সুখ কবি আনন্দ চন্দ্ৰ আগৰৱালা || অসমীয়া কবিতা || Assamese Medium
Assamese Poem Hukh Written By Ananda Chandra Agarwala
Hukh Assamese Poem Written By Ananda Chandra Agarwala
অসমীয়া কবিতা সুখ কবি আনন্দ চন্দ্ৰ আগৰৱালা
সুখ
সুখ সুখ বুলি মানুহ বলিয়া
নেদেখে সুখৰ মুখ ;
সুখ বিচাৰোঁতে পায় সংসাৰত
দুখৰ উপৰি দুখ ৷
দেখিও নেদেখা কিয় দিন-কণা
সুখযে হাততে আছে ;
যিটে’ দিব পাৰে স্বাৰ্থ-বলিদান,
সুখ ফুৰে পাছে পাছে ৷
অকল নিজৰ নিমিত্তে নহয়
আমাৰ জীৱন ভাই,
পৰৰ কাৰণে খাটিব পাৰিলে
সংসাৰ সুখৰ ঠাই ৷
পৰৰ অভাৱ, পৰৰ দুখত
হিয়া যদি পমি যায়,
পৰক আপোন কৰিব পাৰিলে
সংসাৰত দুখ নাই ৷
শক্তি-সামৰথ পৰৰ সুখত
বিলাব পাৰিলে ভাই,
পৰৰ কাৰণে কান্দিব জানিলে
কান্দোনতো সুখ পায় ৷
সকলো আপোন যত নৰ-নাৰী ;
কাকনো বুলিম পৰ ?
পৰমপিতাৰ সকলো সন্তান
পৃথিৱী আমাৰ ঘৰ ৷
গাই-গোটা-পেটে- ভঁৰাল নহ’বাঁ ৷
লোকৰ দুখলৈ চোৱাঁ,
মানুহৰ সেৱা, মানুহৰ পূজা,
পৱিত্ৰ বৰত লোৱাঁ ৷
সুখৰ দুখৰ মনেই কাৰণ
মনক কৰিবাঁ থিত ;
ত্যাগত লভিবাঁ পৰম সন্তোষ
সাধিবাঁ লোকৰ হিত ৷
স্বাৰ্থৰ বাটত দুখৰ কাঁইট,
খোজে পতি বিন্ধে হুলে,
স্বাৰ্থৰ বাট, সেন্দুৰীয়া আলি,
সুগন্ধি কুসুম ফুলে ৷
যথাৰ্থ নিঃস্বাৰ্থ ধৰমী জীৱন,
বিস্ব-প্ৰেমে ভৰ-পূৰ,
বিশ্বৰ সকলো ভাই-ভনী তাৰ,
সুখৰ নপৰে ওৰ ৷
-আনন্দ চন্দ্ৰ আগৰৱালা
Ananda Chandra Agarwala Assamese poem Aamar Gaon
All Assamese Poem written Anandachandra Agarwala list:
Aamar Gaon
Hukhor Thai
Jiban Sangeet
Hukh Soha Aru Pandit
Baro Mah
Moromor Aai
Amulya Barua All assamese Poem List :
Comments
Post a Comment