ককা দেউতা আৰু নাতিলৰা- Koka Deuta Aru Nati Lora - Hahityarathi Lakshminath Bezbarua বুঢ়া-বুঢ়ীয়ে বগৰীগুটি ৰােৱা

ককা দেউতা আৰু নাতিলৰা- Koka Deuta Aru Nati Lora Story - Hahityarathi Lakshminath Bezbarua Storybook Online reading বুঢ়া-বুঢ়ীয়ে বগৰীগুটি ৰােৱা 


ককা দেউতা আৰু নাতিলৰা- Koka Deuta Aru Nati Lora Story - Hahityarathi Lakshminath Bezbarua Storybook Online reading বুঢ়া-বুঢ়ীয়ে বগৰীগুটি ৰােৱা Bura buria bogori guti rua
ককা দেউতা আৰু নাতিলৰা- Koka Deuta Aru Nati Lora Story



 চতুর্থ সাধু

বুঢ়া-বুঢ়ীয়ে বগৰীগুটি ৰােৱা 


এটা বুঢ়া আৰু এজনী বুঢ়ী আছিল। এদিন বুঢ়া-বুঢ়ী দুয়াে মাগিবলৈ যাওঁতে বুঢ়াই এটি বগৰীগুটি আৰু বুঢ়ীয়ে এটি কড়ি পালে। দুয়াে ঘৰলৈ গৈ ভালকৈ মাটি এডােখৰ উলিয়াই বগৰী আৰু কড়ি পচাই থ’লে। অৱশেষত কড়ি পচি গ'ল, বগৰীগুটিৰ এটা পুলি গজি এজোপা গছ গৈ বগৰী লাগি পকি আছে। 


বুঢ়াই সদায় বগৰী ৰখিবলৈ মানুহ বিচাৰি ফুৰিছে; এনেতে ওপৰেদি এটা কাউৰী উৰি যােৱা দেখি সুধিলে, “হেৰ কাউৰী, হেৰ কাউৰী, তই মােৰ বগৰী ৰখিব পাৰিবি নে?” সি ঘন্ কৰে “তাত সংশয় নাই” বুলি উত্তৰ দিলে। বুঢ়াই ক'লে, “বাৰু তােৰ মাতটো মােক মাতি শুনাচোন।” তেতিয়া সি “কা কা” কৰি মাতিবলৈ ধৰিলে। তাৰ মাত শুনিয়েই বুঢ়াৰ খং উঠি ক'লে, “যা, যা, যা, তই মােৰ বগৰী খাবিহে।” তাৰ অলপ পাছতে এটা বগলী ওপৰেদি উৰি যােৱা দেখি বুঢ়াই সুধিলে, “হেৰ বগলী তই মােৰ বগৰী ৰখিব পাৰিবি নে?” বগলীয়ে উত্তৰ দিলে, “পাৰিম তাে, নােৱাৰাৰ কাৰণ কি?” বুঢ়াই ক'লে, “বাৰু মােক তােৰ মাতটো মাতি শুনাচোন।” তেতিয়া বগলীয়ে “ক কক” কৰে মাতিবলৈ ধৰিলত “তই বগৰী খাবিহে” বুলি পূর্বৰ দৰে বুঢ়াই তাকো খেদাই দিলে। অৱশেষত এটা ফেঁচু ওপৰেদি উৰি যােৱা দেখি সি সুধিলে, “হেৰ কেঁচু তই মােৰ বগৰী ৰখিব পাৰিবি নে?” ফেঁচুৱে ক'লে, “যদি তুমি কোৱা মই ৰখিব পাৰাে।” বুঢ়াই ক'লে, “বাৰু, তই তােৰ মাতটো মাতি মােক শুনাচোন ?” ফেঁচুৱে মাতিবলৈ ধৰিলে-- 


“ফেঁচু চু ফেঁচাই মৰা। মেই ফেঁচু মানুহ মৰা।।”


মাত শুনা মাত্রকে বুঢ়াই তাক বগৰী ৰখিবলৈ হুকুম দিলে। কেঁচু বগৰী ৰখিবলৈ লাগিল। 


এদিন এজন ৰজাই পহু মাৰিবলৈ গৈ সেই গছৰ গুৰি পাই জনদিয়েক মানুহক গছত উঠি বগৰী পাৰিবলৈ দিলে। মানুহকিটাই বগৰীগছত উঠি আদখিনিমান পাওঁতেই কেঁচুটোৱে থাপ মাৰি সিহঁতৰ চকুকিটা ফুটাই দিলে। মানুহকিটা নিৰুপায় হৈ মাটিত পৰিল। ৰজাই তাকে দেখি বহুত পুৰুষাৰ্থ কৰি কেঁচুটো ধৰাই লৈ তেওঁৰ ৰাণীহঁতৰ হাতত দিলে আৰু ক'লে, “মােক এইটো আজি গধূলিকৈ ভাজি দিব লাগিব।” ৰজা আকৌ চিকাৰলৈ গ'লত, তেওঁৰ ঘৈণীয়েক সাতােজনী একেলগে গােট খাই ধেমেলীয়া সাধু কোৱাকুই কৰি আনন্দ লভি আছে; তাকে দেখি কেঁচুটোৱেও লাহেকৈ মাত লগালে, “বাইদেউহঁত, মই খুব। ভালকৈ গান গাব পাৰোঁ, নাচিবও পাৰোঁ।” এই কথা শুনি তেওঁলােকে ৰং পাই চৰাইটোক গান গাবলৈ মােকোলাই দিলে। চৰাইটোৱে তেওঁলােকৰ আগতে বহুত সময় ঘূৰি ঘূৰি নাচি আছিল। তেওঁলােকে যেতিয়া নাচ দেখি আনন্দত বিডােল হ’লতেতিয়া সি উৰি লৰ মাৰিলে। তেতিয়া সিহঁত আটাইকেইজনী বিবুধি হৈ, চুক-ভেকুলি এটা বিচাৰি আনি ভাজি ৰজাক গধূলি ভাতৰ লগত খাবলৈ দিলে। ৰাতিপুৱা ৰজাই শুই উঠি হাতত লােটা লৈ মুখ ধুবলৈ ধৰিছে, এনেতে ফেঁচুটো উৰি আহি ৰজাক সম্বােধন কৰি ক'লে, “হেৰ ৰজা, কালি তই মােক খাব নােৱাৰিলি; খালি ভেকুলি ভজা।” ৰজাই আচৰিত হৈ এজনী এজনীকৈ আটাইকেউজনী ঘৈণীয়েকক সুধিলে, কিন্তু সৰুজনীৰ বাহিৰে এজনীয়েও সঁচা উত্তৰ নিদিলে। ৰজাই খং উঠি ডাঙৰ কেজনীক হাতীৰে গচকাই মাৰিলে আৰু সৰুজনীক ৰাণী পাতি লৈ খাই-বৈ থাকিল। 


*****

Comments

Popular posts from this blog

অসমীয়া যুক্তাক্ষৰ | যুক্তাক্ষৰ যুক্ত শব্দ গঠন কৰা | অসমীয়া ব্যাকৰণ |Assamese Medium

Amulya Barua Assamese Poem Bandana || assamese Medium

ৰঘুনাথ চৌধাৰীৰ কবিতা All Assamese Poems of Raghunath Choudhary