500+ অসমীয়া ফকৰা যোজনা ,ভাব বহলাই লিখা ব্যাকৰণ || Assamesemedium
500+ Assamese Proverbs, Fokora Jujona In Assamese || Assamese Medium
ফকৰা যোজনা কাক বোলে ?
ফকৰা-যােজনাবােৰ ভাষাৰ সম্পদ। ইহঁত এফালে ভাষা চহকী কৰে আৰু আনফালে ভাষাৰ সৌষ্ঠৱ বৃদ্ধি কৰে। শব্দবােৰৰ অর্থ জানিলেই ইহঁতৰ অর্থ জনা নহয়। কাৰণ, ইহঁতৰ একোটা সুকীয়া অন্তর্নিহিত অর্থ থাকে। ইহঁত একোটা বিশেষ ভাবৰ নির্দেশক আৰু বাহক। সেইবাবে ভাষাত পাৰদর্শিতা লাভ কৰিব লাগিলে ফকৰা-যােজনাবােৰৰ অৰ্থ আৰু ভাব জনা একান্ত আৱশ্যক।
কিছুমান ফকৰা যোজনাক "ডাকৰ বচন" বুলি জনপ্ৰিয় নামেৰে জনা যায়। আক্ষৰিক অৰ্থত ই "প্ৰবাদ" বুজালেও অসমীয়া গঞাই এইবোৰ "ডাক পুৰুষ" বুলি এক কাল্পনিক ঐতিহাসিক চৰিত্ৰই কোৱা কথা বুলি কল্পনা কৰে। ডাকৰ বচনবোৰ সাধাৰণতে গ্ৰামীন জীৱনৰ বৈষয়ীক দিশত সাধাৰণ জ্ঞান বা উপদেশ দিয়ে।
অসমীয়া ভাষাৰ ফকৰা যোজনাৰ ভাণ্ডাৰটো যথেষ্ট ডাঙৰ। সৰল অথচ বুদ্ধিদীপ্ত এই প্ৰবাদবোৰ সাধাৰণ অসমীয়া মানুহৰ জীৱনৰ প্ৰতি থকা গভীৰ আস্থা, দৃষ্টিভংগী আৰু বোধৰ গম্ভীৰ প্ৰকাশ। ইহঁত অসমীয়া জাতিৰ বিশ্বাস, জাতিসত্তা, সমাজ ব্যৱস্থা আৰু বুৰঞ্জীৰ উৎকৃষ্ট সমল। পুৰণি হ’লেও যথেষ্টসংখ্যক ফকৰা যোজনাৰ প্ৰাসংগিকতা আজিও অটুত আছে। কথা কওঁতে বা লিখাৰ মাজত উপযুক্ত ফকৰা যোজনাৰ অলংকাৰ ব্যৱহাৰ কৰি লিখিব পাৰিলে বক্তাৰ ভাষাজ্ঞান উন্নত বুলি গণ্য কৰা হয়।
![]() |
| Proverbs In Assamese |
ফকৰা-যােজনা / ভাব সম্প্ৰসাৰণ / ভাব বহলাই লিখা
অতি ভক্তি চোৰৰ লক্ষণ ভাব বহলাই লিখা
১। অতি ভক্তি চোৰৰ লক্ষণঃ প্রত্যেক কথা আৰু কাৰ্যৰ একোটা সীমা থাকে আৰু যেতিয়ালৈকে সি সীমাৰ ভিতৰত থাকে, তেতিয়ালৈকে তাৰ সুফল সকলােৱে ভােগ কৰিবলৈ পায়। সেইদৰে ভক্তিৰাে একোটা সীমা আছে। স্বাভাৱিক ভক্তিপৰায়ণ লােক সকলােৰে আদৰৰ। ভক্তি যেতিয়া সীমা চেৰাই যায়, তাত ব্যভিচাৰিতা সােমায়। সেইবাবে যি স্বাভাৱিকতকৈ বেছি ভক্তিপৰায়ণ হৈ দেখুৱায়, তেনে লােকৰ অন্তৰত কপটতা থাকে বলি বুজিব লাগে। তেনে লােক হয় দুষ্ট প্রকৃতিৰ, নহয় চোৰ স্বভাৱৰ। স্বার্থসিদ্ধিৰ বাবেই তেওঁলােকে বেছি ভক্তিপৰায়ণ বা বিশ্বাসভাজন হৈ দেখুৱায়। কিন্তু পাছত ছেগ বুজি চুৰ আদি কৰি বা অসৎ কামত লিপ্ত হৈ অনিষ্ট সাধন কৰে। এতেকে যি লােকে অতিমাত্রা ভক্তিপাৰায়ণ হৈ দেখুৱায়, তেনে লােক অনিষ্টকাৰী বুলি বুজি তেওঁলােকৰপৰা আঁতৰি থকাই জ্ঞানী লােকৰ কাম।
২। অধিক মাছত বগলী কণাঃ মাছ বগলীৰ প্রিয় খাদ্য। পানীত মাছ দেখিলে বগলীৰ আনন্দৰ সীমা নােহােৱা হয়। কিন্তু পানীত মাছ যেতিয়া বেছি হয়, তেতিয়া কোনটো এৰি কোনটো ধৰিম কৈ ভাবি থাকোতেই মাছে পলাই পত্রং দিয়ে। ফলত বগলীয়ে বহু আশাৰে খাপ দি থকাতেই থাকি, পাইও হেৰুৱাই নিৰাশ হ'ব লগা হয়। অর্থাৎ ভােগৰ উভৈনদী বস্তু পাই ভােগ কৰিব নােৱাৰাৰ বেদনাত ভূগিব লগা হয়। সেইদৰে মানুহেও আশাত বন্দী হৈ থাকোতে, যেতিয়া আশা পূৰণৰ উভৈনদী সুযােগ পায়, তেতিয়া এনেভাৱে আনন্দ-বিভােৰ হৈ পৰে যে সময়ৰ কর্তব্য পাহৰি যায়, ফলত আশা অপূৰণ হৈয়ে ৰয়। গতিকে মানুহে অধিক পােৱাৰ আনন্দত কর্তব্য পাহৰি যােৱা অনুচিত।
অচিন কাঠৰ থােৰাকো নলগাবা ভাব বহলাই লিখা
৩। অচিন কাঠৰ থােৰাকো নলগাবাঃ ধান বানিবলৈ বা চিৰা খুদিবলৈ টান, লিকটা কাঠৰ থােৰাৰ প্ৰয়ােজন। সি নির্ভৰশীল, তদুপৰি নিৰাপদ। চিনি নােপােৱা, যি কোনাে কাঠৰ থোৰা এফালে নিৰ্ভৰশীলাে নহয়, অনিফালে হঠাতে ফালি বা ভাঙি হাত ঘুণীয়া কৰাৰ সম্ভাৱনাই আটাইতকৈ বেছি। সেইবাবে চিনাকি, সুকাঠী কাঠৰ থোৰা লগােৱাহে উচিত। সেইদৰে যি মানুহৰ স্বভাৱ-চৰিত্ৰ জনা নাযায় আৰু পৰিচয়াে পােৱা নাযায়, তেনে লােকৰপৰা বিপদ হােৱাৰ সম্ভাৱনা থাকে। গতিকে তেনে অপৰিচিত, অজ্ঞাতকুলশীল লোকক আশ্রয় দিয়াও উচিত নহয় আৰু সামান্য কামত হ'লেও সম্পর্ক ৰখা জ্ঞানী লােকৰ কাম নহয়।
আপােনাৰ নাক কাটি সতিনীৰ যাত্ৰা ভংগ কৰা ভাব বহলাই লিখা
ফকৰা-যােজনা / ভাব সম্প্ৰসাৰণ / ভাব বহলাই লিখা
আদাক দেখি উঠিল গা, কেঁতুৰিয়ে বােলে মােকো খা ভাব বহলাই লিখা
৫। আদাক দেখি উঠিল গা, কেঁতুৰিয়ে বােলে মােকো খাঃ আদা উপকাৰী বস্তু; ই হজমকাৰক, তদুপৰি নানা ঔষধৰ উপকৰণ। ইয়াক আঞ্জাত আৰু আন্যান্য খােৱা বস্তুৰ লগত খােৱা হয়। কিন্তু কেঁতুৰি একে জাতীয় বস্তু হ'লেও ই মানুহৰ খাদ্যও নহয় আৰু কোনাে কামতাে নালাগে। আদাক মানুহে খােৱা দেখি কেঁতুৰিয়ে নিজক অভক্ষ্য বুলি জানিও মানুহে খাওক বুলি উপচিয়ে গা পাতি দিয়ে। তথাপি তাক মানুহে নাখায়। সেইদৰে, সংসাৰত এনে কিছুমান মানুহ আছে যি নিজে কোনাে কামৰ অযােগ্য বুলি জানিও, নিজেই পৰিচয় দি গুণ বখানি নিজৰ যােগ্যতা প্রতিপন্ন কৰিব বিচাৰে। জ্ঞানী লােকে তেনে লােকক অযােগ্য বুলি জানি সততে ত্যাগ কৰি চলে।
ফকৰা-যােজনা / ভাব সম্প্ৰসাৰণ / ভাব বহলাই লিখা
উদক ভেঁটা ৰখীয়া পতা ভাব বহলাই লিখা
৬। উদক ভেঁটা ৰখীয়া পতাঃ চেঁপা পাতি মাছ ধৰিবলৈ মানুহে জান-জুৰি আদিত ভেঁটা মাৰে। ভেঁটাত বাধা পাই ডাঙৰ মাছবােৰে জঁপিয়াই পাৰ হ’বলৈ চেষ্টা কৰে। সেইবাবে ভেঁটাত ৰখীয়া থাকে। উদ স্বভাৱতে মাছৰ লুভীয়া। তেনে ক্ষেত্ৰত উদক যদি ভেঁটা ৰখীয়া পতা যায়, তেনেহ'লে সি মাছক জঁপিওৱাত বাধা দিয়া দূৰৰ কথা, খায়েই অন্ত কৰিব। গতিকে উদক ভেঁটা ৰখীয়া পতাটো কোনাে মতেই যুক্তিসংগত হ'ব নােৱাৰে। সেইদৰে লুভীয়া মানুহকো তেওঁলােকে ভাল পােৱা বস্তুৰ ৰখীয়া পাতিলেও একে অৱস্থাই হ’ব। এতেকে লুভীয়া লােকক ৰখীয়া পতা উচিত নহয়।
৭। উদৰ সাতপুৰুষ গ'ল কেঁচা মাছ খাইঃ উদ মাছ খােৱা জীৱ। পানীৰ কেঁচা মাছ খােৱাই সিহঁতৰ নিয়ম। সেই নিয়মৰ ব্যতিক্রম হােৱাৰ কোনাে কাৰণাে হ'ব নােৱাৰে। কাৰণ মানুহৰ দৰে উদে মাছ ৰান্ধি খাব নাজানে আৰু জানিবও নােৱাৰে। মানুহে যি দৰে কেঁচা মাছ খাব নােৱাৰে, সেই দৰে উদে কেঁচা মাছ খােৱাৰ অভ্যাসাে ত্যাগ কৰিব নােৱাৰে, অর্থাৎ পূর্ব পুৰুষৰ বা পৰম্পৰাগত ৰীতি-নীতি এৰিব নোৱাৰে। ইয়াৰদ্বাৰা ইয়াকে বুজাইছে যে, পূর্বাপৰ নীতি ত্যাগ কৰা কাৰাে কাৰণে সম্ভৱ নহয়।
![]() |
| Assamese Proverbs |
ফকৰা-যােজনা / ভাব সম্প্ৰসাৰণ / ভাব বহলাই লিখা
উপকাৰীক অজগৰে খায় ভাব বহলাই লিখা
৮। উপকাৰীক অজগৰে খায়ঃ অজগৰ মহা শক্তিশালী আৰু বিষধৰ সাপ, ই অকল মানুহৰে নহয়, আন্যান্য জাৱ-জন্তুৰো শত্ৰু। ই চলত পালে কাকো শুদাই নেৰে। বিপদত পৰা দেখি ইয়াক যদি ৰক্ষা কৰা হয়। ক্ষীণাই শুকাই যােৱা দেখি গাখীৰাে খুওৱা হয়, তথাপিও সি মানুহৰ উপকাৰৰ কথা ভাবি মানুহক দংশন নকৰাকৈ নাথাকে। শত্রু সদায় শত্ৰুৱেই আৰু সি মানহক দংশন কৰাটো স্বভাৱজাত কথা। সেইদৰে দুষ্ট লােকেও উপকাৰীৰ উপকাৰ চিন্তা নকৰি, সদায় অপকাৰ কৰিবলৈকে চেলু বিচাৰি ফুৰে। এতেকে উপকাৰীৰ উপকাৰৰ শলাগ নােলােৱা, অকৃতজ্ঞ সকলৰপৰা সদায় সাৱধানে থকা উচিত।
উলুৰ লগত বগৰী পােৰা যােৱা ভাব বহলাই লিখা
৯। উলুৰ লগত বগৰী পােৰা যােৱাঃ উলুৱনিৰ মাজত বগৰী গছ প্রায়ে থকা দেখা যায়। বগৰীৰ ফল হয়; ইয়াক জীৱ-জন্তু, মানুহে খায়; ই জীৱৰ উপকাৰী। উলুৰপৰা মানুহৰ তেনে উপকাৰ নহয়, খেতিৰ বাবে মাটি মুকলি কৰিবৰ সময়ত উলুৱনিত জুই দি পুৰি পেলােৱা হয়; সেই জুইয়ে জীৱ-জন্তুৰ উপকাৰী বগৰীকো পুৰি নাশ কৰে। আনৰ সংগত থকা বাবেই, আনৰ দোষতে বগৰীও পােৰা যায়। ইয়াৰ দ্বাৰা ইয়াকে বুজাইছে যে সংগদোষ মানুহৰ বৰ অপকাৰী। অসৎ সংগত থাকিলে সজ লােকো অনেক সময়ত বিপদত পৰিব লগা হয়। সেইবাবে মংগল কামনা কৰা লােকসকলে অসৎ সংগৰপৰা সদায় আঁতৰত থকা উচিত।
১০। উমৈহতীয়া শ বাহী শ হয়ঃ হিন্দুৰ ৰীতিমতে মৃতদেহ বাহী হ’ব নাপায়, সেই বাবেই একেদিনাই কাঠ-সংস্কাৰ কৰা উচিত। কিন্তু কেতিয়াবা তাৰ ব্যতিক্রম হয়; আত্মীয়-কুটুম্ব বা বংশ-পৰিয়াল যদি বেছি হয় তেতিয়া ইজন আহক, সিজন আহক কৰি থাকোতেই বা ইজনে নিয়ক, সিজনে নিয়ক কৈ বাগি ধৰি থাকোতেই ৰাতিয়েই মৃত্যু হােৱা শ, ৰাতি আৰু কাঠ-সংস্কাৰ কৰা নহয় গৈ। পিচদিনা হৈ যায় গৈ আৰু শ-ও বাহী হয়। অর্থাৎ বহুত কৰিবলগীয়া মানুহ থকা উমৈহতীয়া কামবােৰ এইদৰে বাগি ধৰােতে সময় মতে আৰু পৰিপাটিকে হৈ নুঠে। গতিকে উমৈহতীয়া কামবােৰ এইদৰে বাগি ধৰি পেলাই থােৱা উচিত নহয়; গা-লাগি কাম কৰাটোহে উন্নতিৰ পৰিচায়ক।
ফকৰা-যােজনা / ভাব সম্প্ৰসাৰণ / ভাব বহলাই লিখা
ইন্দ্ৰৰ সভাত ফেঁচাৰ কুৰুলি ভাব বহলাই লিখা
১১। ইন্দ্ৰৰ সভাত ফেঁচাৰ কুৰুলিঃ স্বৰ্গৰাজ ইন্দ্র দেৱতাৰ ৰজা। ইন্দ্ৰই ৰাজসভাত দেৱতাসকলৰ সৈতে নানা গুৰুত্বপূর্ণ বিষয়বােৰ গভীৰভাৱে আলােচনা কৰে। ফেঁচা কুলক্ষণীয়া প্রাণী, ইন্দ্ৰৰ ৰাজসভাত কুৎসিৎ ফেঁচাৰ উপস্থিতিয়েই শােভা পায়, তাতে আকৌ কর্কশ আৰু অমংগলীয়া কুৰুলি আৰু অবাঞ্ছনীয়। তাত বিদ্যাধৰী, অপ্সৰী, গন্ধর্বসকলৰ সুললিত গীতহে শােভনীয়, ফেঁচাৰ কুৰুলি হাস্যাস্পদ, ঘৃণনীয় আৰু অশােভনীয়। ইয়াৰ দ্বাৰা ইয়াকে বুজাইছে যে গুৰু-গম্ভীৰ বিষয় আলােচিত গুৰুত্বপূৰ্ণ সভাত, অমংগলীয়া আৰু অপদার্থ লােকৰ উপস্থিতি আৰু বক্তৃতা অবাঞ্ছনীয়।
১২। অজ্ঞানীক জ্ঞান দি মনত পালো কষ্ট, কণীবােৰ ভঙাই পেলাই বাহাে কৰিলাে নষ্টঃ বান্দৰ অতি মূৰ্খ প্রাণী। বৰষুণত তিতি বুৰি জৰুলি জুপুৰি হৈ কষ্ট পােৱা বান্দৰবােৰক টোকোৰা চৰাইবিলাকে নিজৰ উদাহৰণ দেখুৱাই বাহ সাজি ল’বলৈ উপদেশ দিছিল। কিন্তু মূৰ্খ বান্দৰবােৰে বিদ্রুপ কৰা বুলিহে ভাবি টোকোৰাৰ কণীবােৰাে নষ্ট কৰিলে আৰু বাহবোৰাে ভাঙি ছিঙি ধ্বংস কৰিলে। টোকোৰাবােৰে মূৰ্খ বান্দৰবােৰৰ উপকাৰৰ বাবে উপদেশ দিবলৈ যাওঁতে নিজৰহে ঘােৰ অনিষ্ট হ’ল। ইয়াৰ দ্বাৰা ইয়াকে বুজাইছে যে মূৰ্খবোৰক সজ উপদেশ দিলে সিহঁতে ভুল বুজি উপদেশকাৰীৰহে অনিষ্ট সাধন কৰে। এতেকে মূৰ্খক উপদেশ দি লাভ নাই।
১৩। অভ্যসৰ নৰ কৰ্ণ পথে কৰে শৰঃ এজন সৈনিক শৰ সন্ধানত এনে পাৰ্গত আৰু নিপুণ হৈ পৰিছিল যে তেওঁ এগৰাকী তিৰোতা মানুহৰ কেৰু পিন্ধা কাণৰ নিচেই সৰু ফুটাইদিও হেলাৰঙে শৰ সন্ধান কৰিব পাৰিছিল। ইয়াৰদ্বাৰা এই দৃষ্টান্ত দাঙি ধৰা হৈছে যে, অভ্যাস কৃতকার্যতাৰ মূল। অভ্যাসৰ বলত মানুহে অসাধ্য সাধন কৰিব পাৰে; কাম যিমানেই টান নহওক সদায় অভ্যাস কৰি থাকিলে, সি শেষত অতি সহজ হৈ পৰে গৈ। অধ্যৱসায়ৰ যােগেদি কাম কৰাৰ অভ্যাস কৰিব লাগে, তাকে কৰিলে কাণৰ ফুটাই দি শৰ মাৰিব পৰাৰ নিচিনা কঠিন কামাে সহজ হৈ পৰিব।
১৪। আঁঠুৱা চাই ঠেং মেলাঃ মহ নিবাৰণৰ কাৰণে আঁঠুৱা ব্যৱহাৰ কৰা হয়। আঁঠুৱা যিমান দীঘল সেই মতে ঠেং মেলি আঁঠুৱাৰ তলত শুব লাগে। চুটি আঁঠুৱাত দীঘলকৈ ঠেং মেলি দিলে, আঁঠুৱা দাং খাই থাকি মহ সােমাই কামুৰিব, তেতিয়া আঁঠুৱা তৰাৰ কোনাে অর্থই নাথাকিব; তদুপৰি আঁঠুৱাও ফাটিব। গতিকে আঁঠুৱাৰ জোখ অনুযায়ীহে ঠেং মেলা উচিত। ইয়াৰ দ্বাৰা ইয়াকে বুজাইছে যে আয় চাইহে ব্যয় কৰিব লাগে আৰু নিজৰ সামর্থ্য চাইহে কাম কৰিব লাগে। আয়তকৈ ব্যয় বেছি হ'লে ধাৰত পােত খাব লাগিব আৰু সামর্থ্যতকৈ বেছি কৰিব খুজিলে শক্তি ভাঙি গৈ বিপদ ঘটাব।
১৫। এনেই বুঢ়ী নাচনী, তাতে নাতিনীয়েকৰ বিয়াঃ নাতিনীসকল বুঢ়ীমাকসকলৰ বৰ হেপাহৰ আৰু বৰ আদৰৰ। নাতিনীসকলৰ বিয়া বুঢ়ীমাকসকলৰ বাবে তাতােকৈ আনন্দৰ কথা। তাতে যদি বুঢ়ীমাক নাচনী হয় বা ধেমেলীয়া হয়, তেনেহ'লে আনন্দৰ আৰু সীমা নােহােৱা হয়, বুঢ়ীমাকসকল আনন্দত অতিশয় আত্মহাৰা হৈ পৰে। বুঢ়ীৰ নাচোনৰ পাকে সকলােকে আনন্দময় কৰি তােলে। ইয়াৰ দ্বাৰা এইটো বুজা যায় য়ে আনন্দৰ মাজতে যদি আৰু আনন্দৰ কাৰণ উদ্ভৱ হয়, তেনেহ'লে মানুহৰ আনন্দই পাৰ নধৰা হয়; অসীম আনন্দই মানুহক আত্মহাৰা কৰি তােলে।
![]() |
| Assamese Proverbs |
১৬। এশ গৰু মাৰিলে বাঘৰাে মৰণঃ বাঘ অতিশয় হিংস্র জন্তু; ইহঁতে গৰু মাৰে, কিন্তু গাে-বধ মহাপাপ। অধিক গৰু বধ কৰিলে, বাঘৰো মহাপাপ হয়; তাৰ ফলত তাৰ আয়ুস টুটে। তদুপৰি বাঘে গৰু মৰা শুনিলে মানুহেও বাঘক বধ কৰিবলৈ সষ্টম হয় আৰু বাঘৰ অত্যাচাৰ যেতিয়া বাঢ়ি যায়, তেতিয়া যি কোনাে উপায়েৰে মানুহে বাঘ বধ কৰে। অত্যাচাৰ বাঢ়িলে মৰণো ওচৰ চাপি আহে। গতিকেই বাঘৰাে মৰণ হয়। এতেকে মানুহে পাপলৈ ভয় কৰি অসৎ কামৰ পৰা সদায় বিৰত থকা উচিত; নহ'লে পাপ বাঢ়ি গৈ আয়ুস টুটিব আৰু ফলত মৰণ ওচৰ চাপিব।
কিনা হাঁহৰ ঠোঁটলৈকে মঙহ ভাব বহলাই লিখা
১৭৷ কিনা হাঁহৰ ঠোঁটলৈকে মঙহঃ ধন ভাঙি কিনি অনা বস্তুক মানুহে এনেয়ে পােৱা বস্তুতকৈ বহুতাে বেছি মূল্য দিয়ে। সেইদৰে ধন দি কিনি অনা হাঁহৰ কোনাে অংশকে মানুহে পেলাবলৈ ইচ্ছা নকৰে; তাৰ ঠোঁটৰ মাজতাে যেন মঙহ থাকে, এনেভাৱে মঙহ বাছি কুটি উলিয়ায়; আনকি খাব পৰা হ'লে মানুহে ঠোঁটটোকে খালেহেঁতেন। ইয়াৰ দ্বাৰা ইয়াকে বুজোৱা হৈছে যে মূল্য দি অনা বস্তুৰ সামান্য অংশও হানি হ'বলৈ দিয়া উচিত নহয়, সামান্য হানি হােৱা মানেই কিছু অংশ ধনৰ অপব্যয় হােৱা।
কুমলীয়া আদা পাই ভৰিৰে মােহাৰি খােৱা ভাব বহলাই লিখা
১৮। কুমলীয়া আদা পাই ভৰিৰে মােহাৰি খােৱাঃ আদা বুঢ়া হ'লেহে জাল বেছি হয়; কুমলীয়াতে জাল কম। আদা খাব লাগিলে তাৰ ছাল কটাৰীৰে ৰুকি লব লাগে। কিন্তু কুমলীয়া আদাৰ ছাল কোমল বাবে হাতেৰে মােহাৰিয়ে খাব পাৰি। ইয়াত তুচ্ছ কৰি ভৰিৰে মােহাৰি খােৱাৰ কথা কৈছে; (মাহ আদি ভৰিৰে মােহাৰিও মাৰে)। ইয়াৰ দ্বাৰা ইয়াকে কোৱা হৈছে যে ঢিলা মানুহ পালে মানুহে তাৰ সহজতে অপকাৰ কৰিবলৈ উদ্যত হয়। সুচল পাই অপকাৰ কৰা সহজ। কিন্তু সজ লােকে তেনে কাম কৰা উচিত নহয়।
১৯। কুকুৰৰ নেজ দীঘল হয়, নিজে পাৰি বহিবঃ কুকুৰক মানুহে অস্পৃশ্য জীৱ বুলিয়ে ধৰে; তাৰ যদি নেজ দীঘল হয়, তেনেহ'লে সি নিজেহে পাৰি বহিব লাগিব। আনে বহিবলৈ নাযায়। আনহাতে ইহঁত জ্ঞাতি হিংসুক; গতিকে আনকো বহিবলে নিদিয়ে। অর্থাৎ কুকুৰৰ নেজ দীঘল হােৱাৰ পৰা আন কাৰাে উপকাৰ নহয়। সেইদৰে অসৎ লােকেও নানা অসৎ উপায়েৰে ধন ঘটে। অসৎ উপায়েৰে অৰ্জা ধন অসৎ কামতেই খৰচ হয়; তাৰপৰা আনৰ উপকাৰ নহয়। সেইদৰেই কৃপণে চাই থাকিবৰ কাৰণেহে ধন ঘটে; সেই ধন কোনাে লােকৰ উপকাৰত খৰচ কৰা নহয়। এতেকে কেৱল নিজৰ বাবেহে অর্জা ধন, কুকুৰৰ দীঘল নেজৰ তুল্য।
ফকৰা-যােজনা / ভাব সম্প্ৰসাৰণ / ভাব বহলাই লিখা
খঙত পেট কাটি ছমাহলৈ শুকনী খােৱা ভাব বহলাই লিখা
২০। খঙত পেট কাটি ছমাহলৈ শুকনী খােৱাঃ খং মানুহৰ ঘােৰ শত্ৰু। বেছিকৈ খং উঠিলে মানুহে হিতাহিত জ্ঞান হেৰুৱাই পেলায়। কেতিয়াবা নিজকে পাহৰি যায় আৰু কেতিয়াবা এনে হয় যে খঙৰ জালত কি কৰিছে নিজেই ক'ব নােৱাৰা হয়। এনে অৱস্থাত কেতিয়াবা আনৰ অনিষ্ট কৰিব নােৱাৰি নিজৰ পেটকে কাটি লয়। খং যেতিয়া মাৰ যায়, তেতিয়াহে অনুশােচনা আহে আৰু কৃতকর্মৰ বাবে অনুতাপত ভুগিব লগা হয়। নিজৰ পেটৰ ঘা শুকুৱাবলৈ পাছত ছমাহ বা তাতােকৈ বেছিদিন শুকুনী (ঔষধ) খাব লগা হয়। ইয়াৰ দ্বাৰা ইয়াকে বুজাব খুজিছে যে খঙৰ জালত মানুহে আনৰ অনিষ্ট সাধন যে কৰেই, নিজৰাে অনিষ্ট সাধন কৰি কষ্টভােগ কৰিব লগা হয়। সেইবাবে মানুহে খঙক লাই নিদি সদায় দমাই ৰাখিবলৈ চেষ্টা কৰা উচিত।
ফকৰা-যােজনা / ভাব সম্প্ৰসাৰণ / ভাব বহলাই লিখা
গােৰ মাৰি গংগাত পেলােৱা ভাব বহলাই লিখা
২১। গােৰ মাৰি গংগাত পেলােৱাঃ গংগা হিন্দুসকলৰ পৱিত্ৰ নদী। গংগাত স্নান কৰিলে পাপ খণ্ডন হয় আৰু পুণ্য হয় বুলি হিন্দুসকলৰ বিশ্বাস; আন কি সেই বিশ্বাসতে বহুতে পিতৃ-মাতৃৰ অস্থি গংগাত বিসর্জন দি পৰলােকগত আত্মাৰাে কল্যাণ কামনা কৰে। কোনােবাই কাৰােবাক কষ্ট দিবৰ উদ্দেশ্যে খঙত গােৰ মাৰি দিওঁতে তেওঁ যদি গংগাত পৰে গৈ, তেনেহ'লে তেওঁৰ অযাচিত গংগাস্নান হে হয় আৰু ফলত তেওঁৰ পুণ্য লাভ হয়। অর্থাৎ কোনােবাই কেতিয়াবা কাৰােবাৰ অনিষ্ট সাধন কৰিবলৈ চেষ্টা কৰােতে তেওঁৰ অনিষ্ট নহৈ উপকাৰ হে হয়।
ঘন ঘনকৈ দিবা আলি, তেহে খাবা নানা শালি ভাব বহলাই লিখা
২২। ঘন ঘনকৈ দিবা আলি, তেহে খাবা নানা শালিঃ শালি ধানৰ কাৰণে যথেষ্ট পৰিমাণৰ পানীৰ প্রয়ােজন। সেইবাবে শালিতলীত পানী ৰাখিবৰ কাৰণে আলি দিয়া হয়। মাটি বাম হ’লে পানী সহজে নৰয়। তাৰ কাৰণে আলি ঘনাই দিয়াৰ প্রয়ােজন হয়। আলি ঘন হ'লে পানী ৰ’বই আৰু তেতিয়া বাম মাটিতাে শালি খেতি ভাল হয়। গতিকে নানাবিধৰ ভাল শালি খেতি পাবলৈ হ'লে পথাৰত আলি ঘনাই দিব লাগে। ইয়াৰ দ্বাৰা ইয়াকে বুজাইছে যে কোনাে বিষয়ত সুফল পাব খুজিলে, তাৰ সু-ব্যৱস্থাও ল’ব লাগে। এইষাৰ ডাকৰ বচন।
২৩। চ'তৰ বিহুলৈ ছমাহ থাকোতেই হাত মেলি নচাঃ চ'তৰ বিহু অসমীয়া জাতিৰ বৰ মৰমৰ, অতি দৰদৰ; সেয়েহে মানুহে অন্তৰৰ সকলাে আৱেগ, সকলাে অনুভূতি উজাৰি নাচি নাচি, গীত গাই আনন্দ উপভােগ কৰে। আৱেগৰ উচ্ছ্বাসে মানুহক কোনােবা সুখৰ মধুৰ মায়াপুৰীলৈ লৈ যায়। সংসাৰত এনে কিছুমান মানুহ আছে, যি বিহুৰ নামত এনে উত্ৰাৱল যে লাগিলে বিহুলৈ ছমাহেই থাকক, তথাপি বিহুৰ নাম শুনিয়ে উলাহত নাচোন আৰম্ভ কৰি দিয়ে। ইয়াৰ দ্বাৰা ইয়াকে বুজাইছে যে কিছুমান মানুহে আশা পূৰণৰ চেষ্টা কৰক বা নকৰক, আশাৰ কথা চিন্তা কৰিয়ে বৰ বেছিকৈ উচ্ছ্বাসিত হৈ পৰে; কিন্তু এনে উচ্ছ্বাস সদায় মংগলজনক নহয়।
![]() |
| Fokora Jujona |
চোৰ গ'লে বুদ্ধি, বৰষুণ গলে জাপি ভাব বহলাই লিখা
২৪। চোৰ গ'লে বুদ্ধি, বৰষুণ গলে জাপিঃ চোৰে যাতে সম্পত্তি চুৰ কৰি নিব নােৱাৰে, তাৰ কাৰণে বুদ্ধি কামত লগালেহে সেই বুন্ধি মূল্যৱান হয়; সেইদৰে বৰষুণত ৰক্ষা পাবৰ বাবেহে জাপিৰ প্রয়ােজন। সেয়ে নহৈ চোৰে সম্পত্তি চুৰ কৰি নিয়াৰ পাছতহে যদি চোৰ খেদাৰ বুদ্ধি ওলায় আৰু বৰষুণত তিতি-বুৰি জুৰুলি-জুপুৰি হােৱাৰ পাছতহে জাপি লােৱা হয়, তাৰপৰা কোনাে কামত নাহে। সেই বুদ্ধিও মূল্যহীন, জাপিও মূল্যহীন। অর্থাৎ অসময়ত ওলােৱা দুয়ােটা উপায়েই মূল্যহীন। এতেকে অনিষ্ট হােৱাৰ আগতেই অনিষ্ট নিবাৰণ উপায় উদ্ভাৱন কৰা উচিত।
২৫। টেঙা আম এবাৰহে বেচিব পাৰিঃ মানুহে টেঙা আম খাবলৈ বৰ ভাল নাপায়; সেইবাবে ধন দি কোনেও টেঙা আম নিকিনে। কিন্তু বেঁচোতাই টেঙা আমকে মিঠা আম বুলি ফাঁকি দি বেচে। মানুহে যেতিয়া এবাৰ জানে যে তেওঁৰ আম টেঙা, তেতিয়া দ্বিতীয়বাৰ আৰু কোনেও তেওঁৰ আম নিকিনে। আনকি পাছত যদি মিঠা আমাে বেচিবলৈ আনে, মানুহে আৰু তেওঁক বিশ্বাস নকৰা হয়। এবাৰ ঠগ খালে, মানুহে আগলৈকো ঠগ খাব বুলি ভয় কৰে আৰু সাৱধান হয়। এতেকে যি আনক ফাঁকি দিয়ে, তেওঁক পাছলৈ কোনেও বিশ্বাস নকৰা হয়।
তুলসীৰ লগত কলপটুৱাৰাে মুক্তি ভাব বহলাই লিখা
২৬। তুলসীৰ লগত কলপটুৱাৰাে মুক্তিঃ তুলসীক পৱিত্ৰ জ্ঞান কৰা হয়; সেইবাবে পূজা, সেৱা সকলােতে তুলসী ব্যৱহাৰ কৰা হয়। তুলসী এনেয়ে পৱিত্ৰ, তাতে যাগ-যজ্ঞ; পূজা সেৱা আদিত তুলসীৰ মুক্তি হয়; কলপটুৱা পৱিত্ৰ বস্তু নহয়; কিন্তু পৱিত্র অনুষ্ঠানত তুলসী আদি থবৰ কাৰণেই কলপটুৱাৰে তৈয়াৰী খােল বা ডােঙাৰ প্রয়ােজন হয়, গতিকে পৱিত্র তুলসীৰ স্পৰ্শত কলপটুৱায়াে পৱিত্ৰ হৈ মুক্তি লাভ কৰে। ইয়াৰ দ্বাৰা বুজাব খােজা হৈছে যে যি পৱিত্ৰ, সি আনকো পৱিত্ৰ কৰে আৰু সেয়েহে পৱিত্ৰৰ লগতে মুক্তি লাভৰ সুবিধা পায়। এতেকে সৎ সংগ লােৱা উচিত।
ফকৰা-যােজনা / ভাব সম্প্ৰসাৰণ / ভাব বহলাই লিখা
২৭। ধান পকে মানে টুনিৰ মৰণঃ টুনি চৰায়ে পকা ধান খাবলৈ ভাল পায়; গতিকে পকা ধান খাবলৈ ধাননিত জাকে জাকে টুনি পৰে, টুনি পৰিলেই গৃহস্থই নানা উপায়েৰে খেদে; তদুপৰি ধান পকিলে গৃহস্থইও দাই আনে; এনে অৱস্থাত ধান পকালৈ বাট চাই থকা মানেই লঘােণে থাকি টুনিৰ মৰণ হ'ব। সেইবাবে টুনিয়ে ধান পকাৰ আগৰেপৰাই ধান খাবলৈ আৰম্ভ কৰে। মানুহৰ ক্ষেত্ৰতাে এনে কথাই খাটে। ঘৰত যেতিয়া খাবলৈ ভাত নাথাকে, তেতিয়া ধান পকালৈ বাট চাই নােখােৱাকৈ লঘােণে জীয়াই থাকিব নােৱাৰি। সেইবাবে ধান পকালৈকে জীয়াই থাকিবলৈ হ'লে, অন্য উপায়েৰে উপার্জন কৰি জীৱিকাৰ ব্যৱস্থা কৰিব লাগিব, নহ'লে মৰণ নিশ্চিত। এতেকে জীৱিকাৰ উপায় ওলােৱাৰ আগতে মানুহে জীয়াই থকাৰ আগতীয়া ব্যৱস্থা কৰি ল'ব লাগে।
২৮। ধাৰে কাটিলেও কটা, গাদিৰে কাটিলেও কটাঃ দা-ৰ ধাৰেৰে কাটিলে সহজতে কটা যায়, গাদিৰে সহজতে কটা নাযায়। কিন্তু তথাপি বহু কষ্টৰ মুৰত কটা যায়। ধাৰেৰে কাটক বা গাদিৰেই কাটক দয়ােটাই কটা কার্যই আৰু দুয়ােটাৰে পৰিণাম একেই। কেৱল কার্য সম্পাদন কৰাৰ ধৰণটোহে বেলেগ। সেইদৰে প্রত্যক্ষভাৱেই কৰক বা পৰোক্ষভাৱেই কৰক অপকাৰ সদায় অপকাৰেই, সি অন্য কিবা হ'ব নােৱাৰে। এতেকে নিজেই বা আনৰ হতুৱাইও মানুহে মানুহৰ অপকাৰ কৰিবলৈ চেষ্টা কৰা অনুচিত।
![]() |
| Proverbs |
নাও বুৰিলেও টিঙৰপৰা ননমা ভাব বহলাই লিখা
২৯। নাও বুৰিলেও টিঙৰপৰা ননমাঃ নাৱৰ গুৰিয়ালজনৰ যিদৰে দায়িত্ব বেছি, সেইদৰে মানাে বেছি, সেইবাবে তেওঁৰ অহংকাৰো বেছি। নাৱৰ ওখ টিঙত বহি তেওঁ মাত্র গুৰি ধৰে; বাকী নাৱৰীয়াসকলে তেওঁৰ আদেশত নাও বায়। কেতিয়াবা কোনাে দুৰ্ঘটনাত যদি নাও বুৰিবও লগা হয়, তথাপি টিঙৰপৰা নামিবলৈ ইচ্ছা নকৰে; জানােচা সন্মান হানি হয়, গর্ব খর্ব হয়। সেইদৰে সংসাৰত এক শ্ৰেণীৰ মানুহ আছে, তেওঁলােকে সদায় আনতকৈ এখােপ ওপৰত থাকিবলৈ বিচাৰে; তেনে মানুহে হাজাৰ বিপদত পৰিলেও বা সৰ্বস্বান্ত হৈ গ'লেও অহংকাৰৰ কাৰণে তললৈ নানামে। এনে লােক অহংকাৰৰ কাৰণেই আনৰ সহানুভূতিৰ পৰাও বঞ্চিত হয়।
৩০। পৰৰ মূৰত খােৱা, ভটীয়া নাৱত যােৱাঃ যি মানুহে পৰৰ উপাৰ্জনৰ ওপৰতে খায়, তেওঁলােকে পৰিশ্ৰমৰ বাবেও চিন্তা কৰিব নালাগে আৰু উপাৰ্জনৰ বাবেও চিন্তা কৰিবৰ প্রয়ােজন নাই। এওঁলােক সুবিধাবাদী আৰু কর্মবিমুখ। সেইদৰে ভটীয়নি সোঁতত নাও মেলি দিয়াও অতি সহজ; সোঁতেই নাও চলাই লৈ যায়; কেৱল গুৰি ধৰি পােনাইহে যাব লাগে। এনে সুবিধা কোনাে মানুহেই এৰি দিব নােৱাৰে। সংসাৰতাে এনে সুবিধাবাদী অনেক লােক আছে; তেওঁলােকে ৰঘুমলাৰ দৰে পৰৰ ওপৰতে মহাসুখে খাই-বৈ নিশ্চিন্ত মনে আৰু বিনা কষ্টে জীয়াই থাকে। পিচে এনে মানুহ বিপদত পৰিলে উদ্ধাৰৰ কোনাে উপায় নাথাকে।
ফকৰা-যােজনা / ভাব সম্প্ৰসাৰণ / ভাব বহলাই লিখা
৩১। ফটা কঁথা তিতে মানে গালৈহে গধুৰঃ ফটা কাপােৰ জাপ জাপ কৰি কঁথা তৈয়াৰ কৰা হয়, ই যথেষ্ট ডাঠো হয় আৰু গধুৰাে হয়। দুখীয়া মানুহে জাৰত ইয়াকে গাত লৈ জাৰৰপৰা ৰক্ষা পায়। গাত কঁথা লৈ পানীয়েদি গলে সাবধান হ'ব লাগে; কাৰণ কঁথা পানীত তিতিলে বৰ গধুৰ হয়; নিবও নােৱাৰি থবও নােৱাৰি, ভালুকৰ সংগী হৈ পৰে; আনহাতে সিয়েই দুখীয়াৰ জাৰ নিবাৰণৰ সম্বল, এতেকে এৰি থৈ যােৱাও টান। গতিকে সি যাতে নিতিতে তাৰ কাৰণে সাৱধান হােৱা উচিত। এই কথাৰে ইয়াকে বুজাইছে যে কৰিবলগীয়া কাম সময় মতে কৰি যাব লাগে; কাম পেলাই থওঁতে থওঁতে বােজা বাঢ়ি গৈ থাকিব; শেষত সমাধান কৰাৰ উপায় বিচাৰি নােপােৱা হ'ব।
৩২। ফিৰিঙতিৰপৰা খাণ্ডৱদাহ হয়ঃ খাণ্ডৱ এখনি বিশাল আৰু বিস্তীর্ণ অৰণ্য আছিল। শত-সহস্র পশু-পক্ষী, জীৱ-জন্তুৰ ই আছিল আবাসভূমি। অগ্নি দেৱতাৰ পৰিতৃপ্তিৰ কাৰণে ইয়াক অর্জুনে দাহন কৰিছিল; ফলত অৰণ্য আৰু তাৰ হাজাৰ-বিজাৰ জীৱ-জন্তু ভস্মীভূত হৈ গৈছিল। সামান্য এটা ফিৰিঙতিয়েই সুবিশাল খাণ্ডৱ অৰণ্য ছাইত পৰিণত কৰিছিল। সেইদৰে সামান্য একোটা ঘটনাৰপৰা বিৰাট ধ্বংস কার্য সংঘটিত হ'ব পাৰে; এতেকে সামান্য বস্তু বা ঘটনা বুলি আওহেলা নকৰি তাৰ পৰা হ'ব পৰা অনিষ্ট যাতে হ'ব নােৱাৰে, তাৰ কাৰণে তাক আদিতেই নােহােৱা কৰিব লাগে।
৩৩। বেজীৰ জলাকো মনে কুঠাৰৰ জলাকো নমনেঃ বেজীৰ জলা নিচেই সৰু; তাক সহজে মনিব নােৱাৰি, কুঠাৰৰ জলা ডাঙৰ; তাক সহজে মনিব পৰা যায়। ইয়াত বিপৰীতভাৱে সৰু কথালৈকো মন দিয়া, অথচ ডাঙৰ কথালৈকো মন নিদিয়াৰ বিষয়ে কৈছে। বহুতাে লােক আছে যি ডাঙৰ কামত দুপইচা খৰচ কৰিবলৈকো টান পায়। অথচ অনেক সৰু আৰু অলাগতিয়াল কামত হাজাৰ টকা খৰচ কৰিবলৈকো কুণ্ঠাবােধ নকৰে। এনে মানুহ, যি ক্ষেত্ৰত উদাৰ হােৱা উচিত, তেনে ক্ষেত্ৰত উদাৰ নহৈ অনুচিত ক্ষেত্ৰতহে উদাৰ হয়।
৩৪। মহন্তৰ চিন মাহনিতঃ লহপহকৈ হােৱা, লােমালুমে লাগি থকা মাহনিত সােমালে দুটা মাহ ছিঙি খাবলৈ বা দুজোপা উঘালি আনি খাবলৈ স্বাভাৱিকতে লােভ লাগে। এই লােভ সামৰা বৰ টান; অথচ তাৰপৰা সামান্য হলেও গৰাকীৰ হানি হয়। লােভৰ বশৱৰ্তী সাধাৰণ মানুহৰ সেই কথা চিন্তালৈ নাহে, গতিকে মাহনিত সােমালে মাহ খাবই। কিন্তু যি সকল জ্ঞানীলােক তেওঁলােকৰ বিবেচনাই সেই কথা ঢুকি পায় বাবে লােভ সম্বৰণ কৰে। যি সকল প্রকৃত মহন্ত অর্থাৎ জ্ঞানী তেওঁলােকক ভােগৰ সম্ভাৰৰ মাজত সহজে চিনি পােৱা যায়; তেওঁলােকে হাজাৰ ভােগৰ সামগ্ৰীৰ মাজতাে লােভ সম্বৰণ কৰি চলে। এতেকে যি ভােগৰ উভৈনদী সম্ভাৰ পায়াে লােভ সম্বৰণ কৰে, তেওঁহে প্রকৃত মহন্ত।
![]() |
| Proverbs |
৩৫। ৰাইজে নখ জোকাৰিলে নৈ বয়ঃ এটোপ এটোপ পানী লগ হৈয়ে নদীৰ সৃষ্টি হয়; সেইদৰে একত্রিত হােৱা অজস্র মানুহৰ নখৰ আগত উঠা এটোপ এটোপ পানী মিলিত হৈও একোখন নদীৰ সৃষ্টি হ'ব পাৰে; আৱশ্যক মাত্র একত্রিত কৰাৰ। সেইদৰে বহুতাে মানুহ এক হৈ প্রত্যেকেই অলপ প্রচেষ্টা আগবঢ়ায়ো একোটা মহৎ কার্য সম্পাদন কৰিব পাৰে। এপইচা, দুপইচাকৈ ৰাইজে আগবঢ়োৱা বৰঙণিৰ দ্বাৰাই বর্তমান যুগত একো একোটা মহৎ শিক্ষানুষ্ঠান গঢ়ি তুলিছে। এতেকে ৰাইজৰ সন্মিলিত শক্তিয়ে জগতত বহুত মহৎ কার্য সম্পাদন কৰিব পাৰে।
ফকৰা-যােজনা / ভাব সম্প্ৰসাৰণ / ভাব বহলাই লিখা
৩৬। লােকলৈ বুলি হুল পুতি নিজে মৰে ফুটিঃ বিন্ধাই হুলৰ কাম; ই আপােন পৰ নাজানে। ঈর্ষাপৰায়ণ লােকে আনক বিন্ধক বুলি অহা যােৱা কৰা বাটত বা বাৰীৰ ঢাপত হুল পুতি থয়। কিন্তু কেতিয়াবা পাহৰাতে সেইফালে গ'লে বা জানিও ভালকৈ মন নকৰাৰ কাৰণে নিজেই সেই হুলত পৰি আঘাত পাব লগা হয়। অর্থাৎ পৰক আঘাত দিবলৈ চিন্তা কৰােতে নিজেই সেই আঘাত পাব লগা হয়। এতেকে আনৰ অহিত চিন্তা কৰা অযুগুত।
৩৭। সাপ মাৰি নেগুৰত বিহ থােৱাঃ সাপ হিংস্ৰ আৰু বিষধৰ প্রাণী। ইয়াৰ হেনাে নেগুৰতাে বিষ থাকে আৰু ছাটি মাৰি দিলেও বিষ লাগি মানুহ মৰে। সাপক কোবাই মাৰিলেও বহু সময়লৈকে নেগুৰডাল জীয়াই থাকে। গতিকে তাৰপৰা বিপদৰ সম্ভাৱনাও থাকে। সেইবাবে সাপ মাৰিলে নেগুৰডালাে কোবাই ভালকৈ মাৰিব লাগে। ইয়াৰ দ্বাৰা এইটো বুজাইছে যে শত্ৰুৰ মুঠেই চিন থােৱা অনুচিত। শত্ৰুক সম্পূর্ণৰূপে নির্মূল কৰি ভৱিষ্যতে যাতে কোনাে অনিষ্ট সাধন কৰিব নােৱাৰে, তাৰ ব্যৱস্থা কৰিব লাগে।
৩৮। শাকত নাখায় লােণ, পিটিকাত যায় তিনিগুণঃ শাকত লােণ নিদিলে খাবলৈ সােৱাদ নহয়। কিন্তু এই কথা জানিও কোনােৱে অধিক লােণ খৰচ হােৱাৰ ভয়ত শাকত লােণ নিদিয়ে বা দিলেও খুব কমকৈ দিয়ে; ইয়াৰ ফলত লােণ ৰাহি হয়। আনহাতেদি আলু, বেঙেনা, মাছ আদিৰ পিটিকা কৰােতে অ'ত অকণমান ত'ত অকণমান লােণ দিওঁতে তাতােকৈ বেছি হে লােণ খৰচ হয়। অর্থাৎ এহাতেদি ৰাহি কৰিবলৈ বিচাৰােতে আনহাতেদি দুগুণে। ব্যয় হে হয়। এতেকে মানুহে সকলাে দিশ বিবেচনা কৰি চাইহে, কাম কৰা উচিত।
৩৯। হৰিণাৰ মাংসই বৈৰীঃ হৰিণাৰ মাংসৰ প্রতি মানুহৰ লােভ স্বাভাৱিক। কাৰণ ই সােৱাদ আৰু সহজে জীণ যায়। আনহাতে হৰিণ অতি নিৰপৰাধী, নিৰীহ আৰু দেখাতো বৰ শুৱনি। তথাপি তাৰ মঙহৰ কাৰণেই তাৰ সৌন্দর্য আৰু নিৰীহতালৈ লক্ষ্য নকৰি বধ কৰে। অর্থাৎ মাংসই তাৰ শত্ৰু হ'ল। সেহদৰে বহুতৰ অজস্র সম্পদ থকাৰ বাবেই তাৰ লােভত আৰু প্রতিহিংসাত শত্রু বাঢ়ে; তেওঁৰ বাবে সম্পদেই শত্রু; আন কাৰােবাৰ ক্ষেত্ৰত সৌন্দর্যৰ বাবে নানা অনর্থ আৰু অঘটন ঘটে; তেনে লােকৰ বাবে সৌন্দর্যই শত্রু।
![]() |
| Fokora Jujona |
৪০। যি মূলা বাঢ়িব তাৰ দুপাততে চিনঃ অংকুৰিত হােৱা মূলা পুলি এটা আগলৈ ভাল হ’ব নে নহয়, তাৰ চিন সৰুতেই পােৱা যায়। যিটো মূলা পুলি ভাল হ'ব, সি দুপতীয়াতে লহপহকৈ ধুনীয়াকৈ বাঢ়ি আহিব; যিটো কেৰুণীয়া হ'ব, সি দুপতীয়াতে মেমেৰা হ'ব; এতেকে ভাল বেয়াৰ চিন সৰুতেই পােৱা যায়। এই কথা সকলাে ক্ষেত্ৰতে খাটে। খেতি এডৰা লহপহকৈ বাঢ়ি আহিলে, ভৱিষ্যতে নিশ্চয় প্রচুৰ ফলদায়ক হ'ব। সেইদৰে যি ল’ৰা শৈশৱতেই সজ হ'ব, কামত আগৰণুৱা হ'ব, আৰু তীক্ষ্ণ বুদ্ধিসম্পন্ন হ’ব সি ভৱিষ্যত জীৱনতাে সকলােতে অগ্রণী আৰু প্রতিভাৱান হ'বই।
ফকৰা-যােজনা / ভাব সম্প্ৰসাৰণ / ভাব বহলাই লিখা
৪১। হলা গছত আটায়ে বাগী কুঠাৰ মাৰেঃ থিয় হৈ থকা গছ এজোপা কাটোতে যথেষ্ট সময় লাগে, কষ্টও লাগে। কিন্তু এজোপা হালি থকা গছ বৰ সহজতে আৰু কম সময়তে কাটিব পাৰি। বগা লগাই অলপমান কাটি দিলেই সি সহজে বাগৰি পাৰিব। সেইবাবে তাক যেয়ে সেয়ে বগা লগাই কাটিব বিচাৰে; কিন্তু থিয় হৈ থকা গছজোপা কষ্ট কৰিব লাগে বাবেই কাটিব নােখােজে। ইয়াৰদ্বাৰা এইটোকে বুজাইছে যে দুর্বল বা বিপন্ন লােকৰ অতি সহজে বিপদ ঘটাব পাৰি আৰু তেওঁলােকক কাতৰাে কৰাব পাৰি; কিন্তু গজ-গজীয়া, বলী, সম্পদশালী লােকক নােৱাৰি। এতেকে দুর্বলীক বেছি দুর্বল কৰিবলৈ আঘাত কৰা অনুচিত।
৪২। হস্তীৰো পিচলে পাৱ সজ্জনৰাে বুৰে নাওঃ হাতী শক্তিশালী জীৱ। তাৰ ভৰিও মােটা আৰু শকত। সেইবাবে সহজে আৰু সাধাৰণতে পিচল নাখায়। কিন্তু কেতিয়াবা হঠাতে খােজকঢ়াৰ এনে ব্যতিক্রম ঘটি যায় যে হাতীও পিচলিবলৈ বাধ্য হয়। সেইদৰে সজ্জন সকলাে সদায় সৎ পথত থাকি আনৰ হিত সাধনেই কৰে। তেওঁলােকে নৌকা যাত্রা কৰিলেও সহজভাৱেই কৰে; সাৱধানাে হয়; গতিকে তেওঁলােকৰ নাও বুৰিব নােৱাৰে। কিন্তু কেতিয়াবা এনে দুর্ভাগ্যই লগ লয় যে তেওঁলােকৰ নাৱাে বুৰি যায়। ইয়াৰদ্বাৰা ইয়াকে বুজাইছে যে সকলো প্রাণীয়েই ভাগ্যৰ অধীন। গতিকে বিপদ-সম্পদ সকলােৰে ভাগ্যতে ঘটে।
৪৩। জী ভালেই জোঁৱাই ভাল আপােন ভালেই জগত ভালঃ জোঁৱাই পৰৰ সন্তান। সেইবাবে ভাল হ'ব নে নহয়, সজ নে অসজ, সতকাই কোৱা টান। কিন্তু জীয়াৰীজনী নিজৰ বাবে ভাল নে বেয়া সহজেই ক'ব পাৰি। আনহাতেদি জীয়াৰী যদি ভাল হয়, তেনেহ'লে জোঁৱাই যেনেকুৱাই নহওঁক, তেওঁক গঢ় দি ভাল কৰি ল'ব পাৰে। অর্থাৎ জী ভাল হ'লে, জোঁৱাইকো যিকোনাে প্রকাৰে ভাল কৰি ল'বই। সেইদৰে নিজে ভাল হ'লে আনেও ভাল পাব আৰু নিজ গুণৰ বলত আনকো ভাল কৰি ল'ব পাৰিব। এতেকে নিজৰ চৰিত্ৰৰ ওপৰতেই ভাল-বেয়া সকলাে নির্ভৰ কৰে।
৪৪। আপদৰ মাত আকালৰ ভাতঃ বিপদৰ বন্ধুহে আচল বন্ধ। বিপদৰ সময়তহে মানুহক মানুহ লাগে। বিপদৰ সময়ত সামান্য এপদ বস্তু দিলেও বহুত সহায় হয়, বস্তু দি সহায় কৰিব নােৱাৰিলেও সহানুভূতি জনাই এষাৰ মাত দিলেও মানুহে বহুতাে সকাহ পায়, সাহ বাঢ়ে। সেইদৰে আকালৰ সময়ত সামান্য এমুঠি ভাত দি সহায় কৰিলেও পৰম ধৰ্ম হয় আৰু জীৱকো সহায় কৰা হয়। বিপদত এষাৰ মাত দিয়া আৰু আকালত এমুঠি ভাত দিয়া দুয়ােটাই পৰম ধৰ্ম আৰু মহৎ উপকাৰ। তাকে কৰিব পৰাটোৱেই প্রকৃত মানৱ ধর্ম।
![]() |
| Fokora Jujona In Assamese |
৪৫। মুখতে বঁটা পায়, মুখতে কটা যায়ঃ মানুহক মুখেই তাৰিবও পাৰে, মুখেই মাৰিবও পাৰে। মুখেৰে কথা কোৱা যায়; সেই কথা ক'ত কেনেকৈ ক'ব লাগে, বা কি পৰিস্থিতিত কেনেভাৱে কথা ক'ব লাগে তাক মানুহে জনা উচিত। মুখ আছে বুলিয়েই যেতিয়াই যিহকে তিহকে কোৱাৰ ফলত মানুহ বিপদত পৰে। কথা সুন্দৰকৈ, সময়ােপযােগীকৈ সজাই-পৰাই ক'ব পাৰিলে মানুহৰ পৰা প্রশংসা পােৱা যায় আৰু মানুহকো আপােন কৰি ল'ব পাৰি; সেয়ে মুখৰ বঁটা। কিন্তু কথা ক’ব নাজানি য’তে ত’তে, যিহকে তিহকে ক’লে মানুহৰ অপ্রিয়ভাজন হ'ব লগা হয়; ফলত শত্ৰু বাঢ়ে আৰু বিপদো আহে; সিয়েই কটা যােৱাৰ তুল্য। এতেকে সদায় মুখক বশ কৰি ৰাখি জুখি-মাখি কথা কোৱা উচিত।
বুঢ়াৰ কথা নুশুন ডেকা, টানত পৰি কিয় কেঁকা ভাব বহলাই লিখা
৪৬। বুঢ়াৰ কথা নুশুন ডেকা, টানত পৰি কিয় কেঁকাঃ বুঢ়াসকলেই সংসাৰৰ আটাইতকৈ অভিজ্ঞ লােক। তেওঁলােকে জীৱনত বহুতাে দেখি-শুনি, শিকি-বুজি বহুতাে অভিজ্ঞতা অর্জন কৰে। তেওঁলােকৰ অভিজ্ঞতা পুষ্ট জ্ঞানেৰে ডেকাসকলকো নানা উপদেশ দি, সজ বাট প্রদর্শন কৰি জীৱন সুন্দৰ আৰু মঙ্গলময় কৰি ল'বলৈ পৰামর্শ দিয়ে। ডেকাসকলে বয়সৰ স্বভাৱজাত উতনুৱামিৰ কাৰণেই তেওঁলােকৰ উপদেশ অমান্য কৰি অবাটে গৈ পাছত পৰিণাম ভােগ কৰিবলগীয়া হয়। কেতিয়াবা ঘােৰ বিপদতাে পৰি ককবকাব লগা হয়। এতেকে বুঢ়াসকলৰ উপদেশ শিৰােধার্য কৰি জীৱনৰ বাটত বাট বুলা উচিত।
অ বৰ্ণ/আখৰৰ ফকৰা-যােজনা/Fokora Jujona (Proverbs) অৰ্থ আৰু ভাব বহলাই লিখা সমূহ তলত দিয়া হল:
অধিক মাছত বগলী কণা:
বহুত বেছি বিকল্প থাকিলে
তাৰ মাজৰ পৰা এটা
বাছনি কৰা অসুবিধা হয়।
বগলীয়ে
মাছ খাই ভাল পায়। ই
মাছ ধৰাৰ ক্ষেত্ৰতো অত্যন্ত
পাৰ্গত। কিন্তু
চৌদিশে মাছৰ উভৈনদী হ'লে কোনটো ধৰোঁ
কোনটো নধৰোঁ হৈ বগলীয়ে
মাছ ধৰিব নোৱাৰা হয়। সেয়েহে
অত্যধিক বিকল্পৰ ক্ষেত্ৰত বাচ-বিচাৰ কৰি
থাকোঁতে বাছনিত ভুল হোৱাৰ
বা বাছনি কৰিব নোৱাৰা
নহ'বলৈ এই যোজনাৰদ্বাৰা
সঁকিয়াই দিয়া হৈছে।
অভ্যাসৰ
নৰ, কৰ্ণপথে কৰে শৰ: নিয়মিত
অভ্যাস কৰিলে যিকোনো কামেই
সহজে কৰিব পাৰি।
কাণৰ কেৰু বা থুৰীয়া
পিন্ধা ফুটাটো সৰু।
ইয়াৰ মাজেৰে কাঁড় মৰাৰ
অভ্যাস কৰিবলৈ কাঁড়ীজন অত্যন্ত
পাৰ্গত নহ’লে লক্ষ্য হোৱা
ব্যক্তিজনৰ প্ৰাণ যোৱাৰো আশংকা
থাকে। কিন্তু
অভ্যাস কৰিলে মানুহ ইয়াতো
পাৰ্গত হয়। সেয়ে
অভ্যাস কৰিলে টান কামো
কৰিব পৰা যায় বুলি
এই যোজনাৰদ্বাৰা অনুপ্ৰাণিত কৰা হৈছে।
অধিক ভোজন পেটলৈ বেয়া:যিকোনো বস্তুৰে প্ৰয়োজনতকৈ
বেছি হোৱাতো বেয়া।
ভোজন বা খাদ্য মানুহৰ
বাবে অত্যন্ত প্ৰয়োজনীয়। কিন্তু
অত্যধিক ভোজনৰ ফলত শৰীৰৰ
অনিষ্ট হোৱাৰহে সম্ভাৱনা। তেনেদৰে
যিকোনো কামৰ ক্ষেত্ৰতে এই
কথা প্ৰযোজ্য। প্ৰয়োজনাধিক
উপভোগ/ ব্যৱহাৰৰ ফলত উপকাৰী বস্তুৰ
পৰাও অপকাৰ হ’ব
পাৰে।
অতি ভক্তি চোৰৰ লক্ষণ
অতিপাত
শলাগণি ফুচুলনিৰ চিন, আপুনি আঁতৰি
যাবা তাক কৰি ঘিণ:
প্ৰয়োজনাধিক বা অহৈতুক তোষামোদৰ
অন্তৰালত সাধাৰণতে ন্যস্তস্বাৰ্থ জড়িত থাকে।
গতিকে এনে তোষামোদত ভোল
গৈ কামত প্ৰবৃত্ত হ'লে ভালতকৈ বেয়া
হোৱাৰহে সম্ভাৱনা অধিক। গতিকে
ইয়াক চিনি পাই এনে
উচতনিত ভোল যোৱাৰপৰা বিৰত
থকাই ভাল।
অভাবত
স্বভাব নষ্ট: অতি প্ৰয়োজন
পৰিলে সৎ মানুহ এজনেও
অসৎ কাম কৰিব পাৰে। মানুহ
সাধাৰণতে পৰিস্থিতিৰ দাস। গতিকে
কোনো কাৰ্য্যৰ ভাল-বেয়া বিচাৰ
কৰোঁতে কৰ্তাই কি পৰিস্থিতিত
পৰি এনে কাৰ্য্য কৰিছে
সেয়াও বিবেচনা কৰি চোৱা উচিত।
অচিন কাঠৰ থোৰা নলগাবা:
ঢেঁকীৰ থোৰাটো মজবুত হ’ব লাগে, অন্যথা
ভাগি গৈ অনিষ্ট কৰিব
পাৰে। ঢেঁকীথোৰাৰ
কামটো অত্যন্ত গুৰুত্বপূৰ্ণ - ইয়াক আগৰ দিনত
চাউল খুন্দাৰপৰা আৰম্ভ কৰি বাৰুদ
খুন্দালৈকে বিভিন্ন গুৰুত্বপূৰ্ণ কাৰ্য্যত ব্যৱহাৰ কৰা হৈছিল।
সেয়ে উপযুক্ত পৰীক্ষা-নিৰীক্ষা নকৰাকৈ এনে কামৰ
বাবে যিকোনো কাঠ বাছনি
কৰিলে ভাগি গৈ কামত
বাধা বা অথন্তৰ কৰিব
পাৰে। তেনেদৰে
গুৰুত্বপূৰ্ণ কামত অচিনাকি মানুহ
বা উপাদান বা আহিলা
ব্যৱহাৰ কৰা অনুচিত।
অল্প বিদ্যা ভয়ঙ্কৰী: আধৰুৱা
জ্ঞান যিকোনো ক্ষেত্ৰত বিপদজনক
হ’ব পাৰে।
অবুজনক
বুজোৱা, ঢেৰুৱা ঠাৰী সিজোৱা:
ঢেৰুৱা ঠাৰী যিমান সিজালেও
নিসিজে, ঠিক তেনেদৰে যি
বুজিব নোখোজে তাক যিমান
বুজাব চেষ্টা কৰিলেও লাভ
নাই।
অবাবত
তৰ্ক কৰা মুৰ্খৰ চিন:
মুৰ্খইহে যেতিয়াই তেতিয়াই তৰ্ক কৰি থাকে,
জ্ঞানী মানুহে পৰিস্থিতি চাইহে
তৰ্ক কৰে।
অকলশৰীয়া
পহু, গায়ে মূৰে খহু:
অকলশৰীয়া মানুহৰ বেমাৰ-আজাৰ
হ’লেও চোৱা চিতা
কৰা মনুহৰ অভাৱ।
অথাই সাগৰত কাঠি-জাল
বোৱা: অপ্ৰয়োজনীয় কাম কৰা।
অনভ্যাসে
হত বিদ্যা: বহুদিন অভ্যাস নকৰিলে
জনা বিদ্যাও নজনা হৈ যায়
অহঙ্কাৰেই
পতনৰ মুল (নীতি-বচন)
আ বৰ্ণ/আখৰৰ ফকৰা-যােজনা/Fokora Jujona (Proverbs) অৰ্থ আৰু ভাব বহলাই লিখা সমূহ তলত দিয়া হল:
আগফালে তেঁতেলী পিছফালে ঔ, সেই ঘৰ মানুহৰ উঠিবৰ হ’ল নে নৌ?: যি ঘৰৰ চাৰিওফালে ডাঙৰ ডাঙৰ গছে আগুৰি থাকে, সেই ঘৰত ৰাতিপুৱা সূৰ্য্যৰ পোহৰ ভালদৰে নপৰে, সেয়েহে সেই ঘৰৰ মানুহে ৰাতিপুৱা পলমকৈ উঠে।
আইৰ সমান হ'ব কোন, নৈৰ সমান বব কোন: মাকৰ সমান মৰম কোনেও কৰিব নোৱাৰে, যেনেকৈ নৈৰ সমান পানী কোনেও বব নোৱাৰে।
আইয়ে চায় মুখলৈ, ঘৈণীয়ে চায় হাতলৈ: পুৰুষ এজন ঘৰলৈ আহিলে মাকে মুখলৈ চায়, তেওঁ খোৱা লোৱা ভালদৰে কৰিছে নে নাই চাবলৈ; আনহাতে ঘৈনিয়েকে হাতলৈ চায় তেওঁলৈ কি আনিছে চাবলৈ।
আছে গৰু নাবাই হাল, থকাতকৈ নথকাই ভাল: থকা সম্পদ এটা যদি ব্যৱহাৰ কৰা নহয়, তেনেহ’লে সেয়া নথকাই ভাল।
আঁঠুৱা চাই ঠেং মেলিবা:
অল্প আৰ্জন বিস্তৰ ভোজন, সেই পুৰুষৰ দৰিদ্ৰ লক্ষণ: যিমান সামৰ্থ্য সিমানহে খৰচ কৰিব লাগে, নহ’লে বিপদত পৰিব লাগে।
আদাক দেখি উঠিল গা, কেঁটুৰিয়ে বোলে মোকো খা: সামৰ্থ্য নাথাকিলেও আনক দেখি কোনো কাম কৰিবলৈ যোৱা। আদা আৰু কেঁটুৰি দেখিবলৈ একে, কিন্ত আদা হে খোৱাত ব্যৱহাৰ হয়, কেটুৰি কোনো কামত ব্যৱহাৰ নহয়।
আনলৈ হূল পুতি নিজে মৰে ফুটি: আনৰ অনিষ্ট কৰাৰ চেষ্টা কৰিলে নিজৰে অনিষ্ট হয়।
আপোন ভালেই জগত ভাল: যি নিজে ঠিক থাকে, তেওঁৰ বাবে বাকী সকলো ঠিকেই থাকে।
আহক বাৰিষা কাটক ধান, ৰৈ যা ভিনিহি খাই যা ভাত: ভবিষ্যতত কোনো কাম হ’ব বুলি আশা কৰি বহি থাকি লাভ নাই।
আছে হেংদাং, লোৱা নাই; ল'লে হেংদাং চাৰণ নাই বা আছে বেক্ৰা দা, লোৱা নাই; ল'লে বেক্ৰা দা চাৰণ নাই: যুঁজিবলৈ আগবাঢ়ি নাহিলে কাৰোবাক দুৰ্বলী বা ভয়াতুৰ বুলি ভাবিব নালাগে। খং উঠিলে সকলোৱেই ভয়ংকৰ হৈ উঠিব পাৰে।
আপোনাৰ নাক কাটি সতিনীৰ যাত্ৰা ভংগ: নিজৰ অনিষ্ট কৰি হ’লেও শতৰুৰ অনিষ্ট কৰা - অৰ্থত ব্যংগ কৰি এই যোজনা ব্যৱহাৰ কৰা হয়। সাধাৰণতে এগৰাকী সতিনীয়ে অন্য সতিনীক ভাল নাপায় আৰু শত্ৰুতা আচৰণ কৰে বুলি ভবা হয়। কেতিয়াবা এনে আচৰণ এনে পৰ্যায়লৈ যাব পাৰে (হাস্যাৰ্থত) যে এগৰাকীয়ে আনগৰাকীক ক'ৰবালৈ ওলাোৱাৰ আগতে অমংগল জাতীয় কাম কৰি দেখুৱায়।
কেতিয়াবা শত্ৰুতা এনে অবিবেচনাপূৰ্ণ পৰ্যায়লৈ গতি কৰে যে এজনে কেৱল শত্ৰুৰ অনিষ্ট কৰাৰ খাতিৰতে এনে আচৰণ কৰিবলৈ পাচ নোহোঁহকে। হিতাহিত জ্ঞানশুণ্য হৈ কৰা এনে আচৰণে ব্যক্তি বা সমাজৰ অনিষ্ট কৰে। সেয়ে এনে নকৰিবৰ কাৰণে এই যোজনাৰ জৰিয়তে ব্যংগ আৰোপ কৰি এনে অবিবেচক কাৰ্য্যৰপৰা মানুহক দুৰত ৰাখিবলৈ প্ৰয়াস কৰা হৈছে।
আৰ চিগা চুলি, তাৰ চিগা চুলি, বান্ধি যাওঁ নেঘেৰী খোপা: লোকৰ বস্তু সংগ্ৰহ কৰি ব্যৱহৰ কৰা।
আৰৈতকৈ উখুৱাৰ খচখচনি বেছি
আলিবাটত চুৰিয়াৰ ফেৰ, ঘৰত ঢকুৱাৰ বেৰ: ঘৰত যিমান আছে বাহিৰত তাতকৈ বেছি দেখুওৱা।
আগ তপা লনী, মাজ তপা ধনী, পিছ তপা শনি (ডাকৰ বচন): যি মানুহৰ মাজ মুৰটো তপা, তেওঁ ধনী হ’ব বুলি ভবা হয়। যি মানুহৰ পিছ মুৰটো তপা, তেওঁৰ দিন ভাল নহ’ব বুলি ভবা হয়।
আগফালে দুৱাৰ দাং, পাছফালে ধোবাং-বাং: আগফালৰ দুৱাৰ ভালদৰে মাৰি পিছফালৰ দুৱাৰ খোলা ৰখা। অৰ্থাৎ অনৰ্থকভাৱে কোনো কাৰ্য্য কৰা।
আগৰ হাল যিফালে যায়, পাছৰ হালো সিফালে যায়: নেতৃবৃন্দ যিফালে যায় অনুসৰণকাৰী সকলো সেইফালে যায়।
আপোন হাত জগন্নাথ, পৰত আশ, বনত বাস: নিজৰ কাম আনে কৰি দিব বুলি ৰৈ থকিলে বিপদত পৰিব লাগে, সেয়েহে নিজে কৰিব লাগে।
আহু চাবা গধূলি, শালি চাবা পুৱা, জাকৈ বাওঁতে ছোৱালী চাবা কোন কেনেকুৱা (ডাকৰ বচন): আহু ধান গধূলি চাব লাগে, আনহাতে শালি ধান ৰাতিপুৱা চাব লাগে। ঠিক তেনেদৰে ছোৱালী চাবলৈ হলে জাকৈ বাই থকা অবস্থাত চাব লাগে।
আদা বেপাৰীক জাহাজৰ খবৰ: অপ্ৰয়োজনীয় খবৰ বিচৰা।
আৰ্জিলে নন্দ গোৱালে, খালে বোন্দা শিয়ালে: কোনোবাই কষ্ট কৰিলে, কিন্তু আন কোনোবাইহে ফল ভোগ কৰিলে
আগ নুগুণি গুণে পাছ,
লোভত মৰে বৰষিৰ মাছ:
ভালদৰে চিন্তা-চৰ্চা নকৰি
লোভত কিবা কাম কৰিলে
বিপদত পৰিবলগীয়া হ’ব পাৰে।
ই বৰ্ণ/আখৰৰ ফকৰা-যােজনা/Fokora Jujona (Proverbs) অৰ্থ আৰু ভাব বহলাই লিখা সমূহ তলত দিয়া হল:
ইয়াত মাৰিলোঁ টিপা, গড়গাঁও পালেগৈ শিপা: সাধাৰণতে উৰা-বাতৰি যি দ্ৰুত বেগে বিয়পে তাক বুজাবলৈ ব্যৱহাৰ কৰা হয়।
উল্লেখনীয় যে, কেতিয়াবা ইয়াক সাঁথৰ হিচাপেও ব্যৱহাৰ কৰা হয়। উত্তৰটো হৈছে "ভূমিকম্প।" কোনটো আগতে সৃষ্টি কৰা জনা নগ’লেও ভূমিকম্প আৰু উৰাবাতৰিৰ বিস্তাৰৰ বেগৰ তুলনা কৰা হৈছে বুলি অনুমান কৰিব পৰা যায়।
উ বৰ্ণ/আখৰৰ ফকৰা-যােজনা/Fokora Jujona (Proverbs) অৰ্থ আৰু ভাব বহলাই লিখা সমূহ তলত দিয়া হল:
উত্তৰে গাজিলে জানিবা খৰ, দক্ষিণে গাজিলে মাৰিবা লৰ (ডাকৰ বচন): উত্তৰ ফালে মেঘে গাজিলে বৰষুণ নহয়, কিন্তু দক্ষিণ ফালে গাজিলে যথেষ্ট বৰষুণ হয়।
উপকাৰীক অজগৰে খায়: অজগৰ সাপক উপকাৰ কৰিলেও সুবিধা পালে উপকাৰি জনক খায়, অৰ্থাৎ যাকে তাকে উপকাৰ কৰিব নালাগে।
উপদেশতকৈ আৰ্হি ভাল: কিবা এটা কাম কৰাৰ উপদেশ দিয়াতকৈ নিজে কৰি দেখুওৱা ভাল।
উৰহৰ খং ভঙা ঢাৰীত জৰা: সাধাৰণতে বিছনা লেতেৰা হ'লে তাত উৰহ নামৰ পোক বিধ হয় আৰু ৰাতি সি শুই থকা মানুহক কামোৰে। আনহাতে বিছনাৰ তলত থকা ভগা ঢাৰীতে সেই উৰহ থাকে বুলি জানি উৰহক বিচাৰি নাপাই ঢাৰীকে মৰিয়াই হাৰাশাস্তি কৰে। অৰ্থাৎ কাৰোবাৰ খং কাৰোবাৰ ওপৰত সৰা বিষয়ত ইয়াক ব্যৱহাৰ কৰা হয়।
উমৈহতীয়া শ বাহী শ হয়: ৰাজহুৱা সম্পত্তি চোৱা চিতা কৰা মানুহৰ অভাৱ।
উদঙিয়া গৰু, ঢাকনি নাইকিয়া চৰু: নিয়ন্ত্ৰণহীন।
উদক ভেটা ৰখীয়া পতা: সাধাৰণতে সকলোৱে জানে যে উদে মাছ খায়। কিন্তু সেই উদকে যদি মাছ ধৰিবৰ কাৰণে মৰা ভেটা ৰাখিবলৈ দিয়া হয় তেন্তে তাৰ ফল ওলোটাহে হ'ব। অৰ্থাৎ যি মানুহৰ যি বস্তুৰ প্ৰতি অধিক আসক্ত বা দুৰ্বলতা আছে তাক সেই বস্তুৰে ৰখিয়া পতা।
উদৰ সম্মুখৰ শালপোণা: উদৰ সম্মুখত শাল মাছ বা পোনা মাছৰ কোনো বাচ বিচাৰ নোহোৱাৰ দৰে চিকাৰীৰ সন্মুখত কোনো চিকাৰৰ বাচ বিচাৰ নহয়।
উদৰ সাতপুৰুষ গ'ল কেঁচা মাছ খাওঁতেই: উদ মাছ খোৱা জীৱ, সি সাধাৰণতে মাছ কেঁচাই খাই আৰু তেনেদৰেই চলি আছে। অৰ্থাৎ আগৰ প্ৰচলিত ৰীতি সহজতে এৰিব নোৱাৰা।
উলুৰ লগত বগৰী পোৰা
যোৱা: সাধাৰণতে উলুৱনিত বগৰি গছ থাকে,
কিন্তু উলুৱনিত জুই দিয়াৰ সময়ত
সেই বগৰি গছো পোৰা
যায়। অৰ্থাৎ
অসৎ মানুহৰ সঙ্গত ভাল
মানুহ থাকিলেও তেওঁৰো বিপদ হ'ব পাৰে।
এ
এদেও, দুদেও, লোটা নিয়াৰ চেওঁ: সুবিধা পালে চুৰি কৰা।
এন্দুৰক সেন্দূৰ পিন্ধোৱা: কুৰূপ ব্যক্তিক কৃত্ৰিম উপায়েৰে অধিক সুন্দৰ কৰিবলৈ যত্ন কৰা।
এনেয়ে উৰ্বশী দুৱাৰে বাট দিয়া: সুযোগ বিচাৰি ফুৰা মানুহক অধিক দুষ্টালি কৰিবলৈ চল দিয়া।
এবাৰ সাপে খালে কেঁচুলৈকো ভয়: এবাৰ বিপদত পৰিলে পিছ্ত বেছি সাৱধান হোৱা।
একে গছৰ পাণ, সি নো হ'ব কি আন: একে বংশৰ মানুহৰ স্বভাৱ-চৰিত্ৰ একে হয়।
এশ গৰু মাৰিলে বাঘৰো মৰণ: বনৰ বাঘ মাজে মাজে গাঁৱত আহি পোহনীয়া গৰু মহ আদি মাৰি খায়, কিন্তু কোনো এটা বাঘে যদি নিয়মিয়াকৈ আহি পোহনীয়া জন্তু আক্ৰমণ কৰে তেনেহলে গাঁৱৰ ৰাইজে মিলি বাঘটো মাৰি পেলায়। অৰ্থাৎ বহু বেছি বেয়া কাম কৰিলে শেষত নিজে বিপদত পৰিব লাগে।
এশ এজুপি ৰোবা কল
মাহেকে পষেকে চিকুনাবা তল
পাত-পচলা লাভত খাবা
লংকাৰ বাণিজ্য ঘৰত পাবা (ডাকৰ বচন)
এখন হাতেৰে চাপৰি নাবাজে: কাঁজিয়া লাগিবলৈ কমেও দুটা পক্ষ্য লাগে। যেনেদৰে এখন হাতেৰে চাপৰি বজাব নোৱাৰি তেনেদৰে এটা পক্ষ্যই অকলে কাঁজিয়া কৰিব নোৱাৰে।
এগুণ চাউল দুগুণ পানী, জল দিবা টানি টানি (ডাকৰ বচন): ভাত বনাওতে যিমান চাউল দিয়া হয়, তাৰ দুগুণ পানী দিব লাগে।
এঘৰৰ পাটনাদ, এঘৰৰ জৰী, এঘৰে পানী তুলে হুৰূস হুৰূস কৰি: লোকৰ বস্তুৰে নিজৰ কাম কৰা।
এদিন বামুণৰ, এদিন বহুৱাৰ: সকলোৰে এদিন নহয় এদিন ভাল দিন আহে।
এনেই বুঢ়ী নাচনী, তাতে নাতিনীয়েকৰ বিয়া: বুঢ়ী এগৰাকীয়ে যদি নাচি ভাল পায়, তেনেহলে নাতিনিয়েকৰ বিয়া হ'লেতো কথাই নাই, মন প্ৰাণ ঢালি নাচিব॥ অৰ্থাৎ যি কাম কৰিব ভাল পায়, সেই কামকে কৰিবলৈ সুবিধা পোৱা।
এনেই মৰিছোঁ ঋষিৰ শাপত, তাতে দিছে ধানৰ ভাপত: বিপদত পৰি থকোতে অন্য এটা বিপদ হোৱা।
এৰি দিয়া শৰ ঘূৰাই আনিব নোৱাৰি: কোৱা কথা ঘূৰাই আনিব নোৱাৰি।
এৰিলে মন ঘোঁৰাৰ ছুটি, বান্ধিলে মন শিলৰ খুটি: নিজৰ মনক নিজে নিয়ন্ত্ৰণ কৰিব পাৰি। মনটো এৰি দিলে ঘোঁৰাৰ দৰে দৌৰি ফুৰিব, আনহাতে বান্ধি ৰাখিলে শিলৰ খুটিৰ দৰে স্থিৰ হৈ থাকিব।
এহাত এমুঠন দিবা পোত, তেতিয়াহে চাবা কলৰ গোট (ডাকৰ বচন): কলপুলি ৰুলে মাতিৰ এহাত এমুঠি তলত ৰুব লাগে।
এবাৰ হাগি দহ বাৰ উলটি চোৱা: খুব বেছি কৃপণ, ইমানেই কৃপণ যে শৌচ কৰি উঠি বাৰে বাৰে উলটি চায় বেছিকৈ শৌচ কৰিলে নেকি। ব্যঙ্গত্মক ভাৱত ব্যৱহাৰ হয়।
এলেকৰ পেলেক কুকুৰা চৰাইৰ ভাগিনীয়েক: ইমান বেছি দুৰ সম্পৰ্কৰ মানুহ যে সম্পৰ্কীয় বুলি ক'ব নোৱাৰি।
ও
ওচৰৰ আলহী নকৰে কাণ, নৰিয়াত পৰিলে আহে কাম: ওচৰ-চুবুৰিয়াক কেতিয়াও অৱজ্ঞা কৰিব নালাগে, কাৰণ বিপদত ওচৰ-চুবুৰিয়াই সহায় কৰে।
ওস্তাদৰ খেল শেষ ৰাতি: পাৰ্গত লোকে প্ৰথমতে হাৰিলেও শেষত জিকিবই।
ওপৰলৈ পানী চতিয়ালে নিজৰ গাতে পৰে বা ওপৰলৈ থুৱালে নিজৰ গাতে পৰে: নভবা নিচিন্তাকৈ কাম কৰিলে নিজলৈকে বিপদ আহে।
ওঁঠ চেপিলে গাখীৰ ওলোৱা: সৰু হৈ ডাঙৰৰ দৰে কথা ক'লে অপমান সুচক ভাৱত ব্যৱহাৰ কৰা হয়।
ওলায়েই দেখিবা যাক, শতৰু নুবুলিবা তাক: ওচৰ-চুবুৰিয়াৰ লগত শত্ৰুতা কৰিব নালাগে।
ক বৰ্ণ/আখৰৰ ফকৰা-যােজনা সমূহ তলত দিয়া হল
ক বুলিব নাজানে ৰত্নাৱলী পঢ়ে: ৰত্নাৱলী এখন সংস্কৃতত লিখা ধৰ্মশাস্ত্ৰ, আৰু ইয়াক সহজে বুজা নাজায়। সেয়েহে যি একেবাৰে লিখা-পঢ়া নাজানে সি ৰত্নাৱলী পঢ়া অসম্ভৱ। অৰ্থাৎ একেবাৰে কৰিব নোৱাৰা কাম এটা কৰিব যোৱা।
কণা হাঁহক পতান দিয়া: হোজা মানুহক ঠগোৱা।
কলাৰ আগত বেঙাই কয়, কলাই বোলে হয় হয়: বেঙা মানুহে কথা ক'ব নোৱাৰে, আনহাতে কলা মানুহে কাণেৰে নুশুনে। অৰ্থাৎ কথা ভালদৰে নুশুনি এনেই হয়ভৰ দিয়া।
কুকুৰ চিকুণ গৃহস্থৰ যশ: কোনো এঘৰ মানুহৰ পোহনীয়া কুকুৰ যদি চাফ-চিকুন হয়, তেনেহলে সেই ঘৰৰ মানুহো চাফ-চিকুন বুলি ধৰিব পাৰি।
কুকুৰৰ নেজ দীঘল হ'লে নিজে পাৰি বহিব: কুকুৰৰ নেজ দীঘল হ'লেও তাত আনক বহিব নিদিয়ে, সাধাৰণতে কৃপণ মানুহক বুজাবলৈ এইশাৰী কথা ব্যৱহাৰ কৰা হয়।
কুকুৰে একেদিনাই স্বৰ্গ পাবগৈ পাৰে, কেৱল জ্ঞাতিৰ কাৰণে নোৱাৰে : নিজৰ অসফলতাৰ কাৰণে আনক দোষ দিয়া।
কুকুৰৰ নেজ কেতিয়াও পোন নহয়: কিছুমান মানুহৰ স্বভাৱ যিমান চেষ্টা কৰিলেও সলনি নহয়।
কাকনো বুলিবা ককা, সকলোৰে দাঢ়ি-চুলি পকা: যেতিয়া সৰু বৰ সকলোৱে অপকৰ্মত লিপ্ত হয়, তেতিয়া কাকো দোষ দিবলৈ কোনো উপায় নেথাকে।
কালৰো কাল বিপৰীত কাল, হৰিণাই চেলেকে বাঘৰ গাল: বাঘে হৰিণা চিকাৰ কৰি খায়, তেনেক্ষেত্ৰত যদি হৰিণাই বাঘৰ গাল চেলেকা দেখা যায় তেনেহলে নিশ্চয় ডাঙৰ অঘটন ঘটিছে।
কিনা হাঁহৰ ঠোটলৈকে মঙহ: সাধৰণতে হাঁহ খালে ঠোট, ঠেং আদি পেলাই দিয়া হয়। কিন্তু হাঁহটো যদি কিনি অনা হয় তেনেহলে যিমান বেছি পাৰি সিমান মাংস কাটি উলিয়াব যত্ন কৰা হয়। অৰ্থাৎ কিনি অনা বস্তুৰ যিমান পাৰি সিমান বেছি ব্যৱহাৰ কৰিব চেষ্টা কৰা হয়।
কুমলীয়া আদা পায়, ভৰিৰে মোহাৰি খায়: আদাৰ বাকলী কটাৰীৰে গুচোৱা হয়, কিন্তু কুমলীয়া আদা হলে ভৰিৰে মোহাৰিলেই বাকলী গুচি যায়। ঠিক তেনেদৰে দুৰ্বল মানুহক সহজে বশ কৰা যায়।
কেঁচা বৰলক জোকাই ললে গা সৰা টান: বৰলৰ বাহক জোকাই ল'লে বৰলবোৰে আক্ৰমণ কৰিবলৈ খেদি ফুৰে, তেনে বৰলৰ পৰা হাত সৰা টান। ঠিক তেনেদৰে কাজিয়া প্ৰবণ মনোভাৱৰ মানুহক জোকাই নোলোৱাই ভাল।
কেচু খান্দোতে সাপ ওলোৱা: কিছুমান অন্য কথা আলোচনা কৰোঁতে, মনে বিচাৰি থকা তথ্যৰ সম্ভেদ পোৱা।
কাঠৰ মালা ফুটে ফাটে, মনৰ মালা কাহে চুটে: শ্ৰীমন্ত শংকৰদেৱ প্ৰচাৰিত বৈষ্ণৱ ধৰ্মত ভক্তসকলে মালা ধাৰণ কৰাৰ প্ৰথা আছে। কাঠৰ মালাডাল এটা সময়ত ক্ষয় যাব, কিন্তু যিজনে একান্ত মনেৰে ঈশ্বৰত শৰণ লৈছে তেওঁ কেতিয়াও পথভ্ৰষ্ট নহয়। গতিকে বাহিৰে হৈ চৈ দেখুওৱাতকৈ একান্ত মনেৰে নিজ লক্ষ্যত মনোনিবেশ কৰিব লাগে।
কথাত কথা বাঢ়ে, খৰিকাত বাঢ়ে কাণ, মাকৰ ঘৰত জীয়েক বাঢ়ে, পথাৰত বাঢ়ে ধান:
কেৰেলাতকৈ গুটি দীঘল:
কোন কালতে পৈয়েক মৰিল, ঢেঁকী দিওঁতে মনত পৰিল:
কটাৰী ধৰাবা শিলে, তিৰোতা বলাবা কিলে: কটাৰীৰ ধাৰ গুচি গলে শিলত ধৰাব লাগে, ঠিক তেনেদৰে ঘৈণীয়েকে কথা নুশুনিলে বল প্ৰয়োগ কৰি মনাব লাগে।
কথা ক'ত বোলে ভেকুৰিৰ তলত, চিঙিব নোৱাৰি কাঁইটৰ বলত:
কথাত কটা যায়, কথাত বটা পায়: ভুল সময়ত ভুল ঠাইত ভুল কথা ক'লে বিপদত পৰিব লাগে, আনহতে ঠিক সময়ত ঠিক ঠাইত ঠিক কথা ক'লে লাভজনক হয়।
ক'ৰ পৰা আহিলা ক'ত দিলা ভৰি, চোতালখন ফাটি গল চেৰেক চেৰেক কৰি: বহুদিন নহা মানুহ আহিলে ব্যৱহাৰ কৰা হয়।
ক'লেও আয়ে কিল খায়, নক'লেও বোপায়ে ছুৱা খায়: দেউতাকৰ বাবে ভাত বাঢ়ি থোৱা ভাত মেকুৰীয়ে খোৱাটো পুতেকে দেখিছে, এতিয়া দেউতাক অহাৰ পাছত যদি কথাতো কৈ দিয়া হয় তেনেহলে দেউতাকে মাকক কিলাব, আনহাতে নকলে দেউতাকে জুঠা খাব লাগিব।
কোনো কথা ক'লেও বিপদ আৰু নকলেও বিপদ অৰ্থাৎ ই দোধোৰ মোধোৰ অৱস্থাত পৰা বুজাইছে।
কৄষ্ণই কৰিলে লীলা, আমি কৰিলে ধৰি বান্ধি কিলা: সমাজৰ গণ্য-মান্য মানুহে কিছুমান কাম কৰিলে প্ৰশংসা পায়, কিন্তু সাধাৰণ মানুহে কৰিলে ঠাট্টা মস্কৰাহে কৰা হয়।
কালিলৈ ৰাম ৰজা হ'ব আজি অধিবাস, কোনেনো জানিছিল ৰাম যাব বনবাস: ভৱিষ্যত অনিশ্চিত।
ৰামায়ণৰ ৰাম আছিল জনপ্ৰিয় যুৱৰাজ। কিন্তু ৰাজনৈতিক চক্ৰান্তৰ বলি হৈ তেওঁৰ পিতৃ দশৰথে (দশৰথ) তেওঁৰ ৰাজ্যাভিষেকৰ দিনাই লোকপ্ৰত্যাশাৰ বিপৰীতে সিংহাসনৰ পৰা বঞ্চিত কৰি চৌধ্য বছৰৰ কাৰণে বনবাসলৈ পঠাবলৈ বাধ্য হৈছিল।
কি ক আছিলা, কি ক হ'লা, খাবলে নাপাই শুকাই খীণাই গ'লা: বহুদিন ভাল অবস্থাত থকাৰ পিছত বেয়া অৱস্থা হোৱা বুজাবলৈ ব্যৱহাৰ হয়।
খ
খকুৱাই পাত কাতে, নিখকুৱাই মাটিতে খায়: খঁকুৱা মানুহে ভোকত থাকিও ভাত খাবৰ কাৰণে কলপাত কটাৰ দৰে বিভিন্ন আয়োজন কৰোঁতেই সময় পাৰ কৰে, কিন্তু নখঁকুৱা মানুহে যেনেদৰে পায় তেনেদৰেই খাই পেট ভৰায়। ইয়াৰ পৰোক্ষ অৰ্থ হৈছে- "কোনোবাই কোনো এটা কাম কৰিবলৈ মনতে পৰিকল্পনা কৰি থাকোঁতেই আনে কোনো পৰিকল্পনা নকৰাকৈয়ে কামটো শেষ কৰা। "
খাই কৰ্শলা ডালত উঠিল, কাঠি চেলেকাৰ মৰণ মিলিল: বেয়া কাম কৰাজন সুবিধা বুজি আঁতৰি য়ায় আৰু অনাহকত পিছত অহাজনে তাৰ শাস্তি ভোগ কৰিব লগা হয়।
খাবলে জীৱলে যাৰ মন, হাগোতেও আজোৰে বন: যাৰ খাই লৈ জীয়াই থকাৰ হাবিয়াস আছে, সি সকলো সময়তে কামত ব্যস্ত থাকে।
খেনো খেনো পাকত ঢেকি থোৰাও সোমায় নাকত:
খেনোক দেখি ৰান্ধে-বাঢ়ে, খেনোক দেখি দুৱাৰ বান্ধে: কোনোবা ঘৰলৈ অহা দেখিলে খোৱা-বোৱাৰ আয়োজন কৰা হয়, আনহাতে অন্য কোনোবা আহিলে দুৱাৰ বন্ধ কৰি ঘৰত কোনো নাই বুলি বুজাব খোজা হয়। অৰ্থাৎ বেলেগ বেলেগ মানুহক বেলেগ ব্যৱহাৰ কৰা হয়।
খৰ ৰান্ধনী খৰ বাঢ়নী পৈয়েক লঘোনে যায়, উদা ৰান্ধনী উদা বাঢ়নী পৈয়েক তিনি সাজ খায়:
খং নামে চণ্ডাল: খং বৰ বেয়া বস্তু, ইয়াক পৰিহাৰ কৰি চলাই ভাল।
খঙত পেট কাটি ছমাহলৈ শুকনি খোৱা: খঙতে নিজৰ অনিষ্ট কৰি পিছত বহুদিনলৈ নিজে শাস্তি ভোগ কৰা।
গ
গাই আনিবা ৰিংটো বাটৰ, ছোৱালী আনিবা দিনটো বাটৰ:
গাখীৰতে মহৰ খুটি সান্দহতে হাত : কোনো সৌভাগ্যৰ ওপৰতে আন সৌভাগ্যই দেখা দিয়া।
গাখীৰ খুৱাই সাপ পোহা: কোনো দুষ্ট লোকক আসৈ দি নিজৰ অপকাৰ মাতি অনা।
গাত নাই চাল বাকলি, মদ খাই তিনি টেকেলি: হাতত পইচা-পাতি নাই, তথাপিও যিকণ ঘটে তাক মদ খোৱাৰ দৰে কু অভ্যাসত খৰচ কৰা।
গাধৰ আগত বীণ বজাই লাভ নাই:
গৰুৰ আগত টোকাৰী বায়, কাণ জোকাৰি ঘাঁহ খায়: গৰুৰ আগত টোকাৰী বজালেও যিদৰে সঙ্গীতৰ মোল একো বুজিব নোৱাৰি শিং জোকাৰি ঘাঁহ খোৱাতহে মগ্ন হয়, সেইদৰেই অজ্ঞানী লোকক যিমানেই ভাল কথা কোৱা নহওক কিয় তাক উলাই কৰি নিজৰ ইচ্ছামতে কাম কৰিয়েই যায়।
এই ফকৰা ফাঁকি 'অবুজনক বুজোৱা আৰু ঢেৰুৱা ঠাৰী সিজোৱা' ফকৰা ফাঁকিৰ সমাৰ্থক।
গায়নৰ ঘৰৰ বোন্দাইও ৰাগ দিয়ে: কোনো বিদ্যা বা কলাত পাৰদৰ্শী লোকৰ ঘৰত আনেও সেই বিষয়ে জনা।
গেলা বৰালী মনত গোন্ধ: নিজৰ দোষ দুৰ্বলতাৰ কথা জানি আনে কিবা নকলেও নিজৰ মনতে সন্দেহ সৃষ্টি হোৱা।
গোসাই ঘৰত কোন? মই কল খোৱা নাই: বেয়া কাম কৰি লুকুৱাব খোঁজোতে নিজৰ কথাতে পাক খাই ধৰা পৰি যোৱা।
গছ কাটিলেই মুঢ়া, ছোৱালী আনিলেই বুঢ়া
গছত কঠাল. ওঁঠত তেল, নৌ পকোতেই চেল বেল: কোনো কাৰ্য্য হৈ নোথোতেই তাৰ বিষয়ে গাই-বাই থকা।
গুণীয়েহে যানে গুণীৰ মান, কাঠ থোৰাই কি জানে, নিতৌ খুন্দি মৰে ধান
গছত উঠাই গুৰি কটা: আনক কোনো কামলৈ আগবঢ়াই দি পিছ মুৰ্হুত্বত মূৰপোলোকা মৰা।
গছত গৰু উঠা হোলোঙাৰে কান বিন্ধোৱা কথা: একেবাৰে অসম্ভব কথা।
গৰম ভাতৰ ধোঁৱাই খালে: অত্যধিক সুখ-সুবিধাই অপকাৰ সাধন কৰে।
গালো বালো খোলাকতি তাল: কৈ মেলি একো লাভ নোহোৱা।
গুৰুতকৈ শিষ্য হয় শিয়ান, খুচৰি খুচৰি লয় গিয়ান
গধুলীৰ অতিথী সাক্ষাৎ দামোদৰ: গধুলীৰ সময়ত ঘৰলৈ আলহী আহিলে ভালদৰে সৎকাৰ কৰিব লাগে, যেনেকৈ শ্ৰীকৃষ্ণই বাল্যবন্ধু বিপ্ৰ দামোদৰৰ কৰিছিল।
ঘ
ঘঁহোটে ঘঁহোটে শিলো ক্ষয় যায়
ঘন ঘনকৈ দিবা আলি, তেহে খাবা নানান শালি
ঘৰলৈ আহিলে ঢকুৱা বেৰ, আলিবাটলৈ গলে বৰ চুৰিয়াৰ ফেৰ
ঘ্ৰাণেন অৰ্দ্ধ ভোজনং: ভাল খাদ্যৰ গোন্ধ পালেই আধা খোৱা বুলি ধৰিব পাৰি।
ঘেং কৰি উঠ: কথা ক'লেই ভেকাহি মাৰি উঠ।
ঘোঁৰা ঘাঁহ কাট: অবাবত সময় নষ্ট কৰ।
ঘোঁৰা শিঙৰ কঁৰিয়া: ঘোঁৰাৰ শিং নগজে, গতিকে দুষ্প্ৰাপ্য বস্তু।
ঘনচিৰিকাই ৰাজহাঁহৰ খোজ ল
ঘৰ গুচি বাঁহ তল হ: বিশৃংখল হ।
চ
চকুৰ আঁতৰ হলে মনৰো আঁতৰ
চৰুক সুধি ভাত ৰন্ধা
চাউল দিবা জেতেক-পেতেক, পানী দিবা তিনি তেতেক, যেবে দেখিবা নিসিজে চাউল, তেবে বুলিবা ডাকক বাউল (ডাকৰ বচন): ভাত বনোৱাৰ বিধি।
চল চাই কঠীয়া পৰা: সঠিক সময়ত কৰিবলগা কাম কৰা।
চাপৰিলে মেঘ নেৰায়: আওকাণ কৰিব খুজিলে বিপদ বা সমস্যা আঁতৰি নাযায়।
চাপৰি যোৱাকে কুঁজা বোলে, লাখুটি লোৱাকে বুঢ়া বোলে: কোনো অপ্ৰিয় কথা পোনে পোনে স্বীকাৰ নকৰিলেও আচাৰ-ব্যৱহাৰৰ পৰাই ধৰা পৰে।
চাল-বেৰৰো কাণ থাকে
চোৰ গলে বুদ্ধি, বৰষুণ গলে জাপী: কোনো বিপদ বা অঘটন হৈ যোৱাৰ পিছত তাৰ কাৰণে কৰা যিকোনো প্ৰতিৰোধমূলক প্ৰচেষ্টাৰ কোনো অৰ্থ নাথাকে।
চোৰক মোৰে পায়
চোৰক ঘৰ ৰখীয়া পতা
চোৰে নিয়া গৰুৰ বাটে বাটে ঘাঁহ
চোৰে নেৰে চোৰৰ স্বভাৱ, কুকুৰে নেৰে চাঁই, জাৰ যি স্বভাৱ মৰিলে লগত যায়
চোৰেহে চোৰৰ ঠেং দেখে: বেয়া চৰিত্ৰৰ মানুহে সদায় আনৰ বেয়াটোকে দেখে।
চৰণেহে জানে মৰনৰ ঠাই, চুচুৰি বাগৰি তালৈকে যায়
চল পালে কুকুৰে ডিঙিলৈকে জঁপিয়াই
চকু লাল, বুকু খাল, সেই পুৰুষৰ লক্ষণ ভাল
চিকুটি লাও বুঢ়া কৰা: অনাগত বিপদৰ আগজাননী দিয়া।
চুকট খাই বুকুত কামোৰ মৰা: নিকট আত্মীয় মানুহেই অনিষ্ট কৰা।
চুঙা চাই সোঁপা
ছ
ছোৱালী আনিবা মাক ভাল, মাটি কিনিবা মাজ খাল: মাকৰ যদি স্বভাৱ-চৰিত্ৰ ভাল হালে জীয়েকৰো স্বভাৱ-চৰিত্ৰ ভাল হব বুলি ধৰিব পাৰি, সেয়েহে বিয়া পাতিবলৈ তেনেকুৱা ছোৱালী আনিব লাগে।
ছোৱালী বোলে কুৰিতে বুঢ়ী: আগৰ দিনত ছোৱালীক খুব কম বয়সতে বিয়া দিয়াৰ প্ৰথা আছিল, আৰু বয়স ২০ বছৰৰ বেছি হলে বুঢ়ী হোৱা অৰ্থাৎ বিবাহৰ অযোগ্যা হোৱা বুলি ধৰি লোৱা হৈছিল।
ছোৱালী হল বৰশীৰ টোপ, ল’ৰাই দেখিলে মাৰিব খোঁট
ছয় পো বাৰ নাতি, তেহে কৰিবা কুঁহিয়াৰ খেতি (ডাকৰ বচন): কুঁহিয়াৰ খেতি কৰিবলৈ বহু সংখ্যক খেতিয়কৰ প্ৰয়োজন, সেয়েহে যথেষ্ট সংখ্যক মানুহ থাকিলেহে এই খেতি কৰিবলৈ আগবাঢ়িব লাগে।
জ
জী ভালেই জোৱাই ভাল, আপোন ভালেই জগত ভাল: নিজৰ জী যদি ভাল হয় তেন্তে জোৱাই বেয়া হ'লেও ভাল কৰি ল'ব পাৰিব। সেই দৰে নিজেই যদি ভাল হয় তেন্তে আন কোনেও নিজক বেয়া কৰিব নোৱাৰে।
জোৰ যাৰ মুলুক তাৰ: যাৰ শক্তি বেছি সেই ব্যক্তিহে সমাজত জীয়াই থাকিব পাৰে।
জোকৰ মুখত চূন: জোকৰ মুখত চূন দিলে আহি থকা জোকডাল যেনেদৰে কোচ খায় যায় তেনেদৰে বেছিকৈ আত্মপ্ৰশংসা বা আনৰ কথা কৈ থকা ব্যক্তিৰ মুখৰ আগতে তাৰ সম্পূৰ্ণ বিপৰীত কথা কৈ তেওঁৰ মুখ বন্ধ কৰা।
জোৰ পুৰি হাত পোৱা: কোনো এটা বিপদ একেবাৰে কাষত আহি পোৱা।
জোৱাঁয়ে নিলেও নিয়া, যমে নিলেও নিয়া
জ্বলা জুইত ঘিঁ ঢলা: জুইত ঘিঁ ঢালিলে সি বেছিকৈ জ্বলি উঠে অৰ্থাৎ কাৰোবাৰ খঙত অধিক খং উঠিব পৰা কথা কোৱা।
জ্বৰে এৰিলেও কৰ্পাটিয়ে নেৰা: নেৰা-নেপেৰা বিপদ।
ট
টেঙা আম এবাৰহে বেছিব পাৰি: বজাৰত যদি টেঙা আম মিঠা বুলি বিক্ৰী কৰা হয়, তেনেহলে প্ৰথমতে বিক্ৰী হব, কিন্তু পাছলৈ গ্ৰাহকে ঠগা বুলি গম পাব আৰু সেই দোকানীৰ পৰা আম নিকিনা হব, অৰ্থাৎ মানুহক এবাৰহে ঠগিব পাৰি, ঠগ খোৱাৰ পাছত মানুহ সাবধান হয়।
টোপনিৰ চিকুন পুৱা, মাছৰ চিকুন মোৱা: ৰাতিপুৱাৰ টোপনি বৰ আকৰ্ষণীয়, তেনেকৈ মোৱা মাছো আকৰ্ষণীয়।
টেঙৰতকৈ টেঙৰ আছে ভুল নাই তাত, সোমোৱাৰ আগতে জানিবা ওলোৱাৰ বাট
ঠ
ঠন ঠন মদন গোপাল, একেটা বৰলাৰ নখন চোতাল
ঠাই দি টপটপনি শুনা: আনক আশ্ৰয় দি শলাগৰ পৰিব্ৰতে খোজেপ্ৰতি খুঁট ধৰি থকা দেখিবলৈ পোৱা।
ঠেং তলে যোৱা: অতি অধম।
ঠেং দাঙি থাক: যাওঁ যাওঁ বুলি উদ্গীৱ হৈ থাক।
ঠেং ভৰি এচাৰ: উদ্ভণ্ডালি কৰ।
ঠেঙৰ ওপৰত ঠেং তোল: আৰামেৰে থাক।
ঠোঁটকটা কাউৰী: অনৰ্থক বলকি থকা লোক।
ঠৰঙা পচলা: কাম-বন নকৰি সময় কটোৱা লোক।
ড
ডাল জোৰা দে: মূল কথাৰ লগত বাৰেবাংকৰা কথা যোগ কৰি বঢ়াই ক।
ডিঙিত ধৰি কান্দ: বিপদত সহানুভূতি প্ৰকাশ কৰ।
ডিঙিৰ হাৰমাল: আপদীয়া লোক।
ডেকা কাঢ়ে যোৱা: ডেকাকালতে মৰ বুলি শাওঁ দিয়া অৰ্থত।
ডেকা কাঢ়ে যাঁতী: ডেকাকালতে মৰ বুলি শাওঁ দিয়া অৰ্থত (স্ত্ৰী লিংগক বুজাবলৈ)।
ডেকা ধনি লাগ: যৌৱনৰ প্ৰাক ক্ষণত চঞ্চল হৈ পৰ।
ডবনি পিটি খা: অতি ভোজন কৰ।
ডঁৰিত বান্দৰ নচা: শাস্তিৰ ভয় দেখুৱাই অবাধ্য লোকৰ দ্ৰা টান কাম কৰোৱা।
ঢ
ঢেঁকী স্বৰ্গলৈ গলেও ধানহে বানে
ত
তাতো নাহিলো খাই, ইয়াতো পাবলৈ নাই
তিৰিৰ কপালে ধন, পুৰুষৰ কপালে জন
তিৰিৰ চুটি বাঢ়নীৰ বুতি
তেজ ধুলে উটে, মঙহ ধুলে নুটে
তেলিয়াই কান্দে তেল পেলাই, কপহুৱাই কান্দে লেত পেলাই
তিলকে তালতো কৰা: সৰু কথা এটাকে ডাঙৰ কৰা।
তেলিৰ মুৰত তেল
তেজ ধুলে উটে, মঙহ ধুলে নুটে
তোমাৰ বাৰিৰ বাঁহগাজ কাটি তাৰে কৰিছো খৰিচা, তোমাকে দি ধান দোন ললো, কথাটো মন কৰিছা: আনৰ বস্তুৰে আনকে বেছি নিজে উপাৰ্জন কৰা স্বভাৱ।
তুলসীৰ লগত কলপতুৱাৰো মুক্তি: তুলসীক প্ৰবিত্ৰ বস্তু বুলি ভবা হয় আৰু কোনো মাঙ্গলিক কামত কলপাতত তুলসী দিয়া হয়। ফলত তাৰ লগত দিয়া কলপাত খিলাও পবিত্ৰ হৈ পৰে। সেইদৰে কোনো সৎ বন্ধুৰ সঙ্গত থাকিলে অসৎ বন্ধু জনো ভাল পথে যাব পাৰে।
তৰিলে দেশ, মৰিলে স্বৰ্গ: দেশৰ হকে যুঁজি বাচি থকিলে দেশৰ স্বাধীনতা উপভোগ কৰিব পাৰিবা, আনহাতে সেই যুদ্ধত মৃত্যু হলেও স্বৰ্গলৈ যাবা।
তোপোলা দেখিলে তোপোলা যাচে, ৰ ৰ তোলৈও তোপোলা আছে: কাৰোবাক কিবা এটা দিলে তেওঁ ও ঘূৰাই কিবা এটা দিব।
তুমি যদি ডালে ডালে, মই পাতে পাতে: তুমি যদি টেঙৰ, তেনেহলে মই নোম-টেঙৰ।
দ
দুই মহৰ যুঁজত বিৰিণাৰ মৰণ: আনৰ কাজিয়া, বেমেজালি বা ঝামেলাৰ মাজত নিৰীহজনৰ হাৰাশাস্তি হোৱা।
দুই নাওত দুই ভৰি: বিকল্পবোৰৰ পৰা সঠিক বিকল্পটো বাছনি কৰিব নোৱাৰা।
দিনৰ পাহাৰ ৰাতিৰ জুই তাক নেখেদি থাকিবা শুই
দাঁত নাইকিয়া সাপৰ ফোচফোচনি বেছি
দাতাই দিলেও বিধাতাই নিদিয়ে
দা ধাৰেৰে মাৰিলও গাত পৰে, গদীৰে মাৰিলও গাত পৰে
দেহা থাকিলেহে বেহা, নহলে তিতা কেহা
দৰিদ্ৰ লঙ্কালৈ যায়, সাগৰো শুকায়, মাণিকো লুকায়
দুৰৰ পাহাৰ শুৱণী
দুৰৰ ৰৌ বৰালী, ওচৰৰ পুঠি খলিহনা
দুষ্টৰ দুদিন, সন্তৰ শ দিন: অসাধু লোকে কেইদিনমান ৰাজত্ব কৰিব পাৰে, কিন্তু সাধু লোকেই বেছিভাগ সময় ৰাজত্ব কৰে।
দহো আঙুলিৰে খায়, বুঢ়াই হেচুকিলেহে যায়
দেখাতেই কঠাল, পিঠিত কাইট: জল জল পট পট, কোনো প্ৰমাণৰ প্ৰয়োজন নাই।
দেখাক দেখি কুকুৰে পাতে একাদশী: সামৰ্থ্য নাথাকিলেও আনক দেখি কোনো কাম কৰিবলৈ যোৱা।
দেখাত হে বুটী, কঠীয়া জেঠতে পৰা: দেখিবলৈ সিমান ভাল নহব পাৰে, কিন্তু থকিবলগিয়া আটাইখিনি গুণ আছে।
দুহাল গোনা বাই, ছয়মাহ খাবলৈ নাই: থকা সম্পদৰ অপচয়।
ধ
ধান পকে মানে টুনিৰ মৰণ
ধানটোৱে প্ৰতি কণটো, মানুহ্টোৱে প্ৰতি মনটো
ধন দিলে ধোবাই মেখেলাও কোবায়
ধন লবা লেখি, বাট বুলিবা দেখি
ধাৰত পৰিলে শিলো উটে, সপোন দেখিলে বুঢ়ায়ো মূতে
ধনীৰ ঘৰত যাবা চাবলৈ, দুখীয়াৰ ঘৰত যাবা খাবলৈ: ধনী মানুহে নিজৰ সম্পত্তি দেখুৱাই ভাল পায়, আনহাতে দুখীয়া মানুহে আনক খুৱাই-বুৱাই ভাল পায়।
ধেই-টাক বুলিলেই তিনি পাক ঘুৰা
ন
নলগা জেঙত লগা
নকৈ নোৱৰো ফটা মুখ, কলেও লাগে ভকতৰ দোষ
নাই পো লনী, নাই পো ধনী
নাই মোমাইতকৈ কণা মোমাই ভাল
নাই হে নাখাও, লঘোনেও নাযাও, গাতো নিদিও দুখ: খাদ্য নথকা বাবে নাখাও, লঘোনো নপৰো, নিজক দুখ দিব নোৱাৰো।
নাও উঠোঁতে বুৰে, নাও নামোতে বুৰে
নাও বুৰিলেও টিঙৰ পৰা ননমা
নাকত লাগিল পাক, মহা ভকতৰ চিন্তা লাগিল, মেধি পাতিম কাক
নগাৰ চাং তলে বাট
নাচিব নাজানে চোতালখন বেঁকা: নিজে কিবা এটা কৰিব নোৱাৰিলে আনক দোষ দিযা।
নি থাকিলে পাণ খিলাও গধুৰ
নিজ বুদ্ধি শিলৰ খুটি
নিজ হাত জগন্নাথ
নিজৰ পোকৰত গু, আনক কয় ধো ধো ধো: নিজে অসৎ হৈ আনক সৎ হবলৈ উপদেশ দিয়া।
নিজৰ নঙলা মুখত সকলো কুকুৰেই বাঘ বা নিজ দেশত ঠাকুৰ পৰৰ দেশত কুকুৰ: অৰ্থাৎ সকলো ব্যক্তিয়েই নিজৰ চিনাকি ঠাইত নিজৰ দাম্ভিকতাৰে নিজক ডাঙৰ হিচাপে প্ৰকাশ কৰে, কিন্তু আনৰ ঠাইত গৈ সেই ভাৱ প্ৰকাশ কৰিব নোৱাৰে আৰু সৰু হৈ থাকিব লাগে।
নিজৰ পোকৰ টেকটেকিয়া, লোকৰ পোকৰত পানী চতিয়া: নিজৰ দোষ নেদেখি লোকৰ দোষ দেখা।
নেখাও তাইৰ হাতেৰে ভাত, ঘূৰি ঘূৰি তাইতেহে হাত: কাৰোবাৰ হাতে ভাত নাখাও বুলি ঠেহ পাতি থাকিলেও শেষত পেটৰ ভোকত খাবলৈ বাধ্য হয়। অৰ্থাৎ কোনোবা ব্যক্তিৰ হাতে কোনো কাৰ্য্য নকৰাও বুলি ভাবিও উপায় নাপায় কৰিবলৈ বাধ্য হোৱা অৱস্থা।
নোধোও গা ধুৱালি, নাখাও ভাত খুৱালি, নিগিলো কি কৰ কৰ: কোনোবাই গা ধুব ইচ্ছা নকৰিলেযোৰ কৰি গা ধুৱাব পৰি, ভাত খাব ইচ্ছা নকৰিলেযোৰ কৰি মুখত ভাত সুমুৱাই দিব পাৰি, কিন্তু সুমোৱাই দিয়াৰ পাছতো যদি তেওঁ নিগিলো বুলি ভাৱে তেন্তে তেওঁক কেতিয়াও তাৰ বাবে বাধ্য কৰিব নোৱাৰি। অৰ্থাৎ কোনো এজন মানুহক বাহ্যিকভাৱে কিছুমান কাম কৰিবলৈ বাধ্য কৰাব পাৰি যদিও মনৰ ইচ্ছাৰে কোনো কাম কৰিবলৈ নিবিচাৰিলে, কামটো কেতিয়াও সফল হৈ নুঠে।
নমঞ্চিব কইনা, ওঠৰতা মূৰ্তি
নিবোকা চামোন, গু খোৱা যম: বেছি কথা বতৰা নকয়, কিন্তু মানসিক ভাবে খুব শক্তিশালি।
নেহাঁহিবি মোক, সুঁচৰিব তোক: মোৰ অৱস্থা দেখি নেহাঁহিবি, কাৰণ কাইলৈ তোমাৰো তেনে অৱস্থা হব পাৰে।
প
পাপীৰ লগত যমদুতৰ শাস্তি: অপৰাধীৰ লগত আৰক্ষীৰ লোকেও শাস্তি খাব লাগে।
পাগলে নকয় কি, ছাগলে নাখাই কি
পানীত হাঁহ নচৰা অৱস্থা
পাপীৰ পিঠাত মন
পৰ্বতত কাছৰ কনী বিচৰা
পৰৰ পালে জ্বৰৰ গাৰে খোৱা
পৰৰ মূৰত কঁঠাল ভঙা
পোৱতিয়েহে জানে প্ৰসৱ বেদনা কি
পথাৰৰ মাজৰ মুঢ়া, যৰে পৰা চোৱা তৰে পৰাই পোন
পুহত কল, মাঘত জল, তেহে পাবা গাত বল
পঢ়ে পঢ়াই ৰোৱে পাণ, এই তিনিয়ে নিচিন্তে আন: ছাত্ৰই পঢ়াৰ বাহিৰে বেলেগ একো নকৰে, শিক্ষকে পঢ়োৱাত নিমগ্ন থাকে, খেতিয়কে খেতিৰ বাহিৰে বেলেগ চিন্তা নকৰে, অৰ্থাৎ যাৰ যি কাম তাতে ব্যস্ত থকা।
পঢ়িবা শুনিবা পাইবা দুখে, মৎস্য মাৰিবা খাইবা সুখে
পৰুৱাৰ পাখী গজে মৰিবলৈ: নিজৰ ক্ষমতাতকৈ বেছি কাম কৰিব গলে বিপদত পৰিব পাৰে।
ফ
ফটা বাঁহ জোৰা নালাগে
ফটা কঁথা তিতে মানে গালৈহে গধুৰ
ফিৰিঙতিত খাণ্ডব দাহ
ফুটা কলহৰ মাত সাৰ
ফেউৰাৰ মাতত সিংহই উভতি নাচাই
ফোপজহি ৰঙাই, এদোন ধানৰ পিঠা খুন্দি গোটেই গাওখনকে জনাই
ফটা হওক চিতা হওক পাটৰ তঙালী, কণা হওক কুজা হওক ভুঞাৰ পোৱালি
ফল খাই পানী, যমে নিয়ে টানি
ফাল চাছোটেই মাঁহৰ বতৰ যোৱা
ব
বাজিব লাগে টেমী কটাৰী, বাজিছে হাঁচটি: হাঁচটিত থকা টেমি-কটাৰী আদি নাবাজি হাচটিখন বজা অৰ্থাৎ কথা ক'ব লাগে ব্যক্তিজনে নকৈ তেওঁৰ সমৰ্থনত অন্য ব্যক্তিয়ে অনৰ্থকভাৱে কথা কৈ থকা।
বন্ধু চিনিবা বিপদৰ বেলা: বিপদত পৰিলেহে কোন প্ৰকৃত বন্ধু তাক চিনিব পাৰি, কিয়নো ভাল সময়ত সকলোৱে ভালদৰেই বন্ধুত্ব দেখুৱাই।
বান্দৰে কি বুজে নাৰিকলৰ মোল: নাৰিকলটো বাহিৰৰ পৰা দেখিবলৈ ভাল নহয়, কিন্তু ভিতৰতহে সুস্বাদু নাৰিকল থাকে, বান্দৰবোৰে কথাটো নাজানি নাৰিকল পালেও পেলাই দিয়ে। অৰ্থাৎ সকলোৱে মূল্যবান বস্তুৰ মূল্য নুবুজে।
বান্দৰৰ তিনিটা কণী, নিতৌ উলিয়াই নিতৌ সুমুৱাই ডালৰ ফেৰেঙনিত বহি
বাপৰ ধনে নাটে আৰু পাপৰ ধনে নাটে
বাছৰ আগত, ঘোৰাৰ পাছত: বিপদজনক ঠাই।
বাঘৰ নেজেৰে কাণ খজুৱা
বাঘৰ আগতেল খোৱা
বাঘৰ আগত ছাগৰ অগা দেৱা
বাৰ হাত জালৰ তেৰ হাত ফটা, ভাল মাৰিলি বাপৰ বেটা, ৰৌ-বৰালি সৰকি গ’ল, পুঠি-খলিহনা পাহে পাহে ৰ’ল
বালীলৈ যি পাত, সুগ্ৰীৱলৈও সেই একে পাত
বনৰ বাঘে নখায়, মনৰ বাঘেহে খায়: ভয়ৰ কাৰণেহে বিপদ হয়।
বাওনা হৈ চন্দ্ৰলৈ হাত মেলা: চুটি-চাপৰ মানুহে ওখত থকা বস্তু হাতেৰে ঢুকি নেপায়। এই যোজনাটোৰে অসম্ভৱ কামৰ হাবিয়াস কৰাৰ কথা বুজোৱা হয়।
বুঢ়া শালিকাই মাত লোৱা
বিনা মেঘে বজ্ৰপাত
বাটৰ কচু গাত ঘঁহি লোৱা
বাৰীৰ ঘাঁহ গোহালীৰ গৰুৰ ৰাহি যোৰা নাহে
বাহিৰে ৰং-চং ভিতৰি কোৱা-ভাতুৰি: কোৱাভাতুৰী এবিধ লতাৰ ফল, সি পকিলে তাৰ বাহিৰ ভাগ দেখাত সুন্দৰ হয়, কিন্তু ভিতৰৰ ফাল কাউৰীৰ পাখিৰ দৰে ক'লা হয়। ইয়াৰ দ্বাৰা বুজাব খোজা হৈছে যে, কোনো বস্তু বা ব্যক্তিৰ বাহ্যিকতা দেখি তেওঁৰ গুণাগুণ নিৰূপণ কৰিব নোৱাৰি।
বাহৰ পৰা উৰিল কাউৰী, পাৰিলহি কুলিয়ে কণী তিনি
বিপদত কুকুৰেও মৈ টানে
বেঁকাকৈ পদূলি, চিকুনকৈ নঙলা, কেতিয়াও সেই ঘৰ নহয় বৰলা
বেছি মেঘে গাজিলে বৰষুণ নিদিযে
বেজিৰ জলঙা মনে, কুঠাৰৰ জলঙা নমনে
বেজৰ নাকত খৰ
বেটিয়ে ভাঙিলে কটৰা, গড়গাঁও পালেহি বতৰা, ঘৈণীয়ে ভাঙিলে কাহী, ঠলে মিচিকাই হাঁহি: বেটি মানে কাম কৰা ছোৱালিয়ে কটৰা ভাঙিলেও সকলোকে কৈ ফুৰা, কিন্তু ঘৈণীয়েকে কাঁহী ভাঙিলেও মনে মনে থকা। অৰ্থাৎ নিজৰ আপোন মানুহৰ ডাঙৰ দোষকো লুকুৱাই ৰাখি আনৰ সৰু দোষকে কৈ ফুৰা।
বেতনিত ঔ পৰিল, গোবিন্দায় নমঃ: সাধাৰণতে বেতঁনিৰ কাষত ঔ টেঙাৰ গছ থকা দেখা যায় আৰু ঔ-টেঙা পাৰোঁতে সি যদি বেতঁনিত পৰে তেন্তে তাক তাতে বিসৰ্জন দিয়াৰ বাদে অন্য উপায় নাথাকে (যেনেদৰে যজ্ঞত আহুতি দিয়াৰ সময়ত 'গোবিন্দাই নমঃ' বুলি একেবাৰে বিসৰ্জন দিয়া হয়)। ইয়াৰ অৰ্থ হ'ল কোনো এটা কাম বা বস্তু পুনৰ আৰম্ভ বা প্ৰাপ্ত কৰিব নোৱাৰাকৈ শেষ হোৱা।
বোকাতহে পদুম ফুল ফুলে
বোৱাৰী আনিবা দিনটোৰ বাটত, গৰু আনিবা ৰিংটোৰ বাটত: ওচৰৰ ঘৰৰ পৰা ছোৱালী বিয়া কৰাই আনিলে ঘনে ঘনে মাকৰ ঘৰলৈ গৈ থাকিব, সেয়েহে দুৰৈৰ ঘৰৰ পৰা (যলৈ এদিনৰ বাট) বিয়া কৰাব লাগে। আনহাতে গৰু কিনিলে ওচৰৰ ঘৰৰ পৰা কিনিব লাগে, যাতে বাট ভুল কৰি আগৰ ঘৰলৈ গলেও সহজে বিচাৰি আনিব পাৰি।
বলে নোৱাৰা শিলক পৰি নমস্কাৰ
বহিব জানিলে মাটিয়েই পিৰা, খাব জানিলে চাউলেই চিৰা
বুঢ়াৰ কথা নুশুন ডেকা, টানত পৰি কিয় কেকা?
বুজাক বুজাবা আকাৰে ঈঙ্গিতে, নুবুজাক বুজাবা হালোৱা এছাৰিৰে
বৰাৰ ঘৰত তৰাৰ গাঁঠি বৰানো থাকিব কেই ৰাতি: তৰাৰ গাঁঠিৰেই মানুহ থাকিব পৰাকৈ কেইদিনমানলৈ এটা ঘৰৰ প্ৰয়োজনীয় গাঁঠিসমূহ দিব পাৰি আৰু সেই কথা অস্থায়িভাৱে থকা মানুহজনে ধৰিব নোৱাৰে। কিন্তু সি চিৰস্থায়ী নহয়। অৰ্থাৎ ক্ষন্তেকিয়া আলহীৰ নিমিত্তে চকুত ভাল লগাকৈ কোনো কাৰ্য্য কৰি মনত সন্তোষ দিয়া ব্যৱস্থা।
বামত বাম ৰজা, পোটা পুখুৰিত বাকেই ৰজা: নিজৰ নিজৰ ঠাইত সকলোৱে ৰজা।
বাতি খালে আটি যায়, লুকাই খালে ঢুকাই যায়: সকলোৰে লগত মিলিজুলি উপভোগ কৰিলে সকলোৱে ভাগ পায়, আনহাতে অকলে উপভোগ কৰিব চেষ্টা কৰিলে নিজলৈকো নাটে।
বাৰিৰ পুখুৰি সিচোতেও দুই চাৰিজনক শিঙিয়ে বিন্ধে: একবাৰে সাধাৰণ কামতো অলপ হলেও বিপদ থাকিব পাৰে।
ভ
ভৰালত নাই কণটো, বৰসবাহলৈ মনটো: সীমিত সম্পদৰ গৰাকী হোৱা সত্ত্বেও মনত ডাঙৰ আকাংক্ষা পুহি ৰখা।
ভুকুতে কলটো নপকে: সকলো কাৰ্য্য সম্পূৰ্ণ হোৱাৰ এটা সময় থাকে, তাকে নামানি অসময়ত ফলাফল বিচৰা অফলপ্ৰসূ হয়।
ভুৰুকাত হাতী ভৰোৱা: বিশালাকাৰ একোটা বিষয় অতি সংক্ষেপে প্ৰকাশ কৰা, যেন চূণৰ সৰু টেমি এটাত হাতী এটাহে ভৰোৱা হৈছে।
ভুতৰ মুখত ৰাম নাম: কাৰোবাৰ চৰিত্ৰ বা ব্যক্তিত্বৰ লগত খাপ নোখোৱা ধৰণৰ কথা কাণ্ড।
ভাতত নাখাই লোণ, পিটিকাত যায় তিনিগুণ
ভয়ত ভগৱন্ত পলায়, কিললৈ বাসুদেউ ডৰায়
ভাতৰ তিতা খাব পাৰি, মাতৰ তিতা খাব নোৱাৰি
ভাল ভাল ঘোৰাই নাপাই ঘাঁহ, বটুৱা ঘোৰাই বিচাৰে মাহ
ভালুকৰ ওলোটা খোজ: অসম্ভৱ ঘটনা।
ভালে পায় ভাল, জাবৰে পায় খাল
ভবা কথা নহয় সিদ্ধি, বাটত আছে কনা বিধি
উৰুলিপুঙা, মৰে পদূলিশুঙা,মৰে নদী কুলৰ গাছ, মৰে অলপ পানীৰ মাছ:
মাউখে উতিলে গুৰি পৰুৱাৰ মৰণ নাই: একতা থাকিলে কোনো জনসমূহ বিপদত নপৰে।
মাকতকৈ জীয়েক কাজী, ঢেঁকীথোৰা লৈ বাতে পাজী: মাকক সাধাৰণতে জীয়েকতকৈ সকলো বিষয়তে বেছি অভিজ্ঞ বুলি ধৰা হয়, কিন্তু জীয়েকে জনা দেখুৱাই পটাৰ সলনি মছলা বটিবলৈ ঢেঁকীথোৰা ব্যৱহাৰ কৰা অৰ্থাৎ অলপ জ্ঞান থকা বিষয় বস্তুৰ ওপৰত বেচি জনা দেখুওৱা।
মাছত বতিয়া আৰু মানুহত কটিয়া, ইহতৰ পৰা অলপ বাছি থাকিবা:
মাজ মুৰত নাই চুলি, গিৰিয়েকে মাতে ৰূপহী বুলি:
মাতিলে ৰণলৈও যাবা, নামাতিলে ভোজলৈও নাযাবা: আমন্ত্ৰণ জনালে ৰণলৈও যাবলৈ সংকোচ কৰিব নালাগে, কিয়নো এমে কৰিলে সন্মান পোৱা যায়। কিন্তু নামাতিলে ভোজ-ভাত খবলৈও যাব নালাগে, ইয়াত আত্ম-সন্মান হানি হ’ব পাৰে।
মাছে বোলে মাতে পানীয়ে দুই কোৱাৰি ভেটে: কোনো কথা ক'ব পৰাৰ উপযুক্ত যুক্তি থকাৰ পিছতো পাৰিপাৰ্শ্বিক পৰিবেশৰ বাবে ক'ব নোৱাৰা অৱস্থা।
মাছ বুলি নাখাই জীজী বুলি খায়: কোনো এটা বস্তু পোনপটীয়া ভাবে নলৈ আন অজুহাতত লোৱা। যেনে পোনপটীয়া ভাবে ভেটি নোলোৱা, কিন্তু আন প্ৰকাৰে লোৱা।
মাছৰ কেঁচা, চাহৰ চেঁচা: অখাদ্য।
মামা বাৰীৰ কলি গাই, এক পিয়ন দি মৰি যায়:
মানুহটোৱে প্ৰতি মনটো, ধানটোৱে প্ৰতি কণটো: প্ৰতিটো ধানৰ ভিতৰত একোটাকৈ কণ থকাৰ দৰে প্ৰতিজন মানুহৰ নিজস্ব মন একোটা থাকে। অৰ্থাৎ এজনৰ ভাৱধাৰা আন এজনৰ লগত নিমিলিবও পাৰে।
মানুহ মৰে কৈ, চৰাই মৰে ৰ:
মোল্লাৰ দৌৰ মছজিদলৈ:
মন থাকিলে চন, বাকৰি মাটিতো ধন: কষ্ট কৰিলে যিদৰে ছন পৰা মাটিত শস্য উৎপাদন কৰিব পাৰি, সেইদৰে মনৰ দৃহতা থাকিলে যিকোনো কঠিন কামেই সমাধান কৰিব পাৰি।
ম’হতকৈ শিং চৰা:
মাছৰ তেলেৰে মাছ ভজা:
কাৰোবাৰ পৰা লোৱা সামগ্ৰীৰে তেওঁকে তোষামোদ কৰি ঠগী খোৱা
মাখিৰ মুৰৰ ঘী কাঢ়ি খোৱা: কৃপণ।
মেকুৰিৰ ডিঙিত টিলিঙা অৰা: অসাধ্য কাম।
মৰে উৰুলি পুঙা, মৰে পদূলি শুঙা:
মুৰত থলে ওকনিয়ে খায়, মাটিত থলে পৰুৱাই খায়:অতি আদৰৰ।
মহন্তৰ চিন মাহনিত, বুঢ়া গৰুৰ চিন ঘাহঁনিত: এজন মহন্ত আচলতে কিমান মহৎ, তেওঁ মাহনী এখনৰ মাজেৰে নিঃসংগে লোভনীয় মাহ চিঙি নোখোৱাকৈ পাৰ হৈ যাব পাৰেনে তাতেই ধৰা পৰে। এতেকে এজন মানুহ কিমান মহৎ, তেওঁ সুবিধা থকা সত্তেও লোভ সংযম কৰিব পাৰিলেহে ধৰা পাৰে।
ম'হৰ আগত বজাও টোকাৰি, ম'হে ঘাহ খায় মুৰ জোকাৰি:
মুৰ্খ বন্ধুতকৈ জ্ঞানী শত্ৰুৱেই ভাল:
মুৰ্খই থেকি শিকে, জ্ঞানীয়ে দেখি শিকে: মুৰ্খ মানুহে নিজৰ ভুলৰ পৰা শিকে, আনহাতে জ্ঞানী মানুহে আনৰ ভুল দেখি শিকে।
মাহৰ মাৰ দেখি তিলে বেট মেলা: আনক সোধ-পোছ কৰা দেখি ভয়তে নিজে নিজে দোষ স্বীকাৰ কৰা।
মিছা কথাৰ ঠেং চুটি: মিছা কথা বেছিদিন নিতিকে।
য
যতে বাঘৰ ভয়, ততে ৰাতি হয়: যেতিয়া কিবা এটাৰ ভয় হয়, তেতিয়াই তাৰ সম্মুখিন হব লগা হয়।
যতে ৰাতি ততে কাটি:
যদিহে নোপোৱা মছলা ভাল, তলত দিবা বেছিকৈ জাল:
যশ চাই যশিনী, কৃষ্ণ চাই ৰুক্মিণী: আপুনি যেনে মানুহ তেনে সঙ্গই পাব।
যাৰ জহত শাখা সেন্দূৰ, তাকে পাতে ভোকোৰা এন্দুৰ:
যাৰ যি ইচ্ছা, হাত দাঙি দাঙি নাছা:
যাৰ নাই গৰু, সি সবাতোকৈ সৰু:
যাৰ নাই ধন, তাৰ নাই মান:
যাৰ নাই বাহ, তাৰ নাই সাহ:
যি যিমান নামে, সি সিমান তিতে:
যি মূলা বাঢ়ে তাৰ দুপাততে চিন:
যি পহু মাৰিলা বনত, সেই কথা ৰাখিবা মনত:
যিয়ে লঙ্কালৈ যায়, সিয়ে ৰাৱণ হয়:
যাচি দিয়া সোণৰো মূল্য নাই।:
যাৰ ঘৰত নুগুছে কন্দল, তাৰ ঘৰত নুফুলে কমল:
যিমানে বিলাই দিবা সিমানে মহান হবা: দান-বৰঙণী কৰিলে মহান বুলি স্বীকৃতি পায়।
যিয়েই ৰজা তাৰেই প্ৰজা: সাধাৰণ মানুহৰে বাবে কোনে ৰাজত্ব কৰিছে সেয়া ডাঙৰ কথা নহয়, কাৰণ যিয়েই ৰাজত্ব নকৰক, সাধাৰণ প্ৰজাৰ অৱস্থা একেই থাকে।
যেনে কুকুৰ, তেনে টাঙোন:
যোগ্যে ভোগ্যে বসুন্ধৰা (সংস্কৃত): যাৰ যোগ্যতা আছে সিহে উপভোগ কৰে
ৰ
ৰজাই ভাল দেখে যাক, শতৰু নুবুলিবা তাক: যি মানুহৰ প্ৰভাৱশালী মানুহৰ লগত ভাল সম্পৰ্ক, সেই মানুহৰ লগত শত্ৰুতা নকৰাই ভাল।
ৰজাই ভাল দেখে যাক, ভাৰ-ভেটিও নালাগে তাক: যি মানুহৰ প্ৰভাৱশালী মানুহৰ লগত ভাল সম্পৰ্ক, সেই মানুহে অনায়াশে নিজৰ কাম কৰাব পাৰে, যি কামৰ বাবে সাধাৰণ মানুহে ভেটি দিব লাগে।
ৰাইজে নখ জোকাৰিলে নৈ বয়:
ৰাক্ষসৰ আগত ধোৱা চাউল:
ৰাতি হ'লে সাত হাল, দিনত হ'লে এহালো নাই:
ৰান্ধনীশালত কাঁহী-বাতিৰ শব্দ হ'বই! :
ৰাখে হৰি মাৰে কোনে, মাৰে হৰি ৰাখে কোনে:
ৰৌ বৰালী সৰকি যায়, পুঠি খলিহনা ৰৈ যায়:
ৰছকিয়ে পাতে গাওঁ, নিবুকিয়ে ভাঙে গাওঁ:
ৰূপ টকাৰ কানি, একে হোপাই শেষ:
ৰূপেনো কি কৰে, গুণেহে সংসাৰ তৰে:
ৰোৱা চাবা পুৱা বেলিত, গাভৰু চাবা মাছৰ তলিত:
ল
লুইতেহে জানে বঠা কিমানলৈ বহে:
লুকাই খালে ধুকাই যায়, বাটি খালে আটি যায়:
লোকলৈ বুলি হুল পুতি নিজে মৰে ফুটি:
লোভে পাপ, পাপে মৃত্যু:
লোহাৰেহে লোহা কাটিব পাৰি: কাৰোবাক পৰাস্ত্ৰ কৰিব হলে তাৰ সমানেই শক্তি থাকিব লাগে।
লাগি থাকিলে মাগি নাখায়: যি অনৰহ কাম কৰি থাকে, সি আনৰ ওচৰত কেতিয়াও হাত পাতিব নালাগে।
স
সময়ৰ টিকণি আগফালে উৰে:আমি যদি এটা কিমান কৰো তেতিয়া সময়লৈ ৰৈ থাকিলে নহ'ব যদি সময়লৈ ৰৈ থাকো তেতিয়া পিছ পৰি যাম। সেইবাবে সময়ৰ কাম সময়ত কৰিব লাগে। পিছলৈ থৈ দিব নালাগে।
সময়ৰ শৰ সময়ত মাৰিবা: যি সময়ত যি কাম কৰিব লগা আছে, সেই সময়তেই সেই কাম কৰিব লাগে, সময়ত নকৰি পিছলৈ পেলাই থলে বিপদত পৰিবলগা হব পাৰে।
সৰুৱে পানী পেলাই, ডাঙৰে পিছল খাই: সৰু লৰা-ছোৱালীৱে কৰা দোষৰ শাস্তি সিহঁতৰ অভিভাৱকে পায়।
সান্দহ খোৱা বালি তল যোৱা:
সাপ মাৰি নেগুৰত বিষ এৰা:
সৰিয়ঁহৰ ডুলিত ভুত:
সন্ধিৰ বাহ বুদ্ধিৰে কটা:
সকলো চৰাইয়ে মাছ খায়, মাছৰোকাৰ নাম ৰয়: মাছৰোকা এবিধ বিশেষ মাছখোৱা চৰাই। কিন্তু দেখা যায় যে অন্য চৰায়ে মাছ খালেও কেৱল মাছৰোকাৰ নামহে কোৱা হয়। অৰ্থাৎ সকলো মানুহে দোষ কৰে কিন্তু বিশেষ কোনো ব্যক্তিকহে তাৰ বাবে জগৰ ধৰে।
সকলো জিলিকা বস্তু সোণ নহয়:
সাগৰেদি উটি যায় শংখ, নেগুৰিয়া শামুকে কয় ময়ো তাৰে বংশ:
সাত পুৰুষত নহ'ল গাই, কঁৰীয়া লৈ খীৰাবলৈ যায়: সাধাৰণতে ফুটনি মৰা মানুহৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়। কোনো মানুহৰ সামান্য কাম এটা কৰাৰোঁ সক্ষমতা নাথাকে কিন্তু আনক দেখুৱাই ডাঙৰ ডাঙত কাম কৰাৰ কথা কয়। অৰ্থাৎ ঘৰত গাই-গৰু নথকাকৈয়ে গাখীৰ খিৰাবলৈ যোৱাৰ দৰে কথা।
সাতে পাতল, পাছে ঘন, ছয়ে তামোল, নদন বদন:
সাত পো বাৰ নাতি, তেহে কৰিবা কুহিয়াৰ খেতি:
সু জল বৰিষণা, সু মত্স্য দৰিকণা:
সু তিৰী ফেদেলী, সু ফল কদলী:
সাতোৰ সাতোৰ নিজ বাহু বলে, সাতুৰিব নোৱাৰিলে যা ৰসাতলে: পানীত পৰি সাতোৰিব নোৱাৰিলে মৃত্যু নিশ্চিত। অৰ্থাৎ নিজৰ বাহু বলে কোনো কাম কৰিব নোৱাৰি আনৰ ওপৰত নিৰ্ভৰ কৰি থাকিলে একো ফল লাভ কৰিব নোৱাৰি।
সাপে নাপাহৰে কঁকালৰ কোব, মাকে নাপাহৰে পুত্ৰৰ শোক: সাধাৰণতে সাপৰ স্মৃতি শক্তি অতি প্ৰখৰ। কোনোবা ব্যক্তিয়ে সাপক অনিষ্ট কৰিলে সেই ব্যক্তি জনক কেতিয়াও নাপাহৰে আৰু আক্ৰমণ কৰিবৰ কাৰণে প্ৰস্তুত হৈ থাকে। একেদৰে মাকৰ বাবে পুত্ৰত মৃত্যু কেতিয়াও পাহৰিব নোৱাৰা শোক। অৰ্থাৎ কোনোবা ব্যক্তিক আমি এবাৰ অপকাৰ কৰিলে সেই ব্যক্তিজনে যিমান ভাল হ'লেও সদায় মনৰ মাজত এটা ক্ষোভ ৰাখি থয় আৰু সুবিধা পালে অন্যায় কৰিবলৈ নাপাহৰে।
সাপৰ লেখা, বাঘৰ দেখা:
সাপ হৈ খোটা, বেজ হৈ জৰা: নিজেই অন্যায় কৰি শেষত ভালৰি লগাবলৈ বা আনক দেখুৱাবলৈ তাৰ প্ৰতিকাৰৰ ব্যৱস্থা কৰা।
সেই ৰামো নাই, সেই অযোধ্যাও নাই: এজন ভাল ব্যক্তিয়ে এটা ভাল পৰিবেশো সৃষ্টি কৰে। কিন্তু তেওঁৰ মৃত্যুৰ লগে লগে চাৰিওফালৰ পৰিবেশটোও এলাগি হৈ পৰে। অৰ্থাৎ কোনো ভাল বস্তুৰ লগতে তাৰ চাৰিওফালৰ আনুষাঙ্গিক বিষয়বস্তু বিলাকো শেষ হৈ যায়।
সীতা থাকিবলৈ ৰামো থাকিব লাগিব:
সোণ বেছি দৰিদ্ৰ হোৱা: এসময়ত ধণ সম্পত্তি আছিল, কিন্তু কালক্ৰমত দুখীয়া হৈ যোৱা।
সোণত সুৱগা চৰা:
সমানে সমানে কৰিবা কাজ, হাৰিলে জিকিলে নাই লাজ: সাধাৰণতে ৰণত হৰা জিকা থাকেই, কিন্তু নিজতকৈ শ্ৰেষ্ঠজনৰ লগত বা দুৰ্বলজনৰ লগত হৰা জিকা হ'লে কোনেও আত্মসন্তুষ্টি লাভ কৰিব নোৱাৰে। অৰ্থাৎ নিজৰ সমকক্ষ ব্যক্তিজনৰ লগত কাম কৰি, নিজৰ যোগ্যতা প্ৰতিপন্ন কৰি হৰা জিকা হ'লে কোনেও কাকো দোষ দিব নোৱাৰে বা আনৰ ওচৰতো লাজ পাব নোৱাৰে।
সময়ৰ টিকনি সদায় আগফালে: সাধাৰণতে মানুহৰ টিকনি পাছফালে থাকে আৰু তাত সহজতে ধৰি মানুহক ৰখাব পাৰি। কিন্তু আগফালে থকা হ'লে কোনেও সেই কাম কৰিব নোৱাৰিলেহেঁতেন। একেদৰে সময়ৰ টিকনিডাল আগফালে থকা বাবে সময়ৰ গতিক কোনেও ধৰি ৰাখিব নোৱাৰে। অৰ্থাৎ আমি সময় থাকোঁতেই সকলোঁ কাম কৰা উচিত। ইয়াত টিকনি-ক কেৱল ধৰি ৰখাৰ সুবিধাজনক আহিলাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হৈছে।
সিয়নীত শুৱা, ভটিয়নি পানীত যোৱা: পানীৰ সোঁতৰ লগত সাধাৰণতে মিলি যাবলৈ সহজ। তাৰ বাবে বেছি কষ্ট কৰিব নালাগে। অৰ্থাৎ বুদ্ধিৰে সহজ ব্যৱস্থা গ্ৰহণ কৰি চলি থকা | আনহাতে সিয়নীত শুৱা কথাষাৰৰ লগতো এটা সাধুকথা জড়িত হৈ আছে। এবাৰ তিনিজন ককাই-ভাইৰ মাজত সম্পত্তিৰ ভাগ কৰিব লগা হ'ল। সম্পত্তিৰ নামত এখন কম্বল আৰু এযোৰ বেজি-সূঁতা। কোনে কি ল'ব ভাবি থাকোঁতে আটাইতকৈ বুদ্ধিয়ক জনে গুলি-সূঁতা ল'লে আৰু বাকি দুজনক কম্বলখন ফালি ল'ব ক'লে। সেই মতে কাম হ'ল। কিন্তু ৰাতি ফটা কম্বল দুখন লৈ দুজনে টানি-টানি শুই থাকিল। কিন্তু বুদ্ধিয়কজনে দুয়োজনৰ মাজত শুবলৈ সোমাই বেজি-সূঁতাৰে দুয়োখন চিলাই আৰামত শুই থাকিল।
স্থান এৰিলে মান যায়: নিজৰ থকা ঠাই এৰিলে সেই ঠাইত ইমান দিনে আৰ্জন কৰা মান ও এৰিব লাগে, কাৰণ নতুন ঠাইৰ মানুহে আপোনাৰ বিষয়ে নাজানে।
শ
শ পাপে জ্বৰ, হাজাৰ পাপে খৰ: ভগবানে আপোনাৰ পাপৰ হিচাপ সৰু সৰু ৰোগৰ দ্বাৰা দিয়ে।
শালৰ মাজত শিঙি ওলোৱা:
শাল শিঙৰি কহিৰৰ এফাল, ইকৰাই বোলে নিতিতিলে নুশূকালে ময়ো যাও কত কাল: নিৰ্মাণ সামগ্ৰী হিচাবে ইকৰা একেবাৰে দুৰ্বল, কিন্তু ঠিকভাবে ৰ’দ-বৰষুণৰ পৰা বছালে ইও বহুদিন যায়।
শেনতো হৈ গৈ ফেঁচাতো হৈ ঘূৰি অহা: দম্ভালি মাৰি কিবা কাম এটা কৰিম বুলি গৈ বিফল হৈ ঘূৰি অহা।
শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে: কিবা এটা পাবলে হলে কাম কৰিব লাগিব।
শগুনৰ শাওত বুঢ়া গৰু নমৰে:
শাকত নাখাই লোণ, পিটিকাত যায় তিনিগুণ: সৰু সৰু খৰচ এৰাব চেষ্টা কৰা, কিন্তু ডাঙৰ খৰচ কৰা।
আগৰ দিনত লোণ বহুমূল্য সামগ্ৰী আছিল, যিহেতু ইয়াক অসমত পোৱা নগৈছিল সেই বাবে বাহিৰৰ পৰা আমদানী কৰা হৈছিল। সেয়েহে লোণ কমকৈ ব্যৱহাৰ কৰিবলৈ শাকত লোণ নিদিয়াকে বনোৱা হল, কিন্তু পিটিকা লোণ নোহোৱাকে খাব নোৱাৰা কাৰণে তাত লোণ দিব লগা হল, এতিয়া শাকত যিমান লোণ লাগিলহৈ পিটিকাত তাতকৈ বেছি লোণ লাগিব।
শাহু-বোৱাৰীৰ ঘৰ, কোনে খালে দৈ-সৰ: শাহু বোৱাৰীৰ মাজত দ্বন্দ্ব্ব্ব যিকোনো সৰু সৰু কাৰণতে হয়। ঘৰখনত কোনো এটা বস্তু ইফাল সিফাল হ'লেও সাধাৰণতে শাহু-বোৱাৰীয়ে পৰস্পৰক সন্দেহৰ দৃষ্টিৰে চায়।
শিয়ালৰ জাক জাক, সিংহৰ এটাই যথেষ্ট: সিংহ যথেষ্ট শক্তিশালী চিকাৰী প্ৰাণী, ইয়াক বনৰ সকলো জন্তুৱেই ভয় কৰে, আনহাতে শিয়ালে নিজে চিকাৰ নকৰে, আনে চিকাৰ কৰি খাই এৰি থৈ যোৱা মাংস খায়। বহুকেইটা শিয়াল একেলগে থাকিলেও অকলশৰীয়া সিংহ এটাকে ভয় কৰে। অৰ্থাৎ বহুকেইজন সাধাৰণ মানুহ থকাতকৈ এজন শক্তিশালী মানুহেই যথেষ্ট।
শত্ৰু জ্ঞান কৰি বান্ধিবা, মিত্ৰ জ্ঞান কৰি নিবা:
শুনা কথাত নিদিবা কাণ, দেখিলেও ল'বা তিনিটা প্ৰমাণ:
শুকান জেওৰা খৰিৰ ৰস চেপি উলিওৱা:
শূন্যত গডা ঘূৰোৱা বীৰ: দূৰৰ পৰা হুঙ্কাৰ কৰি আচল যুদ্ধলৈ যাব ভয় কৰা লোক।
হ
হাতীয়ে খায় যিমান লাডেও সিমান: প্ৰত্যেকেই নিজৰ সামৰ্থ আৰু যোগ্যতা অনুসৰি খৰচ কৰিব লাগে।
হাতত নাই কণটো, বৰ সবাহলৈ মনটো: হাতত ফুটাকড়ি এটাও নোহোৱাকে ডাঙৰ কামলৈ মন মেলা স্বভাৱ। মনৰ অলীক কল্পনা।
হাতৰ কুঠাৰ ভৰিত মাৰ: নিজেই নিজৰ অপকাৰ কৰা।
হাতী চোৰ আগে আগে যায় বেঙেনা চোৰক ধৰি কিলায়: হাতী চোৰেই হওক বা বেঙেনা চোৰেই হওক সকলোৱেই অপৰাধী। কিন্তু ডাঙৰ অপৰাধী কিবা প্ৰকাৰে সাৰি যায় আৰু ধৰা নপৰে, কিন্তু সৰু-সুৰা অপৰাধীবোৰ হে ধৰা পৰে।
হাবিৰ জুই দেখি, মনৰ জুই নেদেখি: হাবিত জুই লাগিলে সকলোৱে দেখা পায়, কিন্তু মানুহৰ অন্তৰত থকা দুখঃ কষ্ট বাহিৰৰ পৰা কোনেও উমান পাব নোৱাৰে।
হাড় নাইকিয়া জিভা, কয় কিবা কিবা: নক’বলগিয়া কঠা এটা কৈ পিছত জিভা পিছলা বুলি কোৱা।
হাড়ত বন গজা: বহু পুৰণি হোৱা।
হাঁহ চোৰৰ মুৰত পাখী, কঠাল চোৰৰ আঠায়ে সাক্ষী: হাঁহ চোৰ কৰিবলৈ যাওঁতে ক'ব নোৱাৰাকৈয়ে ক'ৰবাত পাখী লাগি থাকে আৰু কঠাল খাওঁতে মুখত কিবা প্ৰকাৰে আঠা লাগিবই। অৰ্থাৎ কিবা অপকৰ্ম কৰাৰ পিছত কৰবাত নহয় কৰবাত চিন থাকি যায়।
হাঁহৰ ওপৰত শিয়াল ৰজা: প্ৰতিজন দুৰ্বল ব্যক্তিৰ ওপৰত সেই জনতকৈ অলপ সবল ব্যক্তিজনে নিজৰ ক্ষমতা প্ৰতিপন্ন কৰা।
হ’ব চলি, বুলিব বাপ, তেহে গুচিব মনৰ তাপ:
হৰিণাৰ মাংসই বৈৰী: হৰিণাৰ মাংস অতি উত্তম মাংস। সেই মাংসৰ কাৰণেই হৰিণা সহজতে চিকাৰীৰ চিকাৰত পৰে। এতেকে কেতিয়াবা কোনো মানুহৰ নিজস্ব ধন-সম্পত্তিয়েই নিজৰ বিপদ নমায় আনে।
হলা গছ দেখিলে সকলোৱে বাগি কুঠাৰ মাৰে: গছ হালি থকিলে কাটি তাক বগৰাবলৈ সহজ হয়। আনহাতে তাৰ বাবে বেছি কষ্ট কৰিবও নালাগে। সেই দৰে কোনো দুৰ্বলি লোকক তাৰ দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰি সকলোৱে অপকাৰ কৰিবলৈ আগবাঢ়ে।
হস্তিৰো পিছলে পাৱ, সজ্জনৰো বুৰে নাৱ: ডাঙৰ বা মহৎ লোকৰো কেতিয়াবা কোনো কথাত ভুল হ'ব পাৰে।
হস্তিৰো লাড দেখি শহাই ফাৰে মাৰ্গ: আনৰ উন্নতি, সুখ, আনন্দ দেখি নিজৰ সক্ষমতালৈ নাচাই তাক জোৰ কৰি পাব বিচাৰি নিজে কষ্ট পোৱা।
হয় পো মুখে, নহয় পো গুফে, হয় পো ধনী, নহয় পো লনি: ইয়াত এজন পুৰুষৰ চাৰিটা গুণ থাকিলে কেতিয়াও বিপদত নপৰাৰ কথা প্ৰকাশ কৰিছে। যদি এজন মানুহে সুন্দৰ কথা ক'ব পাৰে, নাইবা গুফযুক্ত অৰ্থাৎ পৌৰষত্ব থাকে, যদি ধনী হয় নাইবা দেখিবলৈ সুন্দৰ হয় তেনেহ'লে তেওঁ যিকোনো এটা গুণ কাৰ্যত খটোৱাই নিজৰ বংশ ৰক্ষা কৰিব পাৰিব।
হাঁহেৰেও ৰাজী, মাঁহেৰেও ৰাজী: যিকোনো কথাতে সন্তুষ্ট হোৱা।
হুলেৰেহে হুল কাঢ়িব পাৰি: কাৰোবাক পৰাস্ত্ৰ কৰিব হ'লে তাৰ সমানেই শক্তি থাকিব লাগে।
কিছুসংখ্যক ফকৰা-যােজনা / ভাব সম্প্ৰসাৰণ / ভাব বহলাই লিখা Wikipedia.org সংগ্ৰহ কৰা









Comments
Post a Comment