All About Ratna Kanta Borkakoti And Ratna Kanta Borkakoti All Poems Collection ||Assamese Medium
All About Ratna Kanta Borkakoti And Ratna Kanta Borkakoti All Poems Collection
RatnaKanta Borkakoti All Poems List:
উম্মনা
লুকাই লুকাই
মহাপুৰুষ
শুকতৰা
মিলন
কিয়
দুটি মানুহ
![]() |
| Unmona |
উম্মনা
উম্মনা
-ৰত্নকান্ত বৰকাকতী
আজি নাজানাে কোনে মাতিছে মােক,
মেঘৰ লগত যাবলই,
আজি নুবুজোঁ কোনে গাইছে গান
বতাহে বতাহে অকলই!
আজি নিচিনো কাৰ হাতৰ লেখা
তৰায় তৰায় জ্বলিছে,
আজি নুবুজোঁ তাত কিয়নাে মােৰ
হৃদয় ইমান মজিছে!
আজি উড়িম মাথােন মেঘৰ লগত
নীলিম গগন বিদাৰি,
পূবে-পছিমে যেনিয়ে’ পাওঁ
মধুৰ বাঁহীৰ সঁহাৰি!
![]() |
| Duti Manuh |
দুটি মানুহ
দুটি মানুহ
-ৰত্নকান্ত বৰকাকতী
এটি ঘৰত দুটি মাথোন দুটি মানুহ ধৰে;
এটি খেলে লুকাই সপোন, এটি জলি মৰে
এটি হাঁহে তৰাৰ মুখত ফুলৰ গন্ধ টানি,
এটি কান্দে ধৰাৰ বুকত কূলৰ বন্ধ মানি।
এটি আহে প্ৰিয়ৰ ৰূপত চুচুক্ চামাক্ কৰি;
ইটি থাকে ৰুদ্ধ ঘৰত শূণ্য শয়ন ভৰি!
এটি মুক্ত ! শিশুৰ প্ৰাণত নাচে আকাশ জুৰি;
ইটি যুক্ত আপোন কামত মৰে ডেই পুৰি!
এটি স্তব্ধ গিৰি-গুহা-সৰিৎ-সাগৰ জিনি;
এটি ক্ষুব্ধ ঘুৰি নাপাই ক'তো চিনি!
এটি লৰে বহু বেশে ভঙ্গা-গঢ়াৰ তালে তালে;
ইটি মৰে দেশে দেশে ক্ষণে ক্ষণে কালে কালে।
![]() |
| Lukai Lukai |
লুকাই লুকাই
-ৰত্নকান্ত বৰকাকতী
এইতো সদায় চকুৰ আঁৰত
মহা নীলাম্বৰৰ আগত
লুকাই লুকাই খেলিছা,
এই তো সদায় সূৰ্য্য-চন্দ্ৰ
দুটি চকু বীত-তন্দ্ৰ
পোনাই বেঁকাই মিলিছা;
আহা, লুকাই লুকাই খেলিছা।
এই তো বা-ৰিব্ বায়ুত চ'তৰ
হোলিৰ ফাকু পুঞ্জ ফুলৰ
উৰাই ঘুৰাই মাৰিছা;
এইটো বৰ্ষা ঋতুৰ সোঁতত
ধৰাত হৰ্ষ চকুৰ লোতক
উটাই বুৰাই ঢালিছা
আহা, লুকাই লুকাই খেলিছা
এই তো প্ৰিয়ৰ ৰূপৰ দ্বাৰত
চুচুক্ -চামাক্ হৰ্ষ লাজত
ওলাই সোমাই হাঁহিছা;
এই তো লুব্ধ ক্ষুব্ধ প্ৰাণৰ
আঁচল টানি বিৰহ গানৰ
ঘনাই চিকুট মাৰিছা,
আহা, লুকাই লুকাই খেলিছা।
![]() |
| Mohapurukh |
মহাপুৰুষ
আমাৰ দুজন মহাপুৰুষ
দুজন মাথোঁ হেৰা,
এজন সূৰ্য, এজন চন্দ্ৰ
অসম পোহৰ কৰা।
সূৰ্য শঙ্কৰ চন্দ্ৰ মাধৱ
হৃদয় উজ্জ্বল কৰে,
এটিৰ প্ৰভাত দুটি জ্বলে
আমাৰ ঘৰে ঘৰে!
আমাৰ দুজন মহাপুৰুষ
আন্ধাৰ বিদূৰ কৰে,
আন্ধাৰ গাঁতত সাপৰ মূৰত
মাণিক জ্বলাৰ দৰে।
আমাৰ দুজন মহাপুৰুষ
দুজন মাথোঁ হেৰা,
এজন চন্দ্ৰ এজন চন্দ্ৰ
হৃদয় পোহৰ কৰা।
আমাৰ দুজন মহাপুৰুষ
নমো ভক্তি ভৰে,
ঢালক দুয়ো অমৃত সদায়
আমাৰ ঘৰে ঘৰে।
![]() |
| Huktora |
শুকতৰা
-ৰত্নকান্ত বৰকাকতী
এই যৌৱনৰ সন্ধিয়াৰ
বিলাপ-ডাৱৰে ৰঙা
ম্লান পৰি যােৱা মােৰ
হৃদয়ৰ উদাস আকাশ
নিষ্কলঙ্ক দীপ্তি তুমি!
কোন গগনৰ হেৰাঁ
শুভ্র-প্রাণ শুকতৰা,
জ্বলিছা কি মাধুৰীৰ চকু
টিপিয়াই।
জ্বলি জ্বলি অবিৰাম
জ্বলাবনে মুগ্ধ কৰি
আগন্তুক অন্ধকাৰ
জীৱনৰ মােৰ
বিভাবৰী?
নতু হবা অকস্মাৎ
অদৃশ্য অনন্ত কিবা
চকুৰ আগতে হাঁয়।
চাওঁতেই এটিবাৰ
প্রাণ ভৰি?
জ্বলি তুমি মুগ্ধ কৰাঁ,
কৰাঁ নতু ছলি থই
দগ্ধ, এই ৰােদনৰ
বিক্ষিপ্ত জীৱন।
তেও তুমি মােৰে হেৰাঁ!
তােমাতেই জীৱনৰ
নিতউ নতুন কই
সাঁচি থােৱা অমৃতৰ
নিস্তব্ধ মৰণ!
![]() |
| Milan |
মিলন
-ৰত্নকান্ত বৰকাকতী
সমানে সমানে মিল
এই যে নিখিল
সমনীয়া-বিচাৰিয়ে
আকুল ব্যাকুল;
নই বই সাগৰত গই
পানীয়ে পানীয়ে মিলি
মিলনৰ তৰংগতে
সমুদ্র বাতুল।
নােহোঁ যেবে সমনীয়া
তােমাৰ সমান বিভু,
নহওঁ বিৰাট মই
নহওঁ স্বৰাট,
মিলন তােমাৰে মােৰে
সম্ভব নে বাৰু প্ৰভু
অত ক্ষুদ্র বিৰাটেৰে
অত অকস্মাৎ?
মিলন তােমাৰে মােৰে
অত দৃৰ দূৰণিৰ
ইমান অতুল
হায় ইমান অতুল,
নহয় নে বাৰু মােৰ
সমূলঞ্চে ভুল?
তুমি মাটিৰ পৃথিৱী গঢ়ি
মিহলাই আন্ধাৰ পােহৰ,
তুলিছোঁ যি জীৱনত মােৰ
হর্ষ আৰু বিষাদৰ
বিজুলী লহৰ!
প্রত্যুত্তৰ যদি তাৰ
পাৰাে মই দিব
স্বর্গ আজি মৰততে
সােণৰ বৰণ,
আপােন মনৰ মােৰ
মাধুৰী-ৰাশিৰে
পাৰাে যদি জগতক
কৰিব বৰণ;
স্বর্গ-দ্রষ্টাৰূপে মই
তেতিয়াহে ধাতা
সখিত্ব-গৌৰৱে আহা
তােমাৰ লগত,
মিলনৰ গর্ব লই
মিলন, মিলন কই
মিলি যাম মিলনেৰে
মহান বিশ্বত।
![]() |
| Kio |
কিয়
-ৰত্নকান্ত বৰকাকতী
যদি কামেই মােৰ কেৱল কর্ম
কামেই মােৰ কেৱল ধর্ম
কামেই ধৰাৰ প্রাণ,
কিয় তেন্তে জগৎ জুৰি
বাজে ইমান গান?
কিয় তেন্তে পুৱাতে ইমান
পখীৰ ৰৱ নদীৰ গান?
বিপুল পুলক হাঁয়!
সােণৰ সুৰত নাচে আকাশ
বতাহে কাৰ দিয়ে আভাস
হৃদয় ওপচায়।
কিয় তেন্তে নিতউ নিশা
তৰায় তৰায় জ্বলে শিখা
কিহৰ হােমানল?
কিহৰ উছৱ কিহৰ গান
বর্ণ-গন্ধ-স্পর্শ ইমান
লগায় কৌতুহল?







Comments
Post a Comment