Posts

Showing posts from October, 2020

100+ Unique Gk On Biology || General Knowledge || Assamese Medium

100+  Unique Gk On Biology || Pro Assam   1 Write an example of serendipity. ? Ans: Discovery of penicillin by Fleming. 2.What do you mean by Hydroponics ? Ans: Plant growth in liquid culture medium. 3.What is the technique of separation of disrupted cell components? Ans: Fractionation 4.What is EM? Ans: Electron microscope. 5.Name two monocarpic plants which show gregarious flowering? Ans: Bambusa tulda, Melocanna bambusoides. 6.Under what system, organisms are provided with scientific means ? Ans: Binomial nomenclature. 7.What is the name of that branch of Biology which devoted to identifying, naming and classifying organisms? Ans: Taxonomy 8.Who was the author of ‘Man’s place in nature’? Ans: Huxley 9.Both living and the non-living are made of same elements and are governed by the similar physical laws. In which respect are they different? Ans: Level organization. 10.Expand the TMV. ? Ans: Tobacco Mosaic Virus.

কবি নৱকান্ত বৰুৱাৰ উৰণীয়া তৰা কবিতা- Assamese poem Uronia Tora by famous poet Nabakanta Baruah

কবি নৱকান্ত বৰুৱাৰ উৰণীয়া তৰা কবিতা- Assamese poem Uronia Tora by  famous poet Nabakanta Baruah উৰণীয়া তৰা কবি- নৱকান্ত বৰুৱা চোৱাচোন বাৰু আই ৰুমী ভনীটিয়ে              উৰণীয়া তৰা কতাে হেনাে দেখা নাই। সদায় সন্ধিয়া                শই শ‍ই আহি পথাৰ উপচি যায় ; কি যে বেঙী তাই      কবকে নােৱাৰোঁ তথাপিতাে দেখা নাই, ৰুমী বৰ বেঙী ভাই। পপীয়া তৰাৰ           কথা কোৱা নাই সেইবােৰ হেনাে শিল ; দ্বীপেন চাৰক          তেনেকৈ নক'লে দিয়ে জানা থিয় কিল! এইবােৰ আন কিবা মই দিছোঁ নাম              উৰণীয়া তৰা আৰু কিনাে নাম থ’বা ? নহয় নহয় আই! দেউতাই কোৱা             ফ্লাইং ছছাৰ তাৰাে কথা কোৱা নাই ! সেইবােৰ মই  ...

বিষাদ কবিতা ৰঘুনাথ চৌধাৰী দেৱৰ- Assamese famous Poem Bikhad by Raghunath Choudhary

Image
বিষাদ কবিতা ৰঘুনাথ চৌধাৰী দেৱৰ- অসমীয়া কবিতা-Assamese famous Poem Bikhad by Raghunath Choudhary- বিষাদ কবিতা বিষাদ কবি- ৰঘুনাথ চৌধাৰী পুষ্প-কাননত আছিল এজুপি ধুনীয়া শেৱালি ফুল, ধীৰ বতাহত হইছিল ধৰা গােন্ধতে আমােলমােল। আকাশী নর্তকী খঞ্জনী অপ্সৰা বিচিত্র কাচোনে কাচি, বিহৰ-বিধুৰা প্ৰকৃতিবালাক দিছিল অমিয়া যাচি। নিষ্ঠুৰ নিদাঘ আহিল যিদিনা সকলাে পৰিল জয়, সৰি গ'ল ফুল উৰি গ'ল পখী জগত বিষাদময়। আকৌ এদিন আহিব শৰৎ হাঁহিব শেৱালি পাহি, ঠেও ধৰি ধৰি কৰিব নর্তন খঞ্জনী পখীটি আহি। হ’ব কুসুমিত কুসুমাভৰণা কুসুম কাননখনি, ধীৰ সমীৰণে কুসুমে কুসুমে দিব পৰিমল সানি, কিন্তু মােৰ সেই মানস কুসুম গইছে যিদিনা সৰি, সৌন্দর্য-পৰাগশূন্য হিয়াখনি নুঠে আৰু ঠন ধৰি।

জানিবলগীয়া বহু কথা||বিজ্ঞানৰ নজনা কথা||কিয় হয়-তাৰ ৰহস্য||did you know facts||Science facts in Assamese

Image
জানিবলগীয়া বহু কথা||বিজ্ঞানৰ নজনা কথা||কিয় হয়-তাৰ ৰহস্য||did you know facts||Science facts in Assamese বিজ্ঞানৰ জানিবলগীয়া কথা ১। গাখীৰ গৰম কৰিলে ওফন্দি উঠে কিয় ?  ২। সােণ ইমান মূল্যৱান কিয়?  ৩। তিতা কেৰেলা তিতা কিয় ?  ৪। মানুহ টকলা হয় কিয় ?  ৫। মানুহৰ গাৰ ৰং বেলেগ বেলেগ হয় কিয় ?  ৬। গাখীৰৰ ৰং বগা কিয় ?  ৭। বৰশীত লগা মাছে দুখ নাপায় কিয়?  ৮। ভূমধ্য সাগৰৰ পানী নীলা দেখি কিয়? ৯। ফুলৰ ৰং বেলেগ বেলেগ হয় কিয় ? ১০। মেকুৰীয়ে মিঠা সােৱাদ নাপায় কিয় ? ১১। মানুহ বাওনা হয় কিয়?  প্রশ্ন: গাখীৰ গৰম কৰিলে ওফন্দি উঠে কিয় ?  উঃ– গাখীৰত কলােয়েড নামৰ এবিধ আঠা জাতীয় ৰাসায়নিক পদার্থ লগতে প্ৰটিন, চর্বি আৰু চেনি থাকে। গাখীৰ গৰম কৰিলে প্ৰটিন আৰু চর্বিখিনি গাখীৰৰ জুলীয়া অংশৰপৰা পৃথক হয়। ইহঁত গাখীৰতকৈ পাতল বাবে এইবােৰ চামনিৰ আকাৰত গাখীৰৰ ওপৰত ভাহি উঠে। গৰম কৰিলে গাখীৰত থকা কিছু পানী জলীয় বাষ্পলৈ পৰিণত হয়। গাখীৰ যিমানেই গৰম কৰা যায় সিমানেই জলীয় বাষ্পৰ পৰিমাণ বাঢ়ি যায়। জলীয় বাষ্পই ওপৰৰ চামনি ঠেলি যেতিয়া ওলাই আহিব বিচাৰে তেতিয়াই গৰম গাখ...

জীৱ বিজ্ঞান-প্রাণী জগত, শৰীৰ, ৰােগ, চিকিৎসা, GK related with man, animals lives, disease, health

Image
জীৱ বিজ্ঞান-প্রাণী জগত, শৰীৰ, ৰােগ, চিকিৎসা লগত জড়িত ১২০ টা প্রশ্ন-উত্তৰ-GK Question and Answer related with plant and animals lives, health, diseases in Assamese- GK in Assamese ১। মানুহৰ শৰীৰৰ হৃৎপিণ্ডৰ যি অংশত তেজ সংগৃহীত হয় সেই অংশটোৰ নাম কি?  উঃ- অলিন্দ। ২। পৰুৱা এটাই কিমান গধুৰ বােজা কঢ়িয়াব পাৰে? উঃ- নিজৰ ওজনৰ চাৰিগুণ গধুৰ।  ৩। গছৰ বয়স কেনেকৈ জুখিব পাৰি?  উঃ- গা-গছৰ বছৰেকীয়া তৰপৰ আঙুঠিবােৰ গণনা কৰি।  ৪। মানুহৰ শৰীৰৰ কোন অংশৰ পৰা বাইল ৰস ওলায় ?  উঃ- লিভাৰৰপৰা।  ৫। মানুহৰ তেজলৈ কিহে অক্সিজেন বহন কৰে ?  উঃ হিমােগ্লোবিনে।  ৬। জীৱিত মানুহৰ শৰীৰৰপৰা বিকিৰিত হােৱা ৰশ্মিৰ নাম কি?  উঃ- অৱলােহিত ৰশ্মি।  ৭। মানুহৰ লেজিমেল গ্রন্থি কেতিয়া কার্যক্ষম হৈ উঠে?  উঃ- কান্দোনৰ সময়ত।  ৮। এজনী ৰাণী মৌ কিমান দিন জীয়াই থাকে আৰু এদিনত কিমান কণী পাৰিব পাৰে?  উঃ- ৩/৪ বছৰলৈকে জীয়াই থাকে আৰু দিনে প্রায় ২০০০ টা কণী পাৰে।  ৯। আফিং (OPIUM) কেনেকৈ প্রস্তুত কৰা হয় ?  উঃ- আফুগছৰ আঠাৰপৰা। ১০। মানুহৰ কোনটো অঙ্গ আটাইতকৈ ডাঙৰ? ...

অসমীয়া কবিতা-"সুখ"Assamese Famous Poem-Hukh by Ananda Chandra Agarwala

Image
                    কবি আনন্দ চন্দ্ৰ আগৰৱালা দেৱৰ অসমীয়া কবিতা-"সুখ"Assamese Famous Poem-Hukh by Ananda Chandra Agarwala "সুখ" কবিতা                     সুখ কবি : আনন্দ চন্দ্ৰ আগৰৱালা সুখ সুখ বুলি মানুহ বলিয়া         নেদেখে সুখৰ মুখ ; সুখ বিচাৰোঁতে পায় সংসাৰত         দুখৰ উপৰি দুখ ৷ দেখিও নেদেখা কিয় দিন-কণা         সুখযে হাততে আছে ; যিটে’ দিব পাৰে স্বাৰ্থ-বলিদান,         সুখ ফুৰে পাছে পাছে ৷ অকল নিজৰ নিমিত্তে নহয়         আমাৰ জীৱন ভাই, পৰৰ কাৰণে খাটিব পাৰিলে         সংসাৰ সুখৰ ঠাই ৷ পৰৰ অভাৱ, পৰৰ দুখত         হিয়া যদি পমি যায়, পৰক আপোন কৰিব পাৰিলে         সংসাৰত দুখ নাই ৷ শক্তি-সামৰথ পৰৰ সুখত         বিলাব পাৰিলে ভাই, পৰৰ ক...

বিশিষ্ট অসমীয়া কবি আৰু সাহিত্যকৰ ভিন্ন উপাধিসমূহ- Famous Writer and Poet with thier Title

Image
অসমত কোনজন বিশিষ্ট অসমীয়াক কি বুলি মতা হয়? জনপ্রিয় বৰণীয় ব্যক্তি তথা অসমীয়া কবি আৰু সাহিত্যকৰ ভিন্ন উপাধিসমূহ- Famous Writer and Poet with thier Title বিশিষ্ট ব্যক্তিৰ উপাধি সমূহ ভাঙনি কেঁৱৰ = আনন্দ চন্দ্ৰ আগৰৱালা পাপৰিৰ কবি = গণেশ গগৈ প্রতিমাৰ খনিকৰ = চন্দ্ৰকুমাৰ আগৰৱালা লােকনায়ক = অমিয় কুমাৰ দাস লােকপ্রিয় = গােপীনাথ বৰদলৈ লােক বন্ধু = ডা° ভুবনেশ্বৰ বৰুৱা  শেৱালি কবি = ৰত্নকান্ত বৰকাকতি নিজৰাৰ কবি = শৈলধৰ ৰাজখােৱা জ্ঞানমালিনীৰ কবি = মফিজুদ্দিন আহমদ হাজৰিকা প্রাচ্য পণ্ডিত = কৃষ্ণকান্ত সন্দিকৈ  বনকেঁৱৰ = আনন্দিৰাম দাস নটসূর্য = ফণী শৰ্মা সংগীত সূর্য = ড° ভূপেন হাজৰিকা সিংহপুৰুষ = ৰাধাগােবিন্দ বৰুৱা অগ্নিকবি = কমলাকান্ত ভট্টাচার্য অসম কেশৰী = অম্বিকাগিৰী ৰায়চৌধুৰী অতিন্দ্রিয়বাদী কবি = নলিনীবালা দেৱী অসম গৌৰৱ = হেম বৰুৱা উপন্যাস সম্রাট = ৰজনীকান্ত বৰদলৈ কর্মবীৰ = নবীনচন্দ্ৰ বৰদলৈ কলাগুৰু = বিষ্ণুপ্ৰসাদ ৰাভা গীতিকবি = পার্বতী প্রসাদ বৰুৱা ত্যাগবীৰ = হেমচন্দ্ৰ বৰুৱা দেশভক্ত = তৰুণৰাম ফুকন দেশপ্রাণ = লক্ষ্মীধৰ শৰ্মা ধ্বনি কবি = বিনন্দ চন্দ্র বৰুৱা বনফুলৰ কবি = যতীন্দ্রনাথ দ...

আপোনালোকে জানেনে?জানিবলগীয়া বহু বিজ্ঞানৰ কথা-নজনা কিছু তথ্য-did you know facts-sciencefacts

Image
আপোনালোকে জানেনে?জানিবলগীয়া বহু বিজ্ঞানৰ কথা-নজনা কিছু তথ্য-did you know facts-sciencefacts আপোনালোকে জানেনে?  প্ৰশ্ন: জোনাকী পৰুৱাৰ পােহৰবােৰ ক'ৰ পৰা আহে? উত্তৰ: বর্তমান ফ্লেট-অট্টালিকাৰে ভৰি পৰা মহানগৰীবােৰত জোনাকী পৰুৱা দেখিবলৈ পােৱা নাযায়। কাৰণ জোনাকী পৰুৱাই বাস কৰিব পৰা ফুটুকানি, সৰু-সুৰা জোপােহাৰে ভৰা ঠাইবােৰ চহৰবােৰত পােৱা নাযায়, তেনে ঠাই গাঁও অঞ্চলতহে থাকে। জোনাকী পৰুৱাবােৰৰ তলপেটত এক বিশেষ অংশ থাকে। এই অংশত লুছিফেৰিন নামৰ এবিধ ৰাসায়নিক পদাৰ্থৰ সৰু ভৰাল এটা থাকে। এই লুছিফেৰিনৰ লগতে জোনাকী পৰুৱাৰ দেহত লুছিফেৰেজ নামৰ এবিধ পদার্থও থাকে। লুছিফেৰেজৰ সৈতে লুছিফেনি   নামৰ পদার্থবিধ যেতিয়া বতাহত থকা অক্সিজেনৰ প্ৰভাৱলৈ আহে, তেতিয়াই ই পােহৰ দিবলৈ ধৰে। পিছে, আমি মন কৰিবলগীয়া বিশেষ কথাটো হ'ল – জোনাকী পৰুৱাৰ পৰা বাহিৰ হােৱা পােহৰখিনিত কিন্তু উত্তাপ, বা তাপ নাথাকে। মাইকী জোনাকী পৰুৱাৰ পাখি নাথাকে। ইহঁতৰ যৌগিক চকুকেইটাও মতা জোনাকী পৰুৱাৰ তুলনাত সৰু। আমি যদি জোনাকী পৰুৱাৰ তলপেটটো সমানে সাত ভাগত ভগাই লওঁ, তেন্তে মতা জোনাকী পৰুৱাৰ ছয় আৰু সাত ভাগত আৰু মাইকী জোনাকী পৰুৱাৰ সাত...

কবি যতীন্দ্রনাথ দুৱৰা দেৱৰ শ্ৰীশংকৰদেৱ কবিতাটি-Assamese Famous Poem-SriSankardev Poem

Image
কবি যতীন্দ্রনাথ দুৱৰা দেৱৰ দ্বাৰা ৰচিত শ্ৰীশংকৰদেৱ কবিতাটি||অসমীয়া জনপ্রিয় কবিতা||Assamese Famous Poem অসমীয়া কবিতা শ্ৰীশংকৰদেৱ   কবি- যতীন্দ্রনাথ দুৱৰা  কোন দূৰ অতীতৰ ধ্যানমগ্ন যােগী তুমি,  তৱ পুণ্য কিৰণেৰে কৰিলা পৱিত্ৰ ভূমি। নিৰলে বজাই বীণ কোন কবি-কাননত,  স্বৰ্গৰ বাতৰি আনি দিলা দেৱ মৰতত। মধুৰ ঝংকাৰ তাৰ গভীৰ উদাৰ সুৰে,  আজিও উঠিছে বাজি অসমৰ ঘৰে ঘৰে। যি বীণৰ সুৰেৰেই প্রেম মন্দাকিনী ধাৰা,  অসীম সাধনা বলে নমালা স্বৰ্গৰ পৰা।  বােৱালা ভক্তিৰ সোঁত, দিলা ধর্ম, দিলা জ্ঞান,  দিলা ভাষা অসমক কৰিলা জীৱন দান!  তােমাৰ জীৱনী দেৱ! লিখে এনে সাধ্য কাৰ,  গােটেই অসমভূমি বিস্তৃত জীৱনী যাৰ!  অসমৰ ৰীতি-নীতি, অসমৰ সদাচাৰ,  অসমৰ ধর্মভাব, অসমৰ ব্যৱহাৰ।  সকলােকে তুমি দেৱ! সজালা নতুন সাজে ;  তােমাৰ গৰিমা-গীতি হৃদয়ে হৃদয়ে বাজে।  তােমাৰ নামৰ ধ্বনি গাঁৱে গাঁৱে সবাহত,  উঠিছে আকাশ ভেদি কীৰ্তনৰ প্রসংগত। ‘শংকৰ আমাৰ গুৰু’ উলাহতে গাই গান,  দিয়ে আহি বিহুৱানে নৱ বৰষৰ জান। বেদ-উপনিষদৰ বাছি বাছি ফুল তুলি,  কত যতনেৰে দেৱ! গাঁথিলা ই ...

চহা আৰু পণ্ডিত কবি আনন্দ চন্দ্ৰ আগৰৱালা || অসমীয়া কবিতা || Assamese Medium

Assamese Poem Soha Aru Pandit Written By Ananda Chandra Agarwala      Soha Aru Pandit Assamese Poem Written By Ananda Chandra Agarwala   অসমীয়া কবিতা চহা আৰু পণ্ডিত কবি আনন্দ চন্দ্ৰ আগৰৱালা  

সাধাৰণ জ্ঞানৰ প্রশ্ন আৰু উত্তৰ||অসমৰ জানিবলগীয়া কিছু প্রশ্ন আৰু উত্তৰ||GK in Assamese Language

Image
সাধাৰণ জ্ঞানৰ প্রশ্ন আৰু উত্তৰ||অসমৰ জানিবলগীয়া কিছু প্রশ্ন আৰু উত্তৰ-About Assam||Assam GK in Assamese language সাধাৰণ জ্ঞান ১। প্রঃ ১৯৯২ চনত কোন অসমীয়া বােৱনীয়ে ৰাষ্ট্ৰপতিৰ পুৰস্কাৰ পাইছে? উঃ মিছ অময়া বালা ৰাভাই। ২। প্র: ১৯৯৫ চনত বহুতাে আন্তর্জাতিক বােলছবি মহােৎসৱত প্রদর্শিত আৰু উচ্চপ্রশংসিত অসমীয়া কথাছবি জাহ্নু বৰুৱাৰ 'সাগৰলৈ বহুদূৰ'। জাহ্নু বৰুৱাই এই ছবিখনৰ বাবে শ্রেষ্ঠ ৰাষ্ট্ৰীয় পৰিচালকৰ সন্মানো পায়। একমাত্র ভাৰতীয় এই ছবিখনে চিকাগাে বােলছবি মহােৎসৱত এটা বিশেষ পুৰস্কাৰ পােৱাৰ গৌৰৱ অর্জন কৰে। সেইটো কি ?  উ : বিশ্বশান্তিৰ ‘গেটছ' পুৰস্কাৰ। তাৰােপৰি ফ্রান্সত অনুষ্ঠিত হােৱা চলচ্ছিত্র মহােৎসৱত ‘লে প্রিজ দা পাব্লিক’ পুৰস্কাৰ পায় আৰু সংগীতৰ বাবে আন এটা পুৰস্কাৰ পায় সংগীত পৰিচালক স্বর্গীয় সত্য বৰুৱাই। ৩। প্রঃ ১৯৯৬ চনত ছিংগাপুৰত হােৱা বােলছবি মহােৎসৱত এজন অভিনেতাই শ্রেষ্ঠ অভিনেতাৰ সন্মান পায়, তেওঁ কোন?  উ : ‘সাগৰলৈ বহুদূৰ' কথাছবিৰ অভিনেতা বিষ্ণু খাৰঘৰীয়া।  ৪। প্র : “All Alone If Need Be” নামৰ প্রাক্তন মুখ্যমন্ত্রী শৰৎ চন্দ্র সিংহৰ জীৱনৰ আধাৰত কৰা ডকুমেন্টৰী ছবিখন...

কোন দেশক কি বুলি কোৱা হয়?দেশসমূহৰ অন্য এটি নাম||Assamese GK-Famous Place of the World

Image
কোন দেশক কি বুলি কোৱা হয়?দেশসমূহৰ অন্য এটি নাম||Assamese GK-Famous Place of the World দেশৰ অন্য নাম প্রঃ কোন ঠাইক ডার্ক কন্টিনেন্ট বােলা হয় ?  উঃ আফ্রিকা।  প্রঃ কোন দেশ নীল নদীৰ দান?  উঃ মিচৰ।  প্রঃ কোন দেশক সূর্যোদয়ৰ দেশ বােলা হয় ?  উঃ জাপানক।  প্রঃ আটাইতকৈ জাকজমকতাপূর্ণ চহৰ কোনখন?  উঃ ওৱাছিংটন।  প্রঃ নির্জন ঠাই ক'ত ?  উঃ চাইবেৰিয়াত। প্রতিবর্গমাইলত ১ জন লােকে বাস কৰে।  প্রঃ পৃথিৱীৰ ভিতৰতত আটাইতকৈ কম পৰিমাণে বৃষ্টিপাত হােৱা ঠাই কোনখন?  উঃ মিছৰ।  দেশৰ অন্য নাম প্রঃ সর্বাধিক ভূমিকম্প হােৱা ঠাইৰ নাম কি?  উঃ জাপান। প্রঃ কোন দেশক প্ৰাচ্যৰ পেৰিচ বােলা হয় ?  উঃ চীনৰ চাংহাই বন্দৰক প্ৰাচ্যৰ পেৰিচ বােলা হয়।  প্রঃ কোন দেশক পিৰামিডৰ চহৰ বােলা হয় ?  উঃ কাইবােক।  প্রঃ নিষিদ্ধ নগৰী কোনখন?  উঃ লাচা।  প্রঃ আকাশলঙঘী মহানগৰ কোনখন?  উঃ নিউইয়র্ক।  প্রঃ বগা হাতীৰ দেশ কোনখন?  উঃ থাইলেণ্ড  দেশৰ অন্য নাম প্রঃ কোনখন দেশক চিৰবসন্তৰ দেশ বােলা হয় ?  উঃ চুইজাৰলেণ্ড  প্রঃ সমুদ্র বন্ধু...

সুখ কবি আনন্দ চন্দ্ৰ আগৰৱালা || অসমীয়া কবিতা || Assamese Medium

Assamese Poem Hukh Written By Ananda Chandra Agarwala        Hukh Assamese Poem Written By Ananda Chandra Agarwala   অসমীয়া কবিতা সুখ   কবি আনন্দ চন্দ্ৰ আগৰৱালা            সুখ   সুখ সুখ বুলি             মানুহ বলিয়া         নেদেখে সুখৰ মুখ ; সুখ বিচাৰোঁতে           পায় সংসাৰত         দুখৰ উপৰি দুখ ৷   দেখিও নেদেখা           কিয় দিন - কণা         সুখযে হাততে আছে ; যিটে ’ দিব পাৰে           স্বাৰ্থ - বলিদান ,         সুখ ফুৰে পাছে পাছে ৷   অকল নিজৰ           নিমিত্তে নহয় ...