ককা দেউতা আৰু নাতিলৰা - Koka Deuta Aru Nati Lora story এক হাতী আৰু ফেচাৰ কথা

ককা দেউতা আৰু নাতিলৰা - Koka Deuta Aru Nati Lora story - Hahityarathi Lakshminath Bezbarua Storybook Online reading - Assamese storybook - Assamese medium - Assamese fairytales - এক হাতী আৰু ফেচাৰ কথা

 

ককা দেউতা আৰু নাতিলৰা - Koka Deuta Aru Nati Lora story - Hahityarathi Lakshminath Bezbarua Storybook Online reading - Assamese storybook - Assamese medium - Assamese fairytales
ককা দেউতা আৰু নাতিলৰা - Koka Deuta Aru Nati Lora story



দ্বিতীয় সাধু
এক হাতী আৰু ফেচাৰ কথা

এক নদীৰ কাষত এক ফেঁচাই এজোপা গছৰ খােৰােঙত বাঁহ লৈ আছিল। সেই গছৰ তলেদি এক গজেন্দ্ৰ নামেৰে হাতীয়ে সদায় পানী খাবলৈ অহা-যােৱা কৰিছিল। দৈবাৎ এদিন ফেঁচাই বাঁহ লােৱা গছজোপা পানীত হালি পৰিল। ফেঁচাই একো উপায় নাপাই হাতীৰে সৈতে সখি বন্ধাই সেই গছডাল পােন কৰি ল'লে। সেই দিনাৰপৰা ফেঁচা আৰু হাতী দুয়াে দুয়ােৰা মহা মিত্র হ’ল। এদিন পার্বতীৰ বাঘে সমাজিক দেখিলে যে সি গজেন্দ্ৰ হাতীৰ মূৰটো খাইছে। স্বপ্নৰ ফলৰ কথা বাঘে মহাদেৱক সােধাত মহাদেৱে বাঘক ক'লে, “স্বপ্নত দেখিছ যেতিয়া, তই গজেন্দ্ৰৰ মূৰটো খাব পা। যা খা গৈ।” 


বাঘে মহাদেৱৰ কথা শুনি সেই নদীৰ কাষলৈ গৈ হাতীলৈ ৰৈ আছে। সিফালৰপৰা হাতী পানী খাবলৈ আহিলত বাঘে হাতীক ক'লে, “ককাই, আজি তােৰ মূৰটো সমাজিকত খাইছিলাে, পিছে ডিঠকতাে খাব পায় নে বুলি মই মহাদেৱক সােধাত মহাদেৱে খাবলৈ মােক আজ্ঞা দিছে; এতেকে এতিয়া মই তােক খাওঁ। তই কি কৰ কৰি ল বেগতে।” বাঘৰ কথা শুনি হাতীৰ মহা ভয় হ’ল- আৰু সি একো নামাতি ৰৈ থাকিল। ফেঁচাই সখিয়েকৰ ভয় দেখি বাঘক। ক'লে, “বাৰু মহাদেৱে যদি তােমাক খাবলৈ দিছে খাবা, তাত কোনাে কথা নাই; কিন্তু কথাটো সঁচা নে মিছা আমি এবাৰ মহাদেউক সুধি লওঁ। 


এতেকে ব’লা আমি তিনিও মহাদেউৰ ওচৰলৈ যাওঁ।” বাঘ ফেঁচাৰ কথাত সন্মত হ’লত তিনিও মহাদেৱৰ ওচৰলৈ বুলি বাট বুলিবলৈ ধৰিলে। কিন্তু ফেঁচাই সিহঁতক পাচ পেলাই আগেয়ে গৈ মহাদেৱৰ আগত পৰি টোপনিৰ ভাও জুৰি তাৰ মূৰটো নচুৱাবলৈ ধৰিলে। মহাদেৱে “ফেঁচাৰ কি হৈছে” বুলি সােধাত ফেঁচাই চম খাই সাৰ পােৱা যেন দেখুৱাই ক'লে, “প্রভু, মই এতিয়াই স্বপ্নত পার্বতীক বিয়া কৰাইছিলো, পাছে ডিঠকতাে বিয়া কৰাবলৈ পাম নে নেপাম?” মহাদেৱে ক'লে, “স্বপ্লত পালি বুলিয়েই পাবি নে? নেপাৱ।” ফেঁচাই ক'লে, “কিয়, তেনেহ'লে বাঘে নাে কেনেকৈ স্বপ্নত গজেন্দ্রক খােবা দেখি ডিঠকত খাবলৈ পালে?” মহাদেৱে ক'লে, “অ, বাঘেও গজেন্দ্রক খাব নােৱাৰে।” এনেতে হাতী আৰু বাঘ আহি ওলালহি। বাঘে হাতীক খাব নােপােৱা শুনি বিমর্ষ হৈ ৰ'ল, হাতীয়ে ফেঁচাৰে সৈতে ৰং মনেৰে গুচি আহিল। 


*****

Comments

Popular posts from this blog

অসমীয়া যুক্তাক্ষৰ | যুক্তাক্ষৰ যুক্ত শব্দ গঠন কৰা | অসমীয়া ব্যাকৰণ |Assamese Medium

Amulya Barua Assamese Poem Bandana || assamese Medium

ৰঘুনাথ চৌধাৰীৰ কবিতা All Assamese Poems of Raghunath Choudhary