ককা দেউতা আৰু নাতিলৰা - Koka Deuta Aru Nati Lora story - ৰাক্ষস পণ্ডিত

ককা দেউতা আৰু নাতিলৰা - Koka Deuta Aru Nati Lora story - Hahityarathi Lakshminath Bezbarua Storybook Online reading - Assamese storybook - Assamese medium - Assamese fairytales ৰাক্ষস পণ্ডিত 


ককা দেউতা আৰু নাতিলৰা - Koka Deuta Aru Nati Lora story - Hahityarathi Lakshminath Bezbarua Storybook Online reading - Assamese storybook - Assamese medium - Assamese fairytales ৰাক্ষস পণ্ডিত Raikokh Pondit
ককা দেউতা আৰু নাতিলৰা - Koka Deuta Aru Nati Lora story



পঞ্চম সাধু
ৰাক্ষস পণ্ডিত 


সত্যকালত এক ৰাক্ষস আছিল। সি মানুহৰ বেশ ধৰি “পণ্ডিত” নাম লৈ এক ৰজাৰ নগৰত পঢ়াশালি পাতিলেহি। ৰাক্ষস পণ্ডিতে তাত সকলােৰে লৰা পঢ়ায়, কেৱল বাঁৰী মানুহৰ লৰাহে নপঢ়ায়। সেই নগৰতে আকৌ এজনী বাৰীৰ এটি ল’ৰা আছিল। পুতেকক পঢ়াবলৈ বাৰীৰ বৰ মন গৈছিল; কিন্তু পণ্ডিতৰ কথা শুনি মন ভােটা হ’ল। মন্ত্ৰীৰে সৈতে বাঁৰী মানুহজনীৰ চিনাকি আছিল। সেই নিমিত্তে বাৰীয়ে মন্ত্রী ওচৰলৈ গৈ তাইৰ ল'ৰাটো মন্ত্ৰীৰ বুলি পঢ়াশালিত পঢ়ুৱাবলৈ পণ্ডিতক দিবলৈ মন্ত্ৰীক খাটনি ধৰিলে। মন্ত্রীয়েও বাঁৰীৰ কথাত লাগি সেই ল’ৰাটো পণ্ডিতৰ হাতত তেওঁৰ নিজৰ পুতেক বুলি পঢ়াবলৈ দিলে। ল’ৰাটিয়ে পণ্ডিতৰ লগতে থাকি লেখা-পঢ়া শিকিবলৈ ধৰিলে। পণ্ডিতে অলৈ-তলৈ গ'লে তেওঁৰ তন্ত্র-মন্ত্ৰ থকা পেৰাটো, মছা ঘৰ এখােটালিত থৈ ল’ৰাটোক ছুবলৈ হাক দি যায়। এদিন ল'ৰাটোৱে পণ্ডিত আঁতৰি গ’লত সেই পেৰাটোতনাে কি আছে মনে মনে মেলি চালে। সি পেৰাটো মেলিলত তাত এটা মানহৰ মূৰ আৰু কিছুমান পুথি-পাজি দেখিবলৈ পালে। সেই পুথিবিলাকত ৰাক্ষসৰ বিদ্যা অর্থাৎ নানান ৰূপ ধৰিব পৰা, মায়া হ’ব পৰা, সর্বজান ইত্যাদি বিদ্যা লিখা আছিল। তেতিয়া বাৰীৰ ল’ৰাই পণ্ডিতক ৰাক্ষস বুলি চিনিবলৈ আৰু বাকী নাথাকিল। সি দিনৌ পণ্ডিত ঘৰলৈ উভতি অহাৰ আগেয়েই লৰালৰিকৈ সেই পুথিবােৰ পঢ়ে আৰু পণ্ডিতে চিন ধৰিব নােৱাৰাকৈ আকৌ আগৰদৰে পেৰাতে থৈ দিয়ে। এইদৰে পঢ়ি সি সেই বিদ্যাত খুব কাটন হৈ পৰিল। পণ্ডিতে কিন্তু এই কথাৰ গমকে ধৰিব পৰা নাছিল। 


এদিন পণ্ডিতে ল’ৰাবিলাকক তেওঁৰ ঘৰ দেখুৱাবলৈ নিবলৈ ইচ্ছা কৰি মাতিলত সকলােবােৰে মাক- বাপেকহঁতক কৈ যি যি পাৰিলে শক্তি অনুসৰি ভাৰ-ভেটি বান্ধি লৈ পণ্ডিতৰ ঘৰলৈ যাবলৈ ওলাল। সিহঁত ওলােৱা দেখি পণ্ডিতৰ আনন্দৰ সীমা নােহােৱা হ'ল আৰু মনে মনে ভাবিবলৈ ধৰিলে “ইহঁতক নি জ্ঞাতি কুটুমেৰে সৈতে ভােজ ৰান্ধি খামগৈ।” ইয়াকে ভাবি পণ্ডিতে ছাতৰবােৰেৰে সৈতে তেওঁৰ ঘৰলৈ খােজ ল’লে। কিছুমান বেলিৰ বাট যােৱাৰ পাছত তেওঁলােকে গৈ এখন নৈ পালেগৈ। নৈ দেখি -ল’ৰাবিলাকে “কেনেকৈ পাৰ হ’ম?” বুলি যেতিয়া পণ্ডিতক সুধিলে, পণ্ডিতে ক'লে, “তাৰ উপায় আছে, বাৰু তহঁতে চকু মুদহঁক। এটাই মােৰ গাত ধৰ, আন এটাই তাৰ গাত ধৰ, এইদৰে এটাইবিলাকে ইটোৰ গাত সিটোৱে ধৰাধৰিকৈ মােৰ পাছে পাছে আহি থাকহঁক আৰু যেতিয়ালৈকে মই তহঁতক চকু মেল নােবােলাে তেতিয়ালৈকে চকু নেমেলিবিহঁক; যদিহে মেল তেনেহলে এই পানীতে ৰবিহঁক।” পণ্ডিত আগ বাঢ়িল। পণ্ডিতৰ গাত বাৰীৰ ল’ৰাই ধৰিলে, তাৰ গাত আন এটা ল’ৰাই ধৰিলে, সেইটোৰ গাত আন এটা ল'ৰাই ধৰিলে, আৰু বাকীবিলাকেও সেইদৰে এটাৰ গাত আনটোৱে ধৰি লানি লাগি পৰিল। সকলােৱে চকু মুদিলে কিন্তু বাঁৰীৰ ল’ৰাই চকু নুমুদিলে। সি পণ্ডিতে ননা কি কৰে তাকে চাই থাকিল। পণ্ডিতে দুটা চুঙা উলিয়ালে; উলিয়াই প্ৰথমটো চুঙাৰে লােহামাৰি নদীখন শুহি পেলাই সিপাৰ হ'লগৈ আৰু দ্বিতীয়টো চুঙাৰে ফু-মাৰি আকৌ আগৰদৰে নৈখন কৰি পেলালে। তাৰ পিছত সিহঁতক চকু মেলিবলৈ কৈ আকৌ আগৰদৰে পণ্ডিত যাবলৈ ধৰিলে। 


কিছুদূৰ বাট যােৱাৰ পাছত সিহঁতে আকৌ এখন নৈ পালেগৈ। এইখনাে আগৰদৰে পণ্ডিতে সিহঁতক পাৰ কৰিলে। কিন্তু এইবাৰ পণ্ডিতে চুঙা দুটা বালিতে পুতি থৈ তাৰ পিছতহে সিহঁতক চকু মেলিবলৈ কৈছিল। এইবাৰাে বাৰীৰ ল'ৰাই আগৰদৰেই চাই আছিল। ঘৰ পাবলৈ অলপমান বাট থাকোতেই পণ্ডিতে সিহঁতক ক'লে, “বােপাহঁত, তহঁত ইয়াতে অলপ ৰ, মই ঘৰৰপৰা আহোঁগৈ, তেহে তহঁতক নিব পাৰিম। মােৰ বৰ দৰকাৰ এটাত বেগাই আগবাঢ়ি যাওঁ, উভতি আহি তিলকতে তহঁতক লৈ যামহি।” সিহঁতে সিহঁতৰ গুৰুৰ কথা খুব শুনিছিল; সেইদেখি সিহঁত পণ্ডিতৰ আজ্ঞামতে তাতে ৰ'ল। পণ্ডিত আহি জ্ঞাতিক ভােজ দিবৰ নিমিত্তে ঠিক-ঠাক কৰিবলৈ ধৰিলে। ল’ৰাবিলাকে পণ্ডিত আহিব বুলি বাট চাই থাকিল, কিন্তু ভালেখিনি বেলি হ’ল, পণ্ডিত নাই। বাৰীৰ লৰাই “ভাইহঁত, মই পণ্ডিতৰ ঘৰৰ পৰা লৰি আহোঁগৈ, তহঁতে ইয়াতে থাক, তেওঁনাে কি কৰিছে মই বেগেতে গৈ চাই আহোঁচোন” বুলি কৈ একে লৰেই পণ্ডিতৰ ঘৰ ওলালগৈ। সেই সময়ত পণ্ডিত ঘৰত নাছিল, দিহিঙে-দিপাঙে থকা ৰাক্ষসবােৰ মাতিবলৈ আৰু পাত-পচলা গােটাবলৈ গৈছিল। ৰাক্ষসৰ ঘৰৰ বেৰত আঁৰি থােৱা মানুহৰ মূৰ দুটাই বাৰীৰ পুতেকক দেখি ক'লে, “হেৰওঁ তই ক'লৈ আহিছ? তােক ৰাক্ষসে খাব, এতিয়াই এই গাঁৱৰপৰা পলা, বেগতে পলা।” সি মূৰ দুটাৰ এই কথা শুনি তাৰপৰা তুন্তে পলাই একে কোবেই লগৰীয়াহঁতৰ লগ পালেহি, পাই সিহঁতক সকলাে। কথা ভাঙি ক'লে। সিহঁতে শুনি ভয়ত থ থ কৰে কঁপিবলৈ ধৰিলে। বাঁৰীৰ ল’ৰাই “কোনাে ভয় নাই, মই আছে, বলহঁক আমি আমাৰ ঘৰলৈ উভতি যাওঁগৈ।” এইবুলি কৈ ঘৰৰফালে খােজ ল’লে। এনেতে সিফালৰ পৰা ৰাক্ষসটো লৰি আহি ল'ৰাবােৰক থােৱা ঠাইত নাপাই, অহা বাটেদি লৰিবলৈ ধৰিলে। 


বাৰীৰ ল’ৰাই, ৰাক্ষসে যেনেকৈ সিহঁতক চকু মুদাই লৈছিল সেইদৰে লৈ, বালিত ৰাক্ষসে পুতি হােৱা চুঙা দুটা উলিয়াই লৈ, এটাত ফু মাৰি নৈৰ পানী শুহি আৰু আনটোত ফু মাৰি পানী উলিয়াই থৈ দুইখন নৈ পাৰ হৈ গ'ল। ৰাক্ষসে খেদি আহি বাৰীৰ ল’ৰাক দূৰৰ পৰা দেখি চিঞৰি চিঞৰি ক'লে, “বাৰু ভাল বুকু চাই কামােৰ মাৰিলি তই! যা, যা, মইও গৈছো পাছতে।” এই কথা কৈ ৰাক্ষস উভতি গ’ল। ইহঁত আহি গাওঁ পাই ঘৰঘৰি গুচি গ'ল। বাৰীৰ ল'ৰাই মাকৰ ওচৰত সকলাে কথা ভাঙি কলেহি আৰু সি ধন আর্জিবৰ মনেৰে মাকক ক'লে, “আই, মই এটা ছাগলী হৈ থাকিম, তই মােক বজাৰত বেচিবলৈ নিবি; আৰু কোনােবাই কিনিবলৈ আহিলে তাক মােৰ পঘাড়াল নিদি মােক বেচি দিবি। মই তােৰ পাছতে ওলামহি।” মাকে তাৰ এই কথা শুনি “বাৰু” বুলি শলাগি থাকিল। পুতেক ছাগলী এটা হ’ল। পাছদিনা মাকে তাক হাটত বেচিবলৈ লৈ গ'ল। পাছে সেই ৰাক্ষসেই ভেশন ধৰি আহি ছাগলীটোত বাৰীয়ে যিমান বেচ বুলিলে সিমান দি ছাগলীটো লৈ গুচি গ'ল। 


বাৰীয়ে ঘৰ পালত বাৰীৰ পিছতে পুতেক আহি ওলালহি। সি পাছদিনা আকৌ এটা ৰাজহাঁহ হৈ থাকিল। মাকে তাক। বেচিবলৈ টোম এটাত ভৰাই লৈ গ'ল। সেই ৰাক্ষসেই বাৰীৰ ল’ৰাক খাবলৈ বুলি আন এটা মানুহ হৈ আহি ৰাজহাঁহটো কিনিলে। এইবাৰাে মাকে টোমটো নিদি ৰাখিলে। হাঁহ বেচি মাক ঘৰ পালেহি, সিও পিছে। পিছে ঘৰ ওলালহি। ৰাক্ষসৰ মনত মহা খং উঠিল আৰু “এইবাৰ কিনিব পাৰিলে তাক যিহতে আনে বা যিহৰে ধৰি বেচিবলৈ আনে সেই বস্তুটো নিদিওঁ” বুলি সি ঠিক কৰিলে। এইবাৰ বাৰীৰ পুতেক ঘোঁৰা এটা হৈ থাকিল। মাতে তাক ধৰি লৈ সেই নগৰৰ বজাৰত বেচিবলৈ লৈ গ'ল। ৰাক্ষসেও সিফালৰ পৰা আহি ঘোঁৰাৰ গৰাকিয়নীয়ে যিমান দাম ক'লে সিমান দামকে দি ঘোঁৰাই-লেকামে লৈ গুচি গ'ল। বাঁৰীয়ে কত ক'লে লেকামড়াল তাইক সি ওভভাতাই দিবলৈ, কিন্তু সি নিদি লৈ গুচি গ'ল। ৰাক্ষসে সেই নগৰৰ নদী এখনৰ কাষতে কোনাে এটা ঘাটত ঘোঁৰাটো খাবলৈ মনতে ঠিক কৰিলে। তেতিয়া ভৰ দুপৰীয়া। ঘোঁৰাটোৱে এবাৰ চল পাই ৰাক্ষসৰ হাতৰপৰা এৰাই পানীত পৰি মাছ এটা হ'ল। ৰাক্ষসে তাক শিহু এটা হৈ খেদি নিবলৈ ধৰিলে। সেই সময়ত ৰজাৰ জীয়েকে 


গা ধুবলৈ সেই নৈলৈকে আহিছিল। ৰজাৰ জীয়েকে গা ধােওঁতে অলঙ্কাৰ-পাতিবােৰ সােলােকাই এটা বাটিত থৈছিল। বাৰীৰ ল’ৰাই পটুকৰে মণি এটা হৈ সেই ৰজাৰ জীয়েকৰ অলঙ্কাৰৰ লগত মিহলি হৈ গ'ল। ৰজাৰ জীয়েকে গা ধুই উঠি সেই মণিটো দেখি সেইটো ক’ৰপৰা তালৈ আহিল, কি কথা, কি বতৰা ইত্যাদি ভাবি-চিন্তি ঠিক কৰিব নােৱাৰি, মণিটো ঘৰলৈ লৈ আহিল। ৰাক্ষসে এটা মানুহ হৈ ৰজাৰ আগত গােচৰ দিলেহি যে ৰজাৰ জীয়েকে তাৰ মণিটো বাটত পাই আনিছে আৰু এতিয়া তাক নিদিব কি বুলি? ৰজাই ৰাক্ষসক “বাৰু তােমাৰ মণিটো যদি ছােৱালীয়ে আনিছে, মই ক'লেই দিব; তাই সৰু ছােৱালী, সেইবােৰৰ ভূ নাপায়, অলপ পৰ ৰ’বা” বুলি কৈ জীয়েকক মতাই আনি মণিটো মানুহটোৰ আগলৈ পেলাই দিলে। মণিটো মাটিত পৰিয়েই এটা সৰিয়হ হ’ল। সৰিয়হ খাবৰ নিমিত্তে মানুহ হৈ থকা ৰাক্ষসটো এটা কপৌ হ’ল। বাৰীৰ ল’ৰাই তৎক্ষণাৎ সৰিয়হ গুচি শেন এটা হৈ কপৌটোৰ বুকুখন ফালি পেলালে। তেতিয়া ৰাক্ষসে নিজ মুর্তি ধৰি এটা ভয়ানক চিঞৰ মাৰি মৰি থাকিল। ৰজাই এইবােৰ চকুৰ আগতে সপােন যেন দেখি ভেবা লাগি ৰ’ল। আন আন মানুহেও তবধ লাগিল। তেতিয়া বাঁৰীৰ লৰাই মানুহ হৈ সকলাে কথা ৰজাক ভাঙি কলত, ৰজাই সন্তোষ পাই জীয়েকক তালৈ বিয়া দি তাক বহিৰজা পাতিলে। বাৰীৰ ল’ৰাই মাককো তাৰ লগলৈ তুলি নি খাই-বৈ সুখেৰে থাকিল। 


*****

Comments

Popular posts from this blog

অসমীয়া যুক্তাক্ষৰ | যুক্তাক্ষৰ যুক্ত শব্দ গঠন কৰা | অসমীয়া ব্যাকৰণ |Assamese Medium

Amulya Barua Assamese Poem Bandana || assamese Medium

ৰঘুনাথ চৌধাৰীৰ কবিতা All Assamese Poems of Raghunath Choudhary