ককা দেউতা আৰু নাতিলৰা- Koka Deuta Aru Nati Lora Story - Hahityarathi Lakshminath Bezbarua Storybook Online reading বুঢ়া-বুঢ়ীয়ে বগৰীগুটি ৰােৱা ককা দেউতা আৰু নাতিলৰা- Koka Deuta Aru Nati Lora Story চতুর্থ সাধু বুঢ়া-বুঢ়ীয়ে বগৰীগুটি ৰােৱা এটা বুঢ়া আৰু এজনী বুঢ়ী আছিল। এদিন বুঢ়া-বুঢ়ী দুয়াে মাগিবলৈ যাওঁতে বুঢ়াই এটি বগৰীগুটি আৰু বুঢ়ীয়ে এটি কড়ি পালে। দুয়াে ঘৰলৈ গৈ ভালকৈ মাটি এডােখৰ উলিয়াই বগৰী আৰু কড়ি পচাই থ’লে। অৱশেষত কড়ি পচি গ'ল, বগৰীগুটিৰ এটা পুলি গজি এজোপা গছ গৈ বগৰী লাগি পকি আছে। বুঢ়াই সদায় বগৰী ৰখিবলৈ মানুহ বিচাৰি ফুৰিছে; এনেতে ওপৰেদি এটা কাউৰী উৰি যােৱা দেখি সুধিলে, “হেৰ কাউৰী, হেৰ কাউৰী, তই মােৰ বগৰী ৰখিব পাৰিবি নে?” সি ঘন্ কৰে “তাত সংশয় নাই” বুলি উত্তৰ দিলে। বুঢ়াই ক'লে, “বাৰু তােৰ মাতটো মােক মাতি শুনাচোন।” তেতিয়া সি “কা কা” কৰি মাতিবলৈ ধৰিলে। তাৰ মাত শুনিয়েই বুঢ়াৰ খং উঠি ক'লে, “যা, যা, যা, তই মােৰ বগৰী খাবিহে।” তাৰ অলপ পাছতে এটা বগলী ওপৰেদি উৰি যােৱা দেখি বুঢ়াই সুধিলে, “হেৰ বগলী তই মােৰ বগৰী ৰখিব পাৰিবি নে?” বগলীয়ে উত্তৰ দিলে, “পাৰিম...