকী তোমাৰ,
তাতকৈ বেছি জানো পাব
পাৰো কিবা আধিকাৰ?
জগতৰ স্বামী তুমি, মোৰ
স্বামী হবা সেই বুলি,
দোষ মোৰ কপালৰ, আছে
বহু কলঙ্কৰ মলি |
পবিত্ৰ অন্তৰলৈ নোৱাৰিলো সেৱিব চৰণ,
জানা তুমি কোন দোষী,
মোৰ দোষ – সি বাবে
পতন |
ভুলৰ হুলেৰে হনা কলূষিত
গোতেই জীৱন,
নিতউ সন্ধিয়া বেলা হয় তাৰে
অৰ্ঘ্য বিৰচন |
আৰতিৰ ডবা-কাঁহ, শঙ্খ
ঘন্টা যিমানে বাজিব,
মোৰ ই বেদনা ধ্বনি
তাতকৈ দুগুনে চৰিব|
তোমাৰ পুজাৰ ফুল, ভোমোৰাই
মউ চুহি খোৱা,
নিচেই আজলী ফুল, তাকে
ভাবি তুমি লোৱা|
সেই দৰে হে নিঠুৰ,
লবা তুমি মোক নিঘিণায়,
মিলি যাম তোমাতেই, পাপ
জন্ম নলওঁ দুনাই |
সেয়ে হলে দুখ নাই,
ব্যাথা আৰু নেথাকে বেদনা,
নটী মই, নাচি নাচি
পাষানৰ লভিম কৰুণা|
অবিচাৰ জগতৰ – নকৰিবা তুমি
অবিচাৰ;
লবা যেন নিঘিণায় হৃদয়ৰ
ষোড়োষোপচাৰ |
লবই লাগিব তুমি মোৰ
এই ভক্তি ভৰা ফুল;
জীৱনৰ যৌৱনৰ ব্যথৰ্তাৰ তুমিয়েই
মূল |
- অতুল চন্দ্ৰ হাজৰিকা
Assamese Poems By Atulchandra Hazarika

Comments
Post a Comment