চহা আৰু পণ্ডিত কবি আনন্দ চন্দ্ৰ আগৰৱালা || অসমীয়া কবিতা || Assamese Medium
Assamese Poem Soha Aru Pandit Written By Ananda Chandra Agarwala
Soha Aru Pandit Assamese Poem Written By Ananda Chandra Agarwala
অসমীয়া কবিতা চহা আৰু পণ্ডিত কবি আনন্দ চন্দ্ৰ আগৰৱালা
চহা আৰু পণ্ডিত
ভালেখিনি নিলগত চহৰৰ পৰা
আছিল এজন চহা জুৰমন বৰা;
ৰূপ যেন চুলি তাৰ বুঢ়া বয়সত,
জানিছিল বহু কথা সংসাৰ-ঠেকত;
বাৰিষাৰ বৰষুণ কাতি কৰি থই,
পূৱাতে ওলাই যায় হালকোৰ লই;
বোকা পানী জাৰ-জহ মেঘৰ গাজনি,
হৰষিতে খেতি কৰে একোকে নামানি;
মনত সন্তোষ সদা, নাজানে খিয়াল,
নাজানিলে দূৰাকাঙ্খা সকলোৰে ভাল
সকলোৰে উপকাৰী গাঁৱৰ মাজত,
সজ নাম চুবুৰীয়া লোকৰ মুখত।
এজন পণ্ডিত বৰ শাস্ত্ৰত নিপুণ
বহুকাল পঢ়ি শুনি লভি বহু গুণ,
ভৰি এদিনাখন চহাৰ পঁজাত;
শুধিলে কি জ্ঞান লভিলা ইয়াত?
ধৰ্মশাস্ত্ৰ, ইতিহাস, ওঠৰ পুৰাণ,
দৰ্শন, জ্যোতিষ, অঙ্ক, ভূগোল, বিজ্ঞান?
চকুৰ টোপনি খতি আদখিনি ৰাতি,
চাকি চাকি তেল পুৰি পঢ়ি পুথি-পাঁজি
আৰ্জিলা নে বিদ্যা-বুদ্ধি জ্ঞানধৰ্ম আৰু,
ভৱভুতি, কালিদাস বুজিলানে বাৰু?
দেখিলা নে নানা তীৰ্থ, বিচিত্ৰ নগৰ,
গিৰি, নদী, সৰোবৰ, সুনীল সাগৰ?
মানুহৰ ৰীতি-নীতি আৰু দেশাচাৰ,
দেখিলা নে কোৱা বাৰু শুনো একোষাৰ।
চহাই উত্তৰ দিলে মুৰটি দোৱাঁই,
পুথি-পাঁজি পঢ়াশালি মই দেখা নাই;
কোনোদিন ফুৰা নাই দেশ-বিদেশত
বিদেশৰ ৰীতি নীতি মোৰ অবিদিত।
সভ্যতাৰ মুখা পিন্ধি মানুহে সঁচাই,
মানুহকে চল কৰে দেখিছো সদায়;
আমি যদি আমাকেই নোৱাৰো জানিব,
নানা শাস্ত্ৰ পঢ়ি তেন্তে কি লাভ ঘটিব,
যিদৰে আৰ্জিলো মোৰ অতি ক্ষুদ্ৰ জ্ঞান,
কওঁ বাৰু কথালৈ দিবা মোৰ কাণ-;
মৌমাখি বন কৰি উৰি উৰি যায়,
পৰিশ্ৰমী হবলৈ আমাক শিকায়;
জাৰকালি খাবলৈ সাঁচে পৰুৱাই
ধনধান সাঁচিবলৈ আমাক শিকায়;
এই যে কুকুৰ মোৰ দুৱাৰদলিত
তাৰ প্ৰভূ ভক্তি দেখি হওঁ আচৰিত;
চোতাল আগৰ সৌ কঁঠাল জুপিত
কপৌ-কপৌৱনী জুৰি মাতে হৰষিত;
আহা! কেনে ভালপোৱা অজান দুটাৰ,
শিক্ষা দিয়ে প্ৰেম কিনো মতা তিৰোতাৰ।
দেখিছানে সৌজনী কুকুৰা চৰাই,
ডৌকাৰ আঁৰত কেনে পোৱালী শুৱায়;
যতেক চৰাই উৰি ফুৰে আকাশত,
চোঁৱাচোন সকলোৱে নিজৰ বাঁহত;
উমাই উমাই কেনে পোৱালী জগায়,
কত যত্নে টোপ আনি মুখত খুৱায়;
দলনিত চৰি ফুৰা শৰালি জনীৰ,
পিতৃ-মাতৃৰ প্ৰতি ভক্তি কিমান গভীৰ;
স্বভাৱৰ লীলাখেলা চাই চাই চাই,
পঁকালো মুৰৰ চুলি নান শিক্ষা পাই;
উৰণ, বুৰণ আৰু গজন, ভ্ৰমণ,
যত দেখোঁ সকলোটি হিতৰ কাৰণ!
যদি চাব জানা এই সুন্দৰ জগত
শিক্ষাৰ বিষয় পাবা অনেক মহৎ!
অক্ষয় অমূল্য জ্ঞান ৰতনেৰে ভৰা,
বিশ্ব পুথি পঢ়া বিশ্ব-খনিকৰে কৰা।
একেটা ঘৰৰ ছাল আকাশমণ্ডল,
একেটা ঘৰৰ ভেঁটি এই ধৰাতল,
একেটা বেলিয়ে দিয়ে পোহৰ দিনত
এক জোনে জিলিকায় নিশাৰ ভাগত;
একে বায়ু, একে পানী আমাৰ আহাৰ
একে তেজ, একে মাংস দেহত আমাৰ,
কৰিছে সবাকে এক বিশ্ব খনিকৰ,
নৰ-নাৰী, পূত্ৰ কন্যা এক ঈশ্বৰৰ;
সবাকে পালিছে তেঁও সমান স্নেহেৰে
জোনৰ জোনাক তেঁও দিয়ে ঘৰে ঘৰে।
সবাকো বিলাই বায়ু ভেদা ভেদ নাই
সকলোৱে সমভাগে জুই-পানী পায়।
পৃথিৱীয়ে দিয়ে শস্য বেলিয়ে পোহৰ
কেনে সম দৰশন, দয়া ঈশ্বৰৰ।
কিয় তেন্তে দ্বন্দ্ব-হাই, ইৰ্ষা পৰস্পৰ
খোঁচাখুচি হিংসা-বৈৰী
দেখোঁ
মানুহৰ
মানুহে ঘিনাই হায় ! ভাই মানুহক,
কপট চলনাৰে হয় প্ৰতাৰক!
ইতৰ প্ৰাণীৰ মাজে আছে অনেকৰ,
আছে হিংসা বৈৰী –ভাৱ ক্ৰোধ সিহঁতৰ,
আছে ডকা দিয়া চিলা হিংসুকীয়া,
মানুহৰ সেইবোৰ কিন্তু তলতীয়া।
সকলো প্ৰাণীৰ মধ্যে নৰশ্ৰেষ্ঠ কয়,
হায়! হা! নৰ কিয় পশুতুল্য হয়?
এটুপি চকুলো পানী, এষাৰি সাদৰী মাত,
এখনি চেনেহী হিয়া, এখনি সহায় হাত
পিছপৰা দুখীয়াই যায় আশা কৰি,
আগবঢ়া সুখীয়াই চায় জানো ঘুৰি?
ভাই ভনী, নৰ-নাৰী আছো যতবোৰ।
নানা-ৰূপে নানা নামে লোকে জগতৰ
দেশে দেশে পূজা কৰে পৰম ঈশ্বৰ;
সকলো নদীৰ গতি যিৰূপে সাগৰ,
সকলো পূজা পায় বিশ্ব খনিকৰ
বিশ্বজুৰি স্নেহ-প্ৰীতি বাঢ়োক আমাৰ,
স্বভাৱৰ পৰা পালোঁ এই শিক্ষা সাৰ।
পণ্ডিতে তৱধমানে চহাৰ কথাত,
হৰষিতে ক’লে তাৰ ধৰি দুই হাত-
ধন্য তুমি খেতিয়ক, চহা গাঁৱলীয়া
ধন্য তুমি শিক্ষা দিলা কি মহামূলীয়া
নেদেখিলা পঢ়াশালি, একো নপঢ়িলা,
স্বভাৱৰ পৰা অতি সজ শিক্ষা দিলা।
যিবা বিদ্যা আৰ্জে লোকে পঢ়াশালি পাই,
যিবা শিক্ষা পাই লোকে শাস্ত্ৰ পঢ়ি চাই,
জানিব লগীয়া বহু বাহিৰেও তাৰ
জ্ঞান ৰত্ন পাব পাৰে যত্ন থাকে যাৰ।
-আনন্দ চন্দ্ৰ আগৰৱালা
Ananda Chandra Agarwala Assamese
poemSoha Aru Pandit
All Assamese Poem written Anandachandra Agarwala list:
Soha Aru Pandit
Baro Mah
Moromor Aai
Comments
Post a Comment