ককা দেউতা আৰু নাতিলৰা - Koka Deuta Aru Nati Lora story - বৰচোৰ
ককা দেউতা আৰু নাতিলৰা - Koka Deuta Aru Nati Lora story - Hahityarathi Lakshminath Bezbarua Storybook Online reading - Assamese storybook - Assamese medium - Assamese fairytales - বৰচোৰ
![]() |
| ককা দেউতা আৰু নাতিলৰা - Koka Deuta Aru Nati Lora story |
তৃতীয় সাধুবৰচোৰ
কোনাে এখন দেশত কিছুমান চোৰ আছিল। সিহঁতৰ ভিতৰত এটা সকলােতকৈ অঘাইটং চোৰ আছিল। সেই চোৰটোক তাৰ লগৰীয়া সৰু আন আন চোৰে বৰ চোৰ' বুলি মাতিছিল। তাৰ এটা পুতেক আছিল। সিও সেই বিদ্যাত বাপেকৰ সমনীয়া হৈছিল। বাপেকে এদিন ভাবিলে, “মই মৰিলে মােৰ পােৱে মােৰ নাম ৰাখিব পাৰিব নে নােৱাৰে এই কথাৰ প্ৰমাণ চাব লগীয়া হ'ল।” ইয়াকে ভাবি এদিন সি পুতেকক ওচৰলৈ মাতি আনি সুধিলে, “বােপাই ঔ, মােৰ আজিকালিকৈ আয়ুস টুটি আহিবলৈ ধৰিছে পাছে তই জানাে মােৰ পাে বুলি চিনাকি দিব পাৰিবি? আৰু বংশৰ নাম ৰাখিব পাৰিবি?” এইবুলি সােধাত পুতেকে উত্তৰ দিলে- “পিতাই, তুমি মােক তুলি-তালি ডাঙৰ-দীঘল কৰিছা যেতিয়া তােমাৰ বিদ্যা’ মই ৰাখিবই লাগিব। নহ'লে তােমাৰাে নাম নুমাব আৰু মােকো লােকে জহৰা বুলি হাঁহিব।” এই কথা শুনি বাপেকে ৰং পাই ক'লে, “মােৰ বােপাই তই মােৰ নাম ৰাখিবি বুলি মই আশা কৰিছে। কিন্তু তেনেহ'লে তই এটা মহলাত উঠিব লাগিব, তেহে মােৰ মনৰ খুকুৰি যাব।” এদিন বাপেকে পুতেকৰ ইণ্টাহান পাতি ৰাতি তাৰ ঘৰৰ সকলাে লােটা বাটিবােৰত পানী ভৰাই, পুতেকক বাহিৰত উলিয়াই থৈ, দুৱাৰ-ঘৰ মাৰি শুই থাকিল। ৰাতি দুপৰ হলত পুতেক চুৰ কৰিবলৈ সাজু হ'ল। সি ঘৰৰ কেউপিনে চাই দেখিলে যে, সিন্ধি দিয়াৰ বাহিৰে আন উপায় নাই। সিন্ধি দিলেও, বাপেক নিজেই চোৰ গতিকে বাপেকে সাৰ পালে তাৰ পলাবলৈ টান হ'ব। ইয়াকে ভাবি আন এটা উপাই চিন্তি সি ওচৰৰ হাবিৰপৰা কেইডালমান দীঘল নল আনিলে। নলকেইডাল লৈ লাহেকৈ সি চালৰ ওপৰত উঠিল আৰু য'ত লােটা- বাটিবিলাক আছিল ঠিক সেইপিনেই এটি সৰু বিন্ধা কৰি সেই বিন্ধাটোৱেদি লােটাকলহৰ পানীবিলাক নলেৰে শুহি আনিলে। শেহত বাপেকে সিমানতে সাৰ নােপােৱা দেখি সি বিন্ধাটো ডাঙৰ কৰি সেইপিনেই সৰকি বেৰেদি বগাই ভিতৰ সােমাল; আৰু লাহেকৈ দুৱাৰ মেলি লৈ লৰালৰিকৈ লােটাকলহবােৰ বাহিৰলৈ উলিয়ালে। সিমানতাে বাপেকে সাৰ নােপােৱা যেন দেখি সি এডাল জৰী আনি বাপেকক হাতে-ভৰিয়ে বান্ধিলে আৰু এনেভাৱে বাহিৰলৈ দাঙি আনিলে যে বুঢ়াই পাটীত শুয়েই আছে নে কি কৰিছে গমকে ধৰিব নােৱাৰিলে। যেতিয়া সি বুঢ়াক মাটিত থ’লেহি তেতিয়াহে বুঢ়াই সাৰ পালে আৰু পুতেকক নথৈ শলাগি বস্তুবিলাক ভিতৰ সুমাই শুই থাকিল।
এইদৰে বাপেক-পুতেকে নিজ বৃত্তি চলাই-মেলি অনেক দিন আছে। এদিন বাপেক-পুতেক দুয়াে ৰজাৰ ঘৰত ৰাণীৰ অলঙ্কাৰ চুৰ কৰি আনিবলৈ মন কৰি সিন্ধি দিলেগৈ। বহুত আঁতৰৰ পৰা সিহঁতে সিন্ধিটো লৰালৰিকৈ খানি নি ৰাণী শুই থকা পালেঙৰ তলত ওলালগৈ। বাপেক- পুতেক দুয়াে পালেঙৰ তলৰপৰা চাই দেখিলে যে বেটী দুজনীৰ টোপনি আহিছে, চাকিটো তেল নাইকিয়া হৈ নুমাব লগা হৈছে, ৰাণীয়েও টোপনিত ঘােঘােৰাব লাগিছে। ইফালে পালী-পহৰীয়াও নাই। এনেতে বাপেকে পালেঙৰ তলৰপৰা ওলাই ৰাণীৰ গাৰ অলঙ্কাৰবিলাক সােলােকাই আনি পুতেকৰ হাতত দিলে; কিন্তু ডিঙিৰ হাৰধাৰ থাকি গ’ল। সেইদেখি পিছবাৰ সেই হাৰধাৰ আনিবলৈ গৈ সি ৰাণীৰ ডিঙিত হাত দিওঁতেই ৰাণীয়ে সাৰ পাই “কোন কোন” বুলি উঠিল। এনেতে চোৰক মােৰে পালে। পালীপহৰীয়াও জাপ মাৰি একে খেদাতে তাৰ ওচৰ পালেহি। বুঢ়া সাৰিবৰ উপক্ৰম কৰি সিন্ধিত সােমাওঁতেই তাৰ ঠেংটোতে সিহঁতে ধৰি পেলালে। যেতিয়াই সিহঁতে তাৰ ঠেঙত ধৰিলে, পুতেকে বহুত কথা ভাবি-চিন্তি বুঢ়াৰ মূৰটো কাটি লৈ গুচি গ'ল।
ৰজাৰ মানুহে ঠেঙত ধৰি বুঢ়াক টানি আনি চাই দেখে, তাৰ মূৰটো নাই, কেৱল গাডােখৰহে আছে। সেইবাবে চোৰটো কোন ঠিক কৰা টান হ'ল। সেই মুহূর্ততে ৰজাক সকলাে বৃত্তান্ত জনােৱা হ'ল। ৰজাই তেতিয়াই তেওঁৰ কটোৱালহঁতক মাতি আনি পাচিলে যে “তহঁত দিহাদিহি যা, ক’ত মানুহে কান্দে, ক’ত মানুহে খৰি দিয়ে, তাৰ ভূ লহঁক। য’তে মানুহক খৰি দিয়া দেখ বা য’তে মানুহক কন্দা শুন তাৰপৰা সিহঁতক মােৰ গুৰিবলৈ ধৰি আনিবি।” সেই কথা শুনি কটোৱালবােৰ দিহাদিহি গ'ল।
ইফালে বৰচোৰৰ পুতেকে বাপেকৰ মূৰটো কাটি আনি মাকক সকলাে বৃত্তান্ত ক'লে। মাকে সেই কথা শুনি কান্দিবলৈ ৰাউচি ধৰােতেই পুতেকে মাকৰ ভৰিত দীঘল দি পৰি ক'বলৈ ধৰিলে, “আই, এতিয়া মই পিতৃবধী। তুমি যদি চিঞৰি চিঞৰি কান্দা তেনেহ'লে ৰজাৰ মানুহে শুনি লৰি আহিব আৰু মােক নথৈ শাস্তি কৰি মাৰিব। তাকে চাই তুমি যদি কান্দা কান্দা।” সেই কথা শুনি মাকে কোনােমতে কান্দোন সামৰি থাকিল আৰু পুতেকক ক'লে, “বােপাই মােৰ অন্তৰত ইমান বেজাৰ লাগিছে যে যদি মই কিছুমানপৰ নাকালো তেন্তে মই থিৰেৰে থাকিবই নােৱাৰোঁ।” পুতেকে মাকক বুজাই কলে যে কান্দিবৰ অনেক সময় আছে আৰু যদি কান্দিবই লাগে, দেখা-শুনাকৈ কন্দাই ভাল। এইদৰে দুয়ােৰাে বেজাৰ দুয়ােতে থৈ পিছদিনা পুৱা মাকে এজোৰ গাখীৰ গুড়, একঠামান চকোৱা চাউল লৈ ভাৰখন পাতি, আগতে পুতেকৰ কান্ধত ভাৰখন দি পাছে পাছে ছােৱালী খুজিবলৈ ওলাই যােৱাৰ ছলেৰে যাবলৈ ধৰিলে। এনেতে পুতেক পিচলি পৰিল আৰু গাখীৰ-গুড়ৰ কলহ দুটা ভাগিল। মাকে সেইবাবে পুতেকক মাৰিলে আৰু ইয়াকে চেলু লৈ দুয়াে হুওৱৰাৱে কান্দিবলৈ ধৰিলে। ইফালে ৰজাৰ কটোৱালে কান্দোন শুনি। আহি কন্দাৰ কাৰণ সােধাত জানিব পাৰিলে যে কোনাে মানুহ মৰাৰ কাৰণে সিহঁতে কন্দা নাই; সিহঁত দুখীয়া মানুহ, গাখীৰ-গুড় ভগাতহে সিহঁতে কান্দিছে। সেইদেখি কটোৱালহঁতৰ মৰম লাগি মাক-পুতেকক কড়ি দুআঁৰা দি থৈ গুচি গ'ল।
পাছদিনা তিলনি পৰিল। কিন্তু বাপেকক তেতিয়ালৈকে খৰি দিয়া নহ'ল। পুতেক বিবুদ্ধি। খৰি দিবও নােৱাৰি; ৰজাৰ কটোৱালে ধৰিব। ভাবি-চিন্তি সি বুধি উলিয়ালে যে খৰি দিয়াৰ লগে লগে পিণ্ডৰ দিহা কৰিব লাগে। ইয়াকে ভাবি সি হাবিৰ মাজলৈ বাপেকৰ মূৰটো লৈ গ'ল; বহুত কাঠৰ তলত মূৰটো থ’লে আৰু ওপৰত দুটা চৰুত মগুমাহ, জহা চাউল দি তলত জুই জ্বলাই দিলে। যেতিয়া মূৰত জুই লাগিলগৈ, মানুহ পােৰাৰ গােন্ধো চাৰিওপিনে ওলাই গ'ল। গােন্ধ পাই কোটোৱালহঁত লৰি আহিল। আহি সিহঁতে দেখিলে যে তাত মানুহ পােৰা নাই; এক সন্যাসীয়ে গাত ছাই সানি ভাং হুপি জুইৰ ওচৰতে বহি আছে। সিহঁতে সন্যাসীক ভক্তিভাৱে সেৱা কৰিলে। সন্যাসীয়েও সিহঁতক অভয় দি ওচৰলৈ মাতিলে আৰু ভাং খুৱাই ভােল নিয়াই প্রসাদ খাবলৈ দিলে।
যেতিয়া বাপেকৰ মূৰ পােৰা শেষ হ’ল তেতিয়া সিহঁতক সন্যাসীয়ে সেই ভাতকে খুৱাই পঠিয়াই দিলে। ইয়াৰ পিছত পুতেকে ঘৰলৈ গুচি আহি মাকৰ আগত সকলাে বৃত্তান্ত ভাঙি ক’লত মাকৰ আনন্দ মিলিল।
আকৌ বাপেকৰ কাজৰ সময় হ’লহি। তাৰ নিমিত্তে সি সকলাে দিহা-পােহা কৰিলে আৰু মাহৰ শেষত ৰাতি কাজ পাতিবলৈ ঠিক কৰিলে। কিয়নাে, ৰজাৰ পুৰােহিতজন কুকুৰীকণা। সি কাজৰ দিনা ৰাতি গৈ বামুণক কান্ধতকৈ লৈ আহিলগৈ। বামুণৰ ঘৰৰ পৰা বৰচোৰৰ ঘৰলৈ আহোঁতে এখন সৰু নৈ আৰু এটা গড় পাৰ হ’ব লাগে। সি সেই নৈ আৰু গড় দুয়ােটাকেই বামুণক সাতবাৰকৈ পাৰ কৰালে আৰু তাৰ সাতােটা নাম বামুণৰ আগত ক'লে। তাৰ পিছত ঘৰ পাই সি বামুণৰ হতুৱাই কাজ কৰাই বৰণত ৰজাঘৰীয়া অলঙ্কাৰবােৰ দি বামুণক আকৌ কান্ধতকৈ আনি ৰজাৰ বৰ-চ’ৰাতে বহুৱাই থৈ গুছি গ'ল। পিছদিনা ৰাতিপুৱাই আকৌ সি গৈ বৰচ'ৰাৰ এচুকত পেট পেলাই পৰি থাকিলগৈ।
ৰাতিপুৱা ৰজাৰ মানুহবিলাক উঠি দেখে যে, ৰজাৰ পুৰােহিতে চোৰে নিয়া ৰজাঘৰীয়া অলঙ্কাৰবােৰ পিন্ধি ৰজাৰ চ'ৰাত বহি আছে। এই খবৰ গৈ ৰজাৰ কাণত পৰিলগৈ। ৰজা লৰালৰিকৈ আহি দেখে যে কথা সঁচা; পুৰােহিতে কলে যে কোনে তেওঁক ৰাতি সেইদৰে তাত বস্ত্রাই থ'লে তেওঁ ক'ব নােৱাৰে। ৰজাই ঘাই বিষয়াসকলেৰে সৈতে মেলত বহিল। শেষত কোনােমতে চোৰ উলিয়াবৰ বুধি নাপাই ৰজাই চোৰক ধন্যবাদ দিব লগাত পৰিল। তেতিয়া ৰজাই ক'লে যে, “যদি মই এই চোৰটোক পাওঁ, তেন্তে সত্যে সত্যে কৈছোঁ তাক মােৰ ডেকা মন্ত্রী পাতিম।” এই কথা শুনি বৰচোৰৰ পুতেকে লাহেকৈ গা উলিয়াই দীঘল দি পৰি ক'লে, “স্বৰ্গদেউ! কাটক বা মাৰক, ময়ে সেই চোৰ”। পাত্র-মন্ত্ৰী সকলাে আচৰিত হ'ল, ৰজাই অবাক। কিন্তু এতিয়া আৰু কি কৰিব? প্রতিজ্ঞা কৰিলে যেতিয়া তেওঁ তাক ডেকা-মন্ত্রী পাতিব লগীয়া হ'ল।
*****

Comments
Post a Comment