Hundor Hukh Written By Amulya barua ||Assamese poem || Assamese Medium
Assamese Poem Hundor Hukh Written By Amulya Barua || Assamese Medium
Hundor Hukh Assamese poem by Amulya Barua
অসমীয়া কবিতা সুন্দৰ সুখ কবি অমূল্য বৰুৱা
সুন্দৰ সুখ
কোনেনাে বজালে বাঁহীটি কালি
সুৰ সুষমাৰ লহৰ তুলি
হিয়াই হিয়াই মিলি জুলি
গােপন পৰত ঐ।
কোনাে কাহানিৰ আবেগ ভৰা
অভিমানত সপােন সৰা
কোন প্রাণৰ সমল হৰা
সুৰ চানেকী লই।
বুকুৰ ব্যথা বুকুৰ কথা
মনে প্রাণে সুৰে গঁঠা
কিবা এটি কিবা কথা
কাণে কাণে থই।
দুৱৰীয়ে দুৱাৰ মুখত
আপােন ভুলা প্রাণৰ সুখত
কাৰনাে বাৰু সুৰ শুনিলত
থমকি থমকি ৰ’ই।
কোন বলিয়াই বজায় বাঁহী
ভবা কথা বুকুত ভাঁহি
হিয়া ভৰি হাঁহি হাঁহি
মৰম কণা লয়।
নিজেই হাঁহি বজায় বাঁহী
নিজৰ প্ৰাণত নিজেই ভাঁহি
কপাই কঁপাই ওঁঠৰ পাহি
নিজেই নিজৰ প্রাণ।
মিছাকৈয়ে লােকক সােধে
কোনে জানে? কোনে বুজে?
প্ৰাণৰ সুৰ প্ৰাণক সুজে
কৰি অভিমান!
কোনে বুজে কিয় বাজে
মনে প্রাণে কিয় ৰাজে
মিলি জুলি সুৰে সাজে
আলােক সােণাই প্রাণ।
কোনে বুজে কিয় আনে।
সুখৰ সপােন প্রাণে প্রাণে
কদম তলৰ কাণে কাণে
মােহন বাঁহীৰ তান।
সপােন জালত মনে মনে
ঘূৰি ফুৰোঁ বনে বনে
কিয় জানাে ঘনে ঘনে
মুখত ফুটে গান।
বুকুত চপাই ফুলৰ কলি
ওঁঠে চুমাই পৰি ঢলি
হেঁপাহ পুৰাই মনৰ অলি
সুখৰ অভিমান।
আৰু কিবা লগে লগে
হিয়াখনি ভাগে ভাগে
কোনে বুজে আগে আগে
কিনাে লৰি যায়।
সােণৰ হৰিণ ডিঙি ভাঙি
চকু যুৰি দাঙি দাঙি
মনত কিনাে কথা পাতি
ঘূৰি ঘূৰি চায়।
ৰামে সীতাই কথা পাতে
কাণে কাণে বাটে-ঘাটে
ফুলে ফুলে জানে জানে
ফুটে কিহৰ মাত।
সপােন ভাঙি সপােন ৰচে
চকুৰ পানী কিয় মচে
পাতে পাতে গছে গছে
কিনাে সুৰৰ জাত।
চিত্রলেখাই ছবি আঁকে
লিখনিয়ে পাকে পাকে
প্রেমৰ মােহন ৰহণ বাকে
বুকুত লগাই বােল।
কোনে জানে সােণৰ ছবি
কেতিয়াকে পূৰা হবি
উষাই তাকে ভাবি ভাবি
ফুলাই আশাৰ ফুল।
পদুম পাতত ছবি আঁকি
গােপন হিয়াৰ সপােন চাকি
চকুৰ পানী কোনে বাকী
দিয়ে হিয়া দান।
চালি ধৰ মৰা পখী
ক'ত কিনাে কলে সখী
অকলশৰে বহি বহি
কিয় জানাে নিজে নিজে
ললে অভিশাপ।
তাহানিৰ আঙুঠিটি
মনৰ কথা আছিল সিটি
সিও গল কেনি উটি
কিনাে জানাে পাপ।
সোঁতে সোঁতে উটি উটি
গুচি গলে হিয়া দুটি
কত কথা মনত ৰাখি
আনিম বুলি প্রাণ।
কত কথা বলে সুধি
পিছে পিছে সাজি বুদ্ধি
আৰু মাথাে এটি বাকী
প্রাণক প্ৰাণৰ দান ॥
সপােন দেখি সপােন লেখি
সুৰে সুৰে ময়াে সখী
মেলি দিলাে মৰম পাখী
কিবা এটি পাম।
কিয় জানাে নিঠুৰ বেলা
আশাৰ শেষৰ খেলা
মনে মনে পাহি মেলা
কিনাে আজি চাম।
কোনে জানাে ভাঙি সপােন
খুলি দিলে হিয়াৰ দাপােণ
মৰম সনা ছবি আপােন
অকণি হিয়াৰ দান।
তুমি সখী নহয় তুমি
ময়াে কিবা চুমা চুমি
কিহৰ জানাে জুমা জুমি
হায়! কান্দি উঠে প্রাণ।।
-অমূল্য বৰুৱা

Comments
Post a Comment