কবি ইব্রাহীম আলীৰ ৰচিত অসমীয়া কবিতা সিংহ আৰু ভালুকৰ যুঁজ || Assamese Medium

কবি ইব্রাহীম আলীৰ ৰচিত অসমীয়া কবিতা  সিংহ আৰু ভালুকৰ যুঁজ || Assamese famous poem by Ibrahim Ali


কবি ইব্রাহীম আলীৰ ৰচিত অসমীয়া কবিতা "সিংহ আৰু ভালুকৰ যুঁজ"
অসমীয়া কবিতা


সিংহ আৰু ভালুকৰ যুঁজ 


এখন হাবিত আছিল এটা মৰা হৰিণা পৰি, 

সিংহ এটাই দেখা পাই আহিল লৰালৰি। 

ক’ৰবাৰ এটা নােমাল ভালুকো গৈছিল সিটি বাটে, 

দেখা পালে সিংহ ৰজাক হৰিণাটোৰ স’তে। 

গিৰ গিৰণিত মাটি কঁপাই দিলে দীঘল চোচা, 

সিংহৰ মুখৰ আহাৰ খাব সিও কিন্তু মিছা। 

বন ৰজাই গোঁজৰণিত খলক লগাই দিলে, 

দুয়াে দুইৰো ডিঙিত ধৰি যুদ্ধ আৰম্ভিলে। 

খেদাখেদি, হতাহতি, কামােৰ, আক্রমণ, 

দুয়াে বীৰৰ মহাৰণত হাবিখন হ’ল ছন। 

শিয়ালপণ্ডিত থাকক চুপি উলুৱনিত বহি, 

খৰিয়ালখন দেখি উঠক মনে মনে হাঁহি।

সিংহ-ভালুক যুঁজি খুঁজি চেতন হেৰাল গাৰ, 

দুয়াে দুঠাইত দীঘল দিলে ফেঁপনি হ’ল সাৰ। 

এই সুযােগ কি শিয়াল ককায়ে সহজতে এৰে ? 

এনেয়ে দহবাৰ সিন্ধি দিয়াৰ ফন্দি পাতি ফুৰে। 

লাহে লাহে ওচৰ চাপি ডিঙিত কামােৰ মাৰি, 

টানি নিলে হৰিণাটি চোৰ্চোৰ-চোৰ কৰি। 

গাঁতৰ কাষত লুকাই ৰাখি তিনি দিনমান খালে, 

সিংহ আৰু ভালুকেহে কোৱাৰি চেলেকিলে। 

অনেক বেলিৰ পাচতহে পাই খানিক দেহত বল, 

সিংহ-ভালুক দুয়াে গুচি দুপিনেদি গ'ল। 

মূ্ৰ্খহঁতে কাজিয়াৰ ফল হাতে হাতে পালে, 

মুখৰ আগত পােৱা আহাৰ আনে কাঢ়ি খালে।

                                                   কবি~ইব্রাহীম আলী 


Comments

Popular posts from this blog

অসমীয়া যুক্তাক্ষৰ | যুক্তাক্ষৰ যুক্ত শব্দ গঠন কৰা | অসমীয়া ব্যাকৰণ |Assamese Medium

Amulya Barua Assamese Poem Bandana || assamese Medium

ৰঘুনাথ চৌধাৰীৰ কবিতা All Assamese Poems of Raghunath Choudhary