বান্দৰ আৰু শিয়াল||Assamese Story Bandor Aru Hiyal Hadhu || Assamese Medium

Assamese Story Bandor Aru Hiyal Hadhu Collected From Buri Ai Hadhu || Assamese Medium 



বান্দৰ আৰু শিয়াল

 

এটা শিয়াল আৰু এটা বান্দৰ আছিল সিহঁতে দুয়াে সখি পতাই হেঁপাহ পলুৱাই খাই ফুৰিবলৈ আলচ কৰিলে এদিন সিহতে কত কি খাবলৈ পাওঁ বুলি ভাবি হাবিৰ মাজৰ ৰাজ-আলি এটাৰ কাষত লুকাই আছিল, এনেতে সেই বাটেদি গােটাচেৰেক মানুহে বিয়াৰ গাখীৰ-গুড়, কলকুঁহিয়াৰ ভাৰ বান্ধি লৈ যােৱা দেখিলে তাকে দেখি শিয়ালে বাক 'লে, “সখি, সেই মানুহকেইটাই লৈ যােৱা বস্তুবােৰ খাব লাগিল; এতেকে এটা বুধি উলিওৱা যাওক তুমি অলপ দূৰতে বাটৰ কাষৰ জোপা এটাৰ ভিতৰত লুকাই থাকা, মই এইখিনিৰ জোপা এটাতে লুকাই থাকো সিহঁত যেতিয়া আহি আমাৰ ওচৰ পাবহি, মই মাতিম হােৱা আৰু তুমি মাতিবা খােৱা দেখিবা সিহঁতে হঠাৎ আমাৰহােৱা 'খােৱা শুনিলে ভয় খাই বস্তু পেলাই লৰ মাৰিব বান্দৰ আৰু শিয়ালে এই বুদ্ধি আলচি লুকাই থাকি, মানুহকেইটা আহি ওচৰ পালত, 'হােৱা হােৱা আৰুখােৱা খােৱা কৰিলত বাঘ কি ভালুক আহিছে বুলি মানুহকেইটা ভয় খাই ভাৰ-খােৰ তাতে পেলাই এৰি থৈ ভিৰাই লৰ মাৰিলে মানুহকেইটাই পিয়াপি দি লৰ মৰা দেখি শিয়াল আৰু বান্দৰে ৰঙত দেও-দোপাল পাৰি ভাৰৰ বস্তুবােৰ লৈ গৈ হাবিত সুমুৱালে বান্দৰে শিয়ালক 'লে, “সখি, আমি বস্তুবােৰ ইয়াতে খাবলৈ বহিলে যদি সেই মানুহকেইটাই সিহঁতৰ বস্তু বিচাৰি উভতি আহে, তেন্তে আমাক ইয়াতে পালে মাৰি আধ্যা কৰি বস্তুবােৰ কাঢ়ি লৈ গুচি যাব; এতেকে এটা কাম কৰা যাওক, মই বস্তুবােৰ লৈ এই ওখ গছজোপাৰ ওপৰত উঠো আৰু তুমি তলত থাকা, তুমিতাে আৰু গছত উঠিব নাজানা ওপৰত মােৰ ভাগ বস্তু মই খাম আৰু তােমাৰ ভাগৰ বস্তুবােৰ মই এটা এটাকৈ তললৈ পেলাই দি থাকিম এতেকে তুমি মােক বস্তুবােৰ দাঙি দিয়া, মই ওপৰলৈ তুলি নিও এই কথাত শিয়াল মান্তি হৈ বস্তুবােৰ দাঙি বান্দৰক দিবলৈ ধৰিলে আৰু বান্দৰে তুলি নি গছৰ ফেৰেঙনিত বলৈ ধৰিলে সকলােখিনি বস্তু থানথিত লগাই থৈ অতাই বান্দৰে গছৰ ডালত বহি মহাসুখে নিশ্চিন্ত মনেৰে হেঁপাহ পলুৱাই খাবলৈ লাগিল শিয়ালে গছৰ তলৰ পৰা মাত লগালে, “সখি মােৰ ভাগ ?” বান্দৰে কল খাই বাকলিটো তললৈ পেলাই দি কলে, “সখি চাবা, সেইটি কল গৈছে ধৰিবা গাখীৰ খাই চুঙা আৰু টেকেলি তললৈ পেলাই দি 'লে, “সখি, তােমাৰ ভাগৰ গাখীৰ গৈছে, ধৰিবা এইদৰে বাৰে বাৰে শিয়ালক ফাকি দি সকলােবােৰ বস্তু খােৱা দেখি শিয়ালে খঙত গছৰ গুৰিকে কামুৰি আৰু মাটি আচুৰি পিচুৰি মনৰ দুখ মনতে লৈ তাৰ পৰা গুচি '

 

এদিন বান্দৰে শিয়ালক এবাহ টেকেলীয়া কোদোৰ ওচৰত বহি থকা দেখি ওচৰ চাপি সুধিলে, “সখি কি কৰিছা?” শিয়ালে উত্তৰ দিলে, ” সখি কিনাে কম দেওহে, ৰজাই মােদ দবা-ৰখীয়া পাতিছে, সেইদেখি ৰজাৰ এই দবাটো ৰখি বহি আছো বান্দৰে 'লে, “সখি এচাপৰ বাওঁ দিয়াহে শিয়ালে উত্তৰ দিলে, ”নােৱাৰোঁ দিব সখি, ৰজাই শুনিলে মােক কাটি দুছােৱা কৰিব তুমি শুনা নাই নে নবজাওঁতেই গােগােৱাই আছে বান্দৰে 'লে, “নহয় সখি, লাহেকৈ এচাপৰ বাওঁ দিয়া, ৰজাই নুশুনে মােৰ বৰ মন গৈছে শিয়ালে, “বাৰু সখি, তােমাৰ কথানাে পেলাওঁ কেনেকৈ, লাহে লাহে চাপৰ দিয়েক বােৱা এইবুলি বান্দৰক কৈ শিয়াল সাউতকৰে আঁতৰ বান্দৰে হৰিষতে কোদোৰ বাহত চাপৰ মাৰিলত, গােটেইবােৰ টেকেলীয়া কোদোৱে তাৰ হাতে-ভৰিয়ে, গায়ে-মুখে উবুৰি খাই পৰি কামুৰিবলৈ ধৰিলে আৰু বান্দৰৰ মুখ উখহি দোণ যেন বান্দৰে তত নেপাই বাগৰি-জুগৰি, চিঞৰি-বাখৰি শিয়াল সখিয়েকক মাতিলে, “সখি, সখি আহাঁ মই মৰিলাে শিয়ালে দুৰৰ পৰা উত্তৰ দিলে, “কলটো খাই যে মােলৈ বাকলিটো পেলাই দিছিলা তাৰ উপকাৰ কৰিলাে বান্দৰে মাতিলে, ”সখি মােক ৰাখা, মই মৰিলাে শিয়ালে উত্তৰ দিলে, ”গাখীৰ খাই যে শুদা টেকেলিটো মােলৈ পেলাই দিছিলা তাৰ হােৰ তুলিলাে বান্দৰে মাতিলে, ”সখি আহা মই মৰিলাে শিয়ালে, ”কুঁহিয়াৰ খাই যে মােলৈ চোবা পেলাই দিছিলা তাৰ পােটক তুলিলাে এই বুলি কৈ বান্দৰক তাতে এৰি আতৰি গুচি '

 

ইয়াৰ বহুত দিন পিছত বান্দৰে এদিন দেখিলে, শিয়ালে এডৰা বেজ কচু ৰখি বহি আছে বান্দৰে তেতিয়া সেই কোদোৰ কথা একেবাৰেই পাহৰি গৈছিল৷ সি ওচৰ চাপি আহি শিয়ালক সুধিলে, ”সখি কি কৰিছা? সেইডৰা কি?” শিয়ালে হাঁহিমুখেৰে বান্দৰৰ ফালে চাই মাত লগালে, ”এইডৰা ৰজাৰ পূৰা কুঁহিয়াৰ৷ মােক ৰজাঘৰৰ পৰা ৰখীয়া পাতিছে দেখি ৰখি আছে কিনাে কৰিম দেওহে, ৰজাৰ হুকুম কুঁহিয়াৰৰ নাম শুনিয়েই বান্দৰৰ মুখৰ পানী ওলাল বান্দৰে 'লে, ”সখি মােক সৰু চাই এডালি খাবলৈ দিবানে?” শিয়ালে উত্তৰ দিলে, ”আও তুমিনাে কি কোৱাহে, ৰজাৰ কুঁহিয়াৰ মই তােমাক কেনেকৈ খাবলৈ দিওঁ? ৰজাই শুনিলে মােকতাে মাৰিবই, পেটৰ পােৱালিকো ছিৰি মাৰিব লুভীয়া বান্দৰে আকৌ 'লে, ”নহয় সখি, মােৰ বৰ মন গৈছে, এডালি মনে মনে খাবলৈ দিয়া, ৰজাই গম নাপায় শিয়ালে 'লে, ”খাব খুজিছা খােৱা, তেহেলৈ মােৰ যি হয় , কিন্তু এডালিৰ বেছি নহয় শিয়ালৰ অনুমতি পােৱা মাত্ৰতে খকুৱা বান্দৰে ডাঙৰ কচু এডাল আনি লৰালৰিকৈ চোবাবলৈ ধৰিলে ততক্ষণাত্ বেজ-কচুৱে তাৰ মুখ খজুৱাই তত এৰুৱাই দিলে আৰু সি চিঞৰি গছৰ পাত সৰাই শিয়ালক মাতিবলৈ ধৰিলে, ”সখি মােক ৰাখা, মই মৰিলাে শিয়ালে উত্তৰ দিলে, ” খাই যে বাকলিটো মােলৈ পেলাই দিছিলা তাৰ উপকাৰ কৰিলাে বান্দৰে মাতিলে, ”সখি মৰিলাে শিয়ালে উত্তৰ দিলে, ”কুঁহিয়াৰ খাই মােলৈ চোবা পেলাই দিয়া হােৰ তুলিলাে বান্দৰে মাতিলে, "সখি মােক ৰক্ষা কৰা, মৰিলাে শিয়ালে, গুড় খাই টেকেলিটো মােলৈ পেলাই দিয়াৰ পােটক তুলিলাে বুলি তাৰপৰা গুচি '

 

এই ঘটনাৰ অনেক দিনৰ পিছত এদিন বান্দৰে ফুৰি-চাকি ফুৰোঁতে দেখিলে যে শিয়ালটো এটা পুৰণি পাটনাদৰ ওচৰত বহি আছে পাটনাদৰ মুখখন মকৰা জালে ঢাকি থৈছিল বান্দৰে আগৰ দুবাৰৰ কথা একেবাৰেই পাহৰি গৈ শিয়ালক সুধিলে, ”সখি কি কৰিছা?” শিয়ালে সখি কিনাে বা, ৰজাৰ ঘৰৰ এটা বিষয় মােৰ গাত সদায় লাগিয়েই আছে ৰজাৰ এইখন কুঁৱৰীৰ যৌতুকত পােৱা দোলাৰ মােক ৰখীয়া পাতিছে, ৰখি আছাে বান্দৰে 'লে, “ৰজাৰ দোলাত উঠিবলৈ বৰ সুখ নহয় নে সখি? কেনেকুৱা এবাৰ মই উঠি চাওঁ দিয়াচোন শিয়ালে 'লে, ”নােৱাৰাে দিব দেওহে, ৰজাই কেনেবাকৈ দোলাত কোনােবা উঠাৰ চিন পালে মােক আজৰি কৰিব বান্দৰকি চিন পাবহে? লাহেকৈ উঠি নামি যাম দিয়া মােৰ সখি, এবাৰ উঠি চাবলৈ দিয়াযদি নেৰা, উঠিব খুজিছা, তেন্তে কোনেও নৌ দেখােতেই বেগতে উঠা বুলি শিয়ালে 'লে বান্দৰে ৰজাঘৰীয়া দোলাত গা পেলাই সুখ পাবলৈ, তৎক্ষণাত টোৱাই-ভিৰাই জাপ মাৰি দি তাত পৰিলতে, মকৰাৰ জাল বিদাৰি গৈ বান্দৰ নাদত পৰি মৰিল




#assamese story  #hadhu kotha   #assamese hadhu  #assamese hadhu Kotha  #love story assamese  #assamese golpo  #story assamese
#new assamese story  #assamese short story   
#Story In assamese


Comments

Popular posts from this blog

অসমীয়া যুক্তাক্ষৰ | যুক্তাক্ষৰ যুক্ত শব্দ গঠন কৰা | অসমীয়া ব্যাকৰণ |Assamese Medium

Amulya Barua Assamese Poem Bandana || assamese Medium

ৰঘুনাথ চৌধাৰীৰ কবিতা All Assamese Poems of Raghunath Choudhary