500+ Assamese Proverbs, Fokora Jujona In Assamese || Assamese Medium ফকৰা যোজনা কাক বোলে ? ফকৰা-যােজনাবােৰ ভাষাৰ সম্পদ। ইহঁত এফালে ভাষা চহকী কৰে আৰু আনফালে ভাষাৰ সৌষ্ঠৱ বৃদ্ধি কৰে। শব্দবােৰৰ অর্থ জানিলেই ইহঁতৰ অর্থ জনা নহয়। কাৰণ, ইহঁতৰ একোটা সুকীয়া অন্তর্নিহিত অর্থ থাকে। ইহঁত একোটা বিশেষ ভাবৰ নির্দেশক আৰু বাহক। সেইবাবে ভাষাত পাৰদর্শিতা লাভ কৰিব লাগিলে ফকৰা-যােজনাবােৰৰ অৰ্থ আৰু ভাব জনা একান্ত আৱশ্যক। কিছুমান ফকৰা যোজনাক " ডাকৰ বচন " বুলি জনপ্ৰিয় নামেৰে জনা যায়। আক্ষৰিক অৰ্থত ই "প্ৰবাদ" বুজালেও অসমীয়া গঞাই এইবোৰ "ডাক পুৰুষ" বুলি এক কাল্পনিক ঐতিহাসিক চৰিত্ৰই কোৱা কথা বুলি কল্পনা কৰে। ডাকৰ বচনবোৰ সাধাৰণতে গ্ৰামীন জীৱনৰ বৈষয়ীক দিশত সাধাৰণ জ্ঞান বা উপদেশ দিয়ে।