ঔ-কুঁৱৰী || Assamese Story O Konwari Hadhu || Assamese Medium
Assamese Story O Konwari Hadhu Collected From Buri Ai Hadhu
ঔ-কুঁৱৰী
এক ৰজাৰ দুজনী ৰাণী আছিল। তেওঁলােক দুয়াে গৰ্ভৱতী হ’ল। এদিন দুয়াে ৰাণীৰ সন্তান উপজিল। বৰ ৰাণীয়ে এটি ল’ৰা আৰু সৰু ৰাণীয়ে এটা ঔ-টেঙা পালে। সৰু ৰাণীয়ে তেওঁৰ ঔ-টেঙাহে এটা উপজিল দেখি বৰ বেজাৰ পাই তাক চুৱাপাতত দলিয়াই পেলাই দিলে। কিন্তু দেখা গল, নিতৌ ৰাণীয়ে কাম কৰিবৰ আৰু শুবৰ সময়ত সেই ঔ-টেঙাটো বাগৰি আহি ৰাণীৰ ওচৰ পায়হি৷ ৰাণীয়ে তাক দলিয়াই পেলালেও সি আকৌ বাগৰি আহি ৰাণীৰ কাষ পায়হি৷ এদিন ঔ-টেঙাটো দুপৰীয়া মানুহ-দুনুহ নােহােৱা সময়ত বাগৰি গৈ নৈৰ ঘাট পাই তাতে অলপ ৰৈ আছিল। সেই সময়ত ৰজাৰ কোৱৰ এজনে সেই ঘাটৰ অলপ আওহতীয়া ঠাইতে বহি বৰশী বাই আছিল। কোঁৱৰে লক্ষ্য কৰি দেখিলে যে ঔ টেঙাটোৰ ভিতৰৰপৰা এজনী দীপ-লিপ সুন্দৰী কন্যা ওলাই নৈত গা ধুই উঠি, ৰূপেৰে চাৰিও দিশ উজ্জ্বল কৰি চুলিকোছা ৰ’দত শুকাই লৈ আকৌ ঔ-টেঙাটোৰ ভিতৰত সােমাই বাগৰি মাকৰ ঘৰলৈ উভতি আহিল। ৰজাৰ ল’ৰাই কন্যাজনীৰ ৰূপ দেখি মােহ গৈ বাটতে বৰশী পেলাই থৈ ঘৰলৈ গুচি আহি ৰােষ-ঘৰত সােমাল। ইফালে কোঁৱৰক বাপেক-মাকে নেদেখি বিচাৰি চলাথ লগাই শেহত ৰােষ-ঘৰত শুই থকা পালে। কি হৈছে বুলি তেওঁলােকে কোঁৱৰক সুধিলত, কোঁৱৰে ক'লে যে, ”অমুকা ৰজাৰ ঘৰত এটা বাগৰি ফুৰা ঔ-টেঙা আছে, সেই ঔ-টেঙাটোৰ সৈতে মােক বিয়া দিব লাগে।” ৰজা-ৰাণীয়ে প্ৰথমতে সেইটো হাঁহি উঠা অসম্ভৱ কথা বুলি কোৱৰক বুজাবলৈ ধৰিলে, কিন্তু কোৱৰে নুশুনিলে। কোঁৱৰৰ খট-বান্ধ এৰাব নােৱাৰি বাপেকে ৰজালৈ সেই বাতৰি দি ঔ-টেঙাৰে সৈতে নিজৰ কোঁৱৰৰ বিয়াৰ প্ৰস্তাৱ কৰি পঠিয়ালে।
ঔ-টেঙাৰ মাক ৰাণীয়ে সেই কথা শুনি কান্দি-কাটি ক'লে যে,”মােক কিয় এইদৰে লাজ দিব লাগিছে!” কিন্তু শেষত তেওঁ এৰাব নােৱাৰি সেই কথাত মান্তি হৈ ঔ-টেঙাটো ধুৱাই-পখলাই কোঁৱৰৰে সৈতে তাৰ বিয়া দিলে। বৰ ধুম-ধাম কৰি কোৱৰে বিয়া কৰাই দোলাত তুলি আনি নিজৰ ঘৰ পােৱালেহি। ৰজাৰ কোৱৰে ঔ-টেঙাৰ সৈতে একেটা শােৱনি ঘৰতে থাকিল। ৰাতি কোৱৰে খাবলৈ মাকে যি ভাত পঠিয়াই দিয়ে তাৰে এভাগ কোঁৱৰে খায় আৰু এভাগ থৈ দি শুই থাকে। কিন্তু কোৱৰৰ টোপনি আহিলেই ঔ-টেঙাটোৰ ভিতৰৰ পৰা কন্যাজনী ওলাই আহি সেই ভাতগাল খাই আকৌ ঔ-টেঙাৰ ভিতৰত সােমাই থাকে। নিতৌ কোঁৱৰে টোপনিৰ পৰা উঠি সেই থৈ দিয়া ভাত নেদেখি আচৰিত মানে। কোঁৱৰে ইয়াৰ কাৰণ বুজিব নােৱাৰি মনত সদায় দুখ কৰি আমন-জিমনকৈ বহি থাকে। এদিন এজনী মগনীয়া বুঢ়ী কোঁৱৰৰ ওচৰলৈ চাউল মাগিবলৈ আহিছিল। বুঢ়ীয়ে কোৱৰক আমন-জিমনকৈ বহি থকা দেখি সুধিলে, “বােপা তুমি দেখােন মন মাৰি বহি আছা? তুমি বিয়া কৰিলা কিন্তু ক’তা আমি দেখােন বােৱাৰীক দেখা পােৱা নাই?” বুঢ়ীৰ কথা শুনি কোঁৱৰে আগৰ পৰা গুৰিলৈকে তাইক সকলাে কথা ভাঙি ক’লত বুঢ়ীয়ে মাত লগালে, “বােপা ঔ-টেঙাটোৰ ভিতৰতে তােমাৰ কুঁৱৰী আছে, শােৱনি-ঘৰৰ ভিতৰত একুৰা যুঁহজুই ধৰি থবা আৰু দৈ গাখীৰ আঠিয়াকল ফেনেকি মিহলাই ওচৰতে এটা বাটিত থৈ দিবা। তুমি তােমাৰ শােৱাপাটীত টোপনি অহাৰ ভাও জুৰি নাক ঘােৰ্ঘোৰাই থাকিবা। তােমাৰ টোপনি আহিছে ভাবি যেতিয়া সেই ঔ-টেঙাটোৰ পৰা ছােৱালীজনী ওলাই ভাত খাবলৈ বহিব তেতিয়া তুমি ততালিকে উঠি সেই ঔ-টেঙাটো উঁহজুইত দি পুৰি পেলাবা। কিন্তু তেতিয়া দেখিবা যে ছােৱালীজনী ঠাচ কৰে মাটিত পৰি গৈছে। তেতিয়াই লৰালৰিকৈ সেই বাটিৰপৰা দৈ গাখীৰ আৰু আঠিয়াকল আনি তাইৰ মূৰত ভৰণ দিবা; দিলেই তাই জ্ঞান পাই উঠি বহিব। বুঢ়ীৰ বুধি শুনি কোৱৰে ৰং পাই তাইক বঁটা দি বিদায় দিলে; আৰু ৰাতি সেই বুঢ়ীৰ কথামতেই কৰি ঔ-কুঁৱৰীক লাভ কৰিলে। কোঁৱৰৰ বাপেক-মাকে পিছদিনা পুৱা এই ঘটনা শুনি আৰু বােৱাৰীয়েকক দেখি তেওঁলােকৰ মনত আনন্দই নধৰা হ’ল। বিয়ৈ-বিয়ৈনী ৰজা-ৰাণীলৈ এই বাতৰি তেওঁলােকে কৈ পঠিয়ালত তেওঁলােকৰাে মনত মহা ৰং মিলিল আৰু আকৌ তেওঁলােকে মহা পয়ােভৰেৰে জীয়েক ঔকুঁৱৰীক কেঁৱৰলৈ বিয়া দিলে।
Comments
Post a Comment