ককা দেউতা আৰু নাতিলৰা- Koka Deuta Aru Nati Lora Story কুৰুৱা চৰাই আৰু বামুণৰ সাধু

ককা দেউতা আৰু নাতিলৰা- Koka Deuta Aru Nati Lora Story - Hahityarathi Lakshminath Bezbarua Storybook Online reading - কুৰুৱা চৰাই আৰু বামুণৰ সাধু - Assamese storybook - Assamesemedium


 

ককা দেউতা আৰু নাতিলৰা - Koka Deuta Aru Nati Lora story - Hahityarathi Lakshminath Bezbarua Storybook Online reading - Assamese storybook - Assamese medium - Assamese fairytales
ককা দেউতা আৰু নাতিলৰা- Koka Deuta Aru Nati Lora Story


প্রথম সাধু

কুৰুৱা চৰাই আৰু বামুণৰ সাধু


এহাল নিমাখিত বামুণ বামুণী আছিল। এদিন বামুণে গাঁৱলৈ যাওঁতে এটা কুৰুৱা চৰায়ে এটা ৰৌ মাছ ধৰি আনি এখন দলনি পথাৰত আতৌ-পুতৌকৈ খাব খােজা দেখি লৰি গৈ চৰাইটোৰ মুখৰপৰা মাছটো কাঢ়ি আনিলে। মুখৰ টোপটো যােৱা দেখি চৰায়ে আকাশত নিৰাশ হৈ বেজাৰ মনেৰে ক'বলৈ ধৰিলে। “পৰলৈ দুখ কৰা কোনো সকাম নাই।” সেই দিনাৰপৰা কুৰুৱাটোৱে একো নকৰি সদায় মাছটোৰ কথাকে ভাবি থাকে আৰু বামুণক শাও দি আপােনা আপুনি কয়, “মােক যেনেকৈ তই নিৰাশ কৰিলি, তয়াে তেনেকৈ নিৰাশ হবি!” সি মাছৰ কথাকে ভাবি-গুণি থাকি শােকত লাহে লাহে শুকাই-ক্ষীণাই গৈ এদিন মৰি থাকিল। বামুণে মাছটো আনি ঘৰত মহা আনন্দেৰে খাই-বৈ আছে। কিছুদিনৰ মূৰত বামুণৰ এটি ল’ৰা উপজিল। ল'ৰাটি এনে ৰূপহ হৈ উথলি আহিছিল যে, তাক যেয়ে দেখে সেয়ে একোলা ল’বলৈ বিচাৰিছিল। বামুণ বামুণীয়ে ল’ৰাৰ মুখ দেখি ডােক-পিয়াহলৈ পাহৰিছিল। 


আজিকালিকৈ ল'ৰাটো ডাঙৰ হৈ আহিল। ৰূপে-গুণে ল’ৰাক কেউপিনে পেলাব নােৱাৰা দেখি বামুণ বামুণীৰ আনন্দত পাৰ নােহােৱা হৈছিল। আপুতৰ পুত হৈ ল'ৰাটো ইমান মােহ লগা হৈছিল যে বামুণ- বামুণীয়ে তাৰ হৈ সদায় নিজৰ দেহাকে দিবলৈ আগ কৰি থৈছিল। ল’ৰাটি চফল ডেকা হওঁতেই বিধতাৰ বিৰম্বনাত নিঠুৰ কালে বামুণ- বামুণীৰ বুকু উদঙাই তাক মাৰি লৈ গুচি গ'ল। যি দিন ধৰি ল'ৰাটি মৰিল সেই দিন ধৰি বামুণ বামুণীৰ চকুলাে নুগুচা হ’ল। দুয়ােৰা খাৱন- শােন গুচিল আৰু ৰাতিয়ে দিনে দুয়াে নিজৰ হিয়া ধুনি আধামৰা হ'ল। “কাঠচিতীয়া যমে আমাক ইমান জীয়া জুই দিলে, তাকননা পুৱা-গধূলি সদায় ঘোলি থাকিলে সি কেনে পায়” এইবুলি বামুণে সেঁকীটোকে নিতৌ ঘুমুৰ ঘুমুৰকৈ, যমৰ হিয়া খুন্দিছোঁ বুলি কৈ, খুন্দি থাকে। 


বামুণে এনেকৈ দুখ-বেজাৰ কৰি চেঁকী খুন্দি থকা দেখি, এদিন ৰাতি বামুণক সপােনত ক'লে, “তুমি যে সদায় একেৰাহে টেকী খুন্দি হিয়া ভুকুৱাই পুতেৰাক ধিয়াই আছা, সেই পুতেৰাক তুমি দেখিবলৈ পাবা; মাথােন মই এটা কথা কওঁ তাকে তুমি কৰিবা কাইলৈ তুমি ভিতৰৰপৰা দুৱাৰ মাৰি তােমাৰ গােসাঁই-ঘৰতে শুবা আৰু তিনিদিনলৈকে কোনেও তালৈ গৈ তুমি নিজে নুঠা মানে, তােমাক জগাবলৈ হাক দিবা।” 


পিছদিনা পুৱা বামুণে সপােনৰ কথা বামুণীক ভাঙিছিঙি কৈ সেই মতেই তেওঁৰ গাের্সাই-ঘৰৰ ভিতৰত শুই থাকিল। বামুণৰ যেতিয়া ভৰ টোপনি আহিল, তেতিয়া যমদূত এটাই বামুণৰ দেহাটো তাতে থৈ জীৱটো লৈ যমপুৰি পােৱালেগৈ। বামুণে যমপুৰীত ক'ত যে লীলা- খেলা দেখিলে তাৰ সীমা-সংখ্যা নাই; যমদূতে কোনাে কোনাে পাপীক হালে হালে সাঙুৰি খুন্দি তাও কৰিছে কোনােক ওভােতাই মােট চেলাই খাৰণীত জুবুৰিয়াইছে; অঘাইটং পাপীবােৰক সিহঁতৰ জিভাত শলা মাৰি ম'হ টনদি টানি নি নৰক কুণ্ডত পেলাইছে যমদূতবােৰ জুমে জুমে ফুৰি ফুৰিছে, হাে হাে কৰি আহিছেগৈছে। এইদৰে নানা ঠাইত নানা তৰহৰ কথা দেখি বামুণৰ শ্ৰুতিবুদ্ধি হেৰাল আৰু বতাহত আঁহতৰ পাত কঁপাদি ভয়ত বামুণ কঁপিবলৈ ধৰিলে। 


দূতে নি বামুণক যম ৰজাৰ ওচৰত ভেটালেগৈ। বামুণ ভয়ত ঠক্‌ কৰে কঁপা দেখি যমে তেওঁক ক'লে— “বাপুদেউ তুমি ভয় নকৰিবা। তুমি বাৰু এই ডেকা মানুহমখাৰ ফাললৈ চকু দিয়াচোন, তাত তােমাৰ পুতেৰা আছেনে নাই ?” বামুণে সেইফাললৈ চাই দেখিলে যে তেওঁৰ পুতেক তাতে আছে। পুতেকক দেখি বামুণে ৰং মনেৰে যমক ক’লে যে “হয় মহাৰাজ, মােৰ পাে সৌটো।” বামুণৰ উত্তৰ শুনি যমে ক'লে, “তাক ইয়ালৈ মাতাচোন; যদি সি নাহে, তেন্তে তুমিয়েই তাক মাতি আনাগৈ।” বামুণে পুতেকক মাতিলত পুতেক নহা দেখি তাৰ ওচৰলৈকে তেওঁ গৈ “হেৰ বােপাই, মই আহিছো নহয়; তই এইপিনে আহচোন” বুলি মাতিলে। বামুণে এইদৰে তিনি-চাৰিবাৰ মতাে পুতেকে তেওঁৰফালে উভতিকে নােচাৱাত তেওঁ তাক হাতেৰে ঘােকোটা মাৰি ক'লে, “হেৰ, বােপাই, এইফালে চাচোন, মই তােৰ বাপেৰ।” পুতেকে এই কথা শুনি বাপেকৰ ফালে চাই বেজাৰ মাতেৰে ক’বলৈ ধৰিলে, “তই মােক ক’ৰ পাে পাইছহি অ’? মই তােৰ পুতেৰ নহওঁ। তাহানি যে তই কুৰুৱা চৰাইটোক বেজাৰ দি তাৰ মুখৰ টোপটো কাঢ়ি লৈ গৈছিলি, তাৰ পােটক তুলিবলৈহে মই তােৰ পুতেৰ হৈ জনম ধৰিছিলোঁ। এতিয়া মনত পৰিছে নে? মােৰ মনত তই যেনেকুৱা জুই দিছিলি, তােৰ মনতাে মই তেনেকুৱা জুই দি গুচি আহিলোঁ।” 


পুতেকৰ উত্তৰ শুনি বামুণে মন মাৰি তাৰপৰা গুচি আহি যমৰ আগত ক'লে যে, “সেইটো মােৰ পাে নহয়।” বামুণৰ কথা শুনিয়মে তেওঁক ক'লে, “তােমালােকে মােক অকাৰণত দোষ দিছিলা; এতিয়া দেখিলা কাৰ দোষ?” এই বুলি যমে দূতৰ চকুলৈ চাই ঠাৰ দিলত, দূতে বামুণক ততালিকে লৈ আহি আকৌ বামুণৰ গােসাঁই-ঘৰ পােৱাই দেহাটোৰ ভিতৰত সুমুৱাই থৈ গুচি গ'ল। বামুণে সাৰ পাই বামুণীক সপােনৰ সকলাে কথা ভাঙি-পাতি ক’লে, আৰু তেতিয়াৰপৰা বামুণ- বামুণীয়ে মৰিযােৱা পুতেকৰ হকে শােক কৰিবলৈ এৰি পেলালে। 


*****

Comments

Popular posts from this blog

অসমীয়া যুক্তাক্ষৰ | যুক্তাক্ষৰ যুক্ত শব্দ গঠন কৰা | অসমীয়া ব্যাকৰণ |Assamese Medium

Amulya Barua Assamese Poem Bandana || assamese Medium

ৰঘুনাথ চৌধাৰীৰ কবিতা All Assamese Poems of Raghunath Choudhary